உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Jorhat Mob Lynching : অনিমেশ হত্যাকাণ্ড! এজাক উন্মাদ পশুৰ হাতত প্ৰাণ গ’ল এটা সম্ভাৱনাৰ, ভুল কাৰ আছিল!

    Jorhat Mob Lynching : অনিমেশ হত্যাকাণ্ড! এজাক উন্মাদ পশুৰ হাতত প্ৰাণ গ’ল এটা সম্ভাৱনাৰ, ভুল কাৰ আছিল!

    মোহন দাসেই মাতি আনি ৰাজপথত মেলি দিছিল উন্মাদ পশুৰ দলটোক। সহায় কৰিবলৈ যোৱা অনিমেশ আৰু তেওঁৰ দুই বন্ধুক ঠেলি দিছিল এজাক উন্মাদ নৰাধমৰ হাতত।

    মোহন দাসেই মাতি আনি ৰাজপথত মেলি দিছিল উন্মাদ পশুৰ দলটোক। সহায় কৰিবলৈ যোৱা অনিমেশ আৰু তেওঁৰ দুই বন্ধুক ঠেলি দিছিল এজাক উন্মাদ নৰাধমৰ হাতত।

    মোহন দাসেই মাতি আনি ৰাজপথত মেলি দিছিল উন্মাদ পশুৰ দলটোক। সহায় কৰিবলৈ যোৱা অনিমেশ আৰু তেওঁৰ দুই বন্ধুক ঠেলি দিছিল এজাক উন্মাদ নৰাধমৰ হাতত।

    • Share this:
    দেশ জোকাৰি যোৱা অভি–নীল হত্যাকাণ্ডৰ পিছত পুনৰ অসম মুলুকত একে ধৰণৰ জঘন্য, বৰ্বৰ, নিৰ্লজ্জ, মানৱতাক লজ্জানত কৰা আন এটা ঘটনা সংঘটিত হ’ল। এইবাৰ ঘটনাৰ স্থান যোৰহাট।

    যোৰহাট নগৰৰ মাজ মজিয়াত দিন–দুপৰতে হত্যাৰ বলি হ’ল এজন ছাত্ৰ নেতা। এদল উদণ্ড গুণ্ডা বাহিনীয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক সমিতিৰ শিক্ষা সম্পাদক অনিমেশ ভূঞাক।

    এই সাধাৰণ ঘটনা আছিল। স্কুটী চলাই আহি পথৰ ওপৰত বাগৰি পৰা মোহন দাস নামৰ এগৰাকী বয়সীয়াল ব্যক্তিক দুই বন্ধুসহ সহায় কৰিবলৈ গৈছিল অনিমেশে। কিন্তু সুৰাসক্ত হৈ অহা বুলি অভিযোগ উঠা উক্ত ব্যক্তিজনে অনিমেশহঁতৰ সৈতে কাজিয়াত লিপ্ত হৈ একাংশ যুৱকক ঘটনাস্থলীলৈ মাতি দিয়ে। আৰু যুৱকৰ দলটো ঘটনাস্থলীত উপস্থিত হৈ  অনিমেশৰ লগতে দুই বন্ধুক উপৰ্যুপৰি প্ৰহাৰ কৰে। দলটোৰ নেতৃত্বত আছিল মোহন দাসৰ পুত্ৰ ক’লা ল’ৰা ওৰফে নীৰজ দাস। উন্মাদ যুৱকৰ দলটোৰ আক্ৰমণত দুৰ্ভাগ্যজনকভাৱে মৃত্যুক আঁকোৱালি লয় অনিমেশ নামৰ সম্ভাৱনাপূৰ্ণ যুৱকজনে।

    কিন্তু যোৰহাট নগৰৰ মাজ মজিয়াত সংঘটিত হোৱা এই নৃশংস কাণ্ডক সহজভাৱে ল’ব পৰা নাই বহুতে। ঘটনাক লৈ উদ্ৰেগ ঘটিছে বিভিন্ন প্ৰশ্নৰ। প্ৰশ্ন উদয় হোৱাৰে কথা! শ শ লোকৰ মাজত কেনেকৈ এজন যুৱকক মৰিয়াই শেষ কৰি পেলাব পাৰে! ঘটনাস্থলীত উপস্থিত থকা লোকসকল কিয় নীৰৱ দৰ্শক হৈ হাত সাবটি থাকিল? এজন যুৱকক চকুৰ সন্মুখতে নৃশংসভাৱে প্ৰহাৰ কৰাৰ দৃশ্য দেখি তেওঁলোকৰ বুকু কঁপি নুঠিলনে এবাৰো?

    প্ৰত্যক্ষদৰ্শীৰ মতে, ঘটনাৰ প্ৰায় আধা ঘণ্টা পিছত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈছিল। ঘটনাস্থলীত ট্ৰাফিক পুলিচ আছিল যদিও মাৰপিটৰ ঘটনা নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। ঠিক আছে, এজন বা দুজন ট্ৰাফিক পুলিচে সেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰিবও পাৰে! কিন্তু তেওঁলোকৰ দায়িত্ব আছিল এনে এক নৃশংস ঘটনা দেখাৰ পিছত শীঘ্ৰে আৰক্ষী থানাত খবৰ দিয়াটো। সেই কামটোও কৰিব নোৱাৰিলেনে? ঘটনাস্থলীত থকা লোকসকলে কিয় অৱগত কৰিব নোৱাৰিলে আৰক্ষী থানাত? কেনেকৈ তেওঁলোকে চাই থাকিব পাৰিলে এজন উঠি অহা যুৱকক হত্যা কৰাৰ দৃশ্য!

    যোৰহাটৰ অনিমেশ ভূঞা হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

    কোনো জকাইচুকৰ গাঁও বা অঞ্চল আছিল সেয়া। সদাব্যস্ত যোৰহাট নগৰৰ মাজমজিয়া। য’ত সততে আৰক্ষী–নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা দেখা যায়। কিন্তু এনে এক ঘটনাৰ সময়ত ক’ত আছিল আৰক্ষী? হেলমেট নিপিন্ধিলে ফাইন কটিবলৈ ৰৈ থকা আৰক্ষীয়ে কিয় গম নাপায় এনেধৰণৰ ঘটনাৰ কথা। যোৰহাট নগৰৰ মাজমজিয়াত সংঘটিত এটা ঘটনাৰ খবৰ পাওঁতে কিয় আৰক্ষীৰ ইমান সময় লাগিল?

    ঘটনাত জড়িত ১৩জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জালত পৰিছে মূল অভিযুক্ত ক’লা ল’ৰা ওৰফে ক’লা গুণ্ডা ওৰফে নীৰজ দাস। এই ক’লা গুণ্ডাই নেতৃত্ব লৈছিল এই সমগ্ৰ কাণ্ডৰ। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘটনাৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত কৰাৰ নিৰ্দেশ দিছে। আৰক্ষীক ১৫ দিনৰ ভিতৰত চাৰ্জশ্বিট দাখিলৰ নিৰ্দেশ দিছে। কিন্তুৰ আৰম্ভণি কৰিছিল ক’লা গুণ্ডাৰ পিতৃ মোহন দাসে।

    ‘মদাহী বৰ্তা’ এই মোহন দাসকো তদন্তৰ আওতালৈ অনা উচিত! মোহন দাসেই মাতি আনি ৰাজপথত মেলি দিছিল উন্মাদ পশুৰ দলটোক। যাৰ ফলত দেশবাসীৰ ওচৰত পুনৰ লজ্জিত হ’বলগা হ’ল অসম। সহায় কৰিবলৈ যোৱা অনিমেশ আৰু তেওঁৰ দুই বন্ধুক ঠেলি দিছিল এজাক উন্মাদ নৰাধমৰ হাতত।

    নীল–অভিৰ হত্যাকাণ্ডৰ সেই ঘাঁ টুকুৰা শুকুৱাই নাই। আকৌ সেই ঘটনাৰে পুনৰাবৃত্তি হ’ল অসমত। এতিয়া সকলোৰে দাবী, শীঘ্ৰে হ’ব লাগে অনিমেশ হত্যাৰ ন্যায় বিচাৰ। আইনৰ সুৰুঙাৰে যাতে অপৰাধী কোনোপধ্যে সাৰি যাব নোৱাৰে। এই সুৰুঙা নামাৰিলে পুনৰ ওলাই আহি এনে বৰ্বৰ কাণ্ড সংঘটিত কৰি নিজৰ ৰূপ দেখুৱাই থাকিব।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: