
নিশা আৰক্ষীৰ বাহনৰ পৰা পলায়নৰ চেষ্টা চলোৱাৰ সময়তে পিছত থকা গাড়ীৰ খুন্দাত নিহত হয় ক’লা ল’ৰা ওৰফে নীৰজ দাস।
নিশা আৰক্ষীৰ বাহনৰ পৰা পলায়নৰ চেষ্টা চলোৱাৰ সময়তে পিছত থকা গাড়ীৰ খুন্দাত নিহত হয় ক’লা ল’ৰা ওৰফে নীৰজ দাস।
যোৰহাটৰ অনিমেশ হত্যাকাণ্ডৰ (Jorhat Mob Lynching) মাষ্টাৰমাইণ্ড ক’লা ল’ৰা ওৰফে নীৰজ দাসৰ মৃত্যু হৈছে। নিশা আৰক্ষীৰ বাহনৰ পৰা পলায়নৰ চেষ্টা কৰিছিল ক’লা ল’ৰাই। কিন্তু পিছফালে থকা আৰক্ষীৰ বাহনৰ খুন্দাত নিহত হয় ক’লা ল’ৰা। এই দুৰ্ঘটনাত আহত হয় আৰক্ষীৰ লোকো।
ক’লা ল’ৰাৰ মৃত্যুৰ পিছতে সন্তোষ প্ৰকাশ কৰিছে অনিমেশৰ পৰিয়ালৰ লগতে সমগ্ৰ যোৰহাটবাসীয়ে। সংবাদ মাধ্যমৰ আগত অনিমেশৰ মাতৃয়ে কান্দি কান্দি কয় – ‘‘মোৰ ল’ৰাটোক যদি সোধা–পোছা কৰি মাৰধৰ কৰিলেহেঁতেন, তেতিয়া বেলেগ কথা আছিল। কোনো সোধা–পোছা নাই, মাৰি মাৰি মাৰিয়ে পেলালে। মাত নাইকিয়া ল’ৰাটোক মাৰি পেলালে। মোৰ ল’ৰাটোৱে ওলোটাই এচাট নিদিলে, হয়তো এচাট দিয়াহেঁতেন সি সাৰিলেহেঁতেন। সি চাগে সেইখিনি সময়ত বাচিবলৈ কিমান যত্ন কৰিছিল! সেইকাৰণে, সেইটো ল’ৰাটো মৰা বুলি জানিব পাৰি আনন্দিত হৈছো। খালী মাকলৈ বেয়া লাগিছে, মোৰ নিচিনাই সেইজনী মাক। মাক আছে যদি মাকলৈ বেয়া লাগিছে। মাকৰ চাগে বুকুৱে কান্দিছে। কিন্তু মোৰ তালৈ বেয়া লগা নাই।’’
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|