உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Jorhat Mob Lynching : যোৰহাটৰ অনিমেশ ভূঞা হত্যাকাণ্ডৰ কোনো দোষী সাৰি নাযায়, জি পি সিঙক তদন্তৰ দায়িত্ব : মুখ্যমন্ত্ৰী

    Jorhat Mob Lynching : যোৰহাটৰ অনিমেশ ভূঞা হত্যাকাণ্ডৰ কোনো দোষী সাৰি নাযায়, জি পি সিঙক তদন্তৰ দায়িত্ব : মুখ্যমন্ত্ৰী

    দেশ কঁপাই যোৱা এই হত্যাকাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে আৰক্ষী কিয় আহি নাপালে তাৰ তদন্ত হ’ব লাগে।

    দেশ কঁপাই যোৱা এই হত্যাকাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে আৰক্ষী কিয় আহি নাপালে তাৰ তদন্ত হ’ব লাগে।

    দেশ কঁপাই যোৱা এই হত্যাকাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে আৰক্ষী কিয় আহি নাপালে তাৰ তদন্ত হ’ব লাগে।

    • Share this:
    যোৰহাটৰ অনিমেশ ভূঞা হত্যাকাণ্ডৰ কোনো দোষী সাৰি নাযায়। এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অহা ১ মাহৰ ভিতৰত অভিযোগনামা দাখিল হ’ব। জি পি সিঙক ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হৈছে। কোনো দোষী সাৰি নাযায়। ইফালে, অনিমেশৰ পৰিয়ালক ৫ লাখ টকাৰ আর্থিক সাহায্য দিয়াৰ কথাও সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

    আনহাতে, দেশ কঁপাই যোৱা এই হত্যাকাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সিদ্ধাৰ্থ ভট্টাচাৰ্যই কয় যে আৰক্ষী কিয় আহি নাপালে তাৰ তদন্ত হ’ব লাগে। আৰক্ষীৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই ইয়াৰ উচিত তদন্ত কৰিব লাগে। দায়িত্বত থকাসকল তদন্তৰ আওতালৈ আহিব লাগে। Mob Lynching জাতীয় অপৰাধৰ বাবে আইন আছেই, তাৰ সদব্যৱহাৰ হ’ব লাগে।

    ইফালে, অনিমেশ ভূঞাৰ হত্যাকাণ্ডৰে জড়িত অপৰাধীৰ হৈ ওকালতি নকৰে যোৰহাট উকিল সন্থাই। আজি এক জৰুৰী সভা আয়োজন কৰি এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে উকীল সন্থাই। কোনো সদস্যই ওকালতি কৰিলে বহিষ্কাৰ কৰা হ’ব সন্থাৰ পৰা।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: