যেনে কৰ্ম, তেনে ফল! এজন নিৰীহ ছাত্ৰ নেতাক ৰাজপথত মৰিয়াই মৰিয়াই হত্যা কৰাৰ ফল এটা দিনৰ পিছতে পালে ক’লা ল’ৰাই। ভগৱানৰ আদালতত বিচাৰ হ’ল দাগী অপৰাধী ক’লা ল’ৰা ওৰফে নীৰজ দাসৰ। ৰাজপথত গুণ্ডাগিৰি চলাই এক উজ্জ্বল সম্ভাৱনাক হত্যা কৰা ক’লা ল’ৰাৰ নিথৰ দেহ এতিয়া বগা কাপোৰৰ তলত পৰি ৰৈছে হাস্পতালৰ মৰ্গত।
যোৱানিশা ড্ৰাগছৰ সন্ধানত ক’লা ল’ৰাক লগত লৈ অভিযান চলোৱাৰ সময়তে মৃত্যুৱে পিছ লৈছিল ক’লা ল’ৰাৰ। আৰক্ষীৰ দলটোৰ গাড়ীৰ পৰা ক'লা ল’ৰাই পলাবলৈ চেষ্টা কৰে। সেই সময়তে আৰক্ষীৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনাত ক'লা ল’ৰা গুৰুতৰভাৱে আহত হয়। আহত অপৰাধীজনক আৰক্ষীয়ে ততাতৈয়াকৈ যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
ক’লা ল’ৰাৰ মৃত্যুৰ পিছতে এতিয়া সন্তোষ প্ৰকাশ কৰিছে যোৰহাটবাসীৰ লগতে সমগ্ৰ অসমবাসীয়ে। ছচিয়েল মিডিয়াতো ক’লা ল’ৰাৰ মৃত্যুৰ খবৰ ভৰি পৰিছে। অধিকসংখ্যক ব্যৱহাৰকাৰীয়ে ক’লাৰ এই মৃত্যুত সন্তোষ প্ৰকাশ কৰা দেখা গৈছে। বিভিন্নজনৰ মত – ভগৱানে উচিত বিচাৰ কৰিলে। যেনে কৰ্ম, তেনে ফল।
আনহাতে, হত্যাৰ বলি হোৱা ছাত্ৰ নেতা অনিমেশৰ মাতৃয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘‘তাৰ মৃত্যুৰ খবৰ পাই আনন্দ পাইছো, কিন্তু বেয়া লাগিছে মাকজনীলৈ। মোৰ দৰেই সেইজনীও এজনী মাক।’’ এতিয়া বাকীসকল অভিযুক্তকো আইনী প্ৰক্ৰিয়াৰ জৰিয়তে উচিত শাস্তিৰ দাবী তুলিছে যোৰহাটবাসী ৰাইজে।
ৰাইজৰ এই প্ৰতিক্ৰিয়া চিৰাচৰিত ন্যায়িক ব্যৱস্থাৰ লেহেমীয়া গতি আৰু ন্যায়পালিকাৰ প্ৰতি ৰাইজৰ ক্ৰমাৎ আস্থা ভংগৰ যেন সূচক। গণতান্ত্ৰিক দেশ এখনত 'এক্সট্ৰা জুডিচিয়েল' মৃত্যুৰ উদযাপনৰ এই ধৰণৰ ঘটনা ভৱিষ্যতৰ কাৰণে একপ্ৰকাৰ উদ্বেগজনক।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|