உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Jorhat Mob Lynching : ফাষ্টট্ৰেক আদালতত হ’ব অনিমেশ হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ, ১৫ দিনৰ ভিতৰত আৰক্ষীক চাৰ্জশ্বিট দিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

    Jorhat Mob Lynching : ফাষ্টট্ৰেক আদালতত হ’ব অনিমেশ হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ, ১৫ দিনৰ ভিতৰত আৰক্ষীক চাৰ্জশ্বিট দিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

    নিশাই যোৰহাটলৈ ৰাওনা হয় আছুৰ কেন্দ্ৰীয় নেতৃত্ব। আছুৰ সভাপতি দীপাংক নাথ আৰু প্ৰকাশ দাসে নিশা যোৰহাটত উপস্থিত হৈ ঘটনাৰ বুজ লয়।

    নিশাই যোৰহাটলৈ ৰাওনা হয় আছুৰ কেন্দ্ৰীয় নেতৃত্ব। আছুৰ সভাপতি দীপাংক নাথ আৰু প্ৰকাশ দাসে নিশা যোৰহাটত উপস্থিত হৈ ঘটনাৰ বুজ লয়।

    নিশাই যোৰহাটলৈ ৰাওনা হয় আছুৰ কেন্দ্ৰীয় নেতৃত্ব। আছুৰ সভাপতি দীপাংক নাথ আৰু প্ৰকাশ দাসে নিশা যোৰহাটত উপস্থিত হৈ ঘটনাৰ বুজ লয়।

    • Share this:
    মানৱ সভ্যতাক লজ্জানত কৰা এখ কাণ্ড সংঘটিত হ’ল যোৰহাটৰ মাজমজিয়াত। ট্ৰাক ষ্টেণ্ডৰ সমীপত এদল উন্মত্ত গুণ্ডা বাহিনীয়ে মৰিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰিলে এজন ছাত্ৰ নেতাক। দিন দুপৰতে নগৰৰ মাজ মজিয়াত উন্মত্ত দলটোৱে হত্যা কৰে সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ (Student Union Golaghat district) ব্ৰহ্মপুত্ৰ আঞ্চলিক সমিতিৰ শিক্ষা সম্পাদক অনিমেশ ভূঞাক। ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িতৰ অভিযোগত ১১জনক গ্ৰেপ্তাৰ কৰা হৈছে।

    আজি পুৱাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অনিমেশৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰী ৰণোজ পেগু। ফাষ্টট্ৰেক আদালতত এই গোচৰ চলিব বুলি মন্তব্য কৰে ৰণোজ পেগুৱে। ১৫ দিনৰ ভিতৰত আৰক্ষীক চাৰ্জশ্বিট দিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী ৰণোজ পেগুৰ সৈতে উপস্থিত থাকে বিধায়ক ৰূপজ্যোতি কুৰ্মীও।

    ইফালে, নিশাই যোৰহাটলৈ ৰাওনা হয় আছুৰ কেন্দ্ৰীয় নেতৃত্ব। আছুৰ সভাপতি দীপাংক নাথ আৰু প্ৰকাশ দাসে নিশা যোৰহাটত উপস্থিত হৈ ঘটনাৰ বুজ লয়।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: