পথ নিৰ্মাণেৰে নজিৰ স্থাপনৰ দিশে যোৰহাটৰ বিধায়ক, অচিৰেই নতুন হৈ পৰিব যোৰহাটৰ পৌৰ এলেকাৰ প্ৰায় সকলো পথ

সমষ্টিটোৰ গ্ৰামাঞ্চলসমূহৰ সকলো পথ অহা তিনি বছৰৰ ভিতৰত পকী হৈ পৰিব বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে।
সমষ্টিটোৰ গ্ৰামাঞ্চলসমূহৰ সকলো পথ অহা তিনি বছৰৰ ভিতৰত পকী হৈ পৰিব বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে।
- News18 Assam
- Last Updated: December 29, 2020, 10:55 AM IST
অচিৰেই যোৰহাট বিধানসভা সমষ্টিৰ পৌৰ এলেকাসমূহত বেয়া পথ এটাও নোহোৱা হৈ পৰিব। যোৰহাট বিধানসভা সমষ্টিৰ নগৰ তথা গ্ৰামাঞ্চলৰ পথ যোগাযোগ ব্যৱস্থাৰ ৰূপ একপ্ৰকাৰ সলনি কৰি পেলালে যোৰহাটৰ বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে।
বিধায়কগৰাকীৰ বিগত প্ৰায় চাৰে চাৰি বছৰীয়া কাৰ্যকালত যোৰহাট নগৰৰ মূল পথসমূহ দুয়োফালৰ পদপথ পৰ্যন্ত বহলকৈ নিৰ্মাণ কৰা হয়। ইয়াৰ উপৰি নগৰৰ পৌৰসভাৰ অন্তৰ্গত এলেকাসমূহত প্ৰায়বোৰ পথেই নলাসহ নতুনকৈ নিৰ্মাণ কৰা হৈছে। বিধায়কগৰাকীয়ে বিভাগীয় বিষয়াসকলক লগত লৈ পুৱাৰ ভাগত প্ৰায়ে নিজে জৰীপ চলাই যোৰহাট সমষ্টিৰ পথ আৰু নলা নিৰ্মাণত সৰ্বাধিক গুৰুত্ব আৰোপ কৰি আহিছে। আৰু ইয়াৰ ফলস্বৰূপে যোৰহাটৰ অধিকাংশ ঠাইৰে পথসমূহে লাভ কৰিছে নতুন ৰূপ।
"মই মোৰ কাৰ্যকালত সৰ্বাধিক গুৰুত্ব দিলো পথ আৰু নলা নিৰ্মাণত। আৰু দুমাহৰ ভিতৰত যোৰহাট পৌৰ এলেকাৰ প্ৰায় সকলোবোৰ পথেই নতুন হৈ পৰিব। বহু নলাও নিৰ্মাণ কৰা হৈছে। সমান গুৰুত্ব গ্ৰামাঞ্চলটো দিয়া হৈছে। অৱশ্যে গ্ৰামাঞ্চলৰ সকলো পথ পকী কৰি তুলিবলৈ আৰু প্ৰায় তিনিবছৰৰ প্ৰয়োজন হ’ব। এই সময়ছোৱাত যোৰহাটৰ উন্নয়ন কিমান হৈছে সেয়া ৰাইজে পূৰ্বৰ সৈতে তুলনা কৰি চালেই অনুভৱ কৰিব।", যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে এনেদৰে কয়।
সেয়েহে যোৰহাট বিধান সভা সমষ্টিত আগন্তুক নিৰ্বাচনত বিজেপিৰ বাবে মূল ইছ্যু হ’ব উন্নয়ন। সমষ্টিটোৰ উন্নয়নৰ ছবিখন আগত ৰাখিয়েই বিৰোধীক ধৰাশায়ী কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিছে বিজেপিয়ে।