দেশৰ ভিতৰতে উজলিল যোৰহাট চিকিৎসা মহাবিদ্যালয়

News18 Assam | News18-Assam
Updated:September 15, 2020, 6:49 PM IST
দেশৰ ভিতৰতে উজলিল যোৰহাট চিকিৎসা মহাবিদ্যালয়
JMC এম চি আই ৰিজনেল চেণ্টাৰৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ ১৪খন আৰু পশ্চিম বংগৰ ১৪খন চিকিৎসা মহাবিদ্যালয় আছে।

JMC এম চি আই ৰিজনেল চেণ্টাৰৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ ১৪খন আৰু পশ্চিম বংগৰ ১৪খন চিকিৎসা মহাবিদ্যালয় আছে।

  • News18 Assam
  • Last Updated: September 15, 2020, 6:49 PM IST
  • Share this:
দেশৰ ভিতৰতে উজলিল যোৰহাট চিকিৎসা মহাবিদ্যালয়। ফেকাল্টিসকলক প্ৰশিক্ষণ প্ৰদানেৰে অধিক দক্ষ কৰি তোলা দিশৰ পৰা দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ এম চি আই ৰিজনেল চেণ্টাৰে।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ২০১৯ চনত স্থাপন কৰা এম চি আই ৰিজনেল চেণ্টাৰ ফৰ মেডিকেল এডুকেচন টেকনলজিছে দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছে সৰ্বাধিক সংখ্যক ফেকাল্টিক নতুন মেডিকেল পাঠ্যক্ৰমৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদানৰ জৰিয়তে। ২০১৯ বৰ্ষত পূব ভাৰতৰ ২৮খন চিকিৎসা মহাবিদ্যালয়ত Curriculum Implementation Support Programmeৰ অধীনত ফেকাল্টিসকলক ৩২টা প্ৰশিক্ষণ প্ৰদান কৰিছিল JMC ৰিজনেল চেণ্টাৰে। ইয়াৰে 8টা প্ৰশিক্ষণ JMCত অনুষ্ঠিত হোৱাৰ বিপৰীতে ২৪টা প্ৰশিক্ষণ বিভিন্ন চিকিৎসা মহাবিদ্যালয়সমূহত অনুষ্ঠিত হৈছিল। ইয়াৰ  জৰিয়তে উত্তৰ পূৰ্বাঞ্চল আৰু পশ্চিম বংগৰ মুঠ ৬৯২ গৰাকী ফেকাল্টিক প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল।

ফেকাল্টিৰ  সংখ্যা তথা মুঠ প্ৰশিক্ষণৰ সংখ্যা এই দুয়োটাই দেশৰ ১২টা ৰিজনেল চেণ্টাৰৰ ভিতৰত সৰ্বাধিক আৰু সেই দিশেৰে দেশৰ ভিতৰতে শীৰ্ষস্থানত আছে যোৰহাট চিকিৎসা মহাবিদ্যালয় এম চি আই ৰেজনেল চেণ্টাৰ ফৰ এম ই টি।

"এয়া আমাৰ কেন্দ্ৰটোৰ প্ৰশিক্ষকসকলৰ কষ্টৰ ফল। যোৱা বৰ্ষত আমাৰ অধীনত থকা ২৮খন চিকিৎসা মহাবিদ্যালয়ৰ ফেকাল্টিসকলৰ প্ৰশিক্ষণৰ বাবে আমাৰ কেন্দ্ৰৰ দহগৰাকী প্ৰশিক্ষকে বহু কষ্ট কৰিছিল। নতুন মেডিকেল পাঠ্যক্ৰমৰ বাবে এই প্ৰশিক্ষণ অতি প্ৰয়োজনীয়।", জে এম চি এম চি আই ৰিজনেল চেণ্টাৰৰ সমন্বয়ক ডাঃ পূৰ্ণিমা বৰুৱাই এনেদৰে কয়।

ফেকাল্টিসকলৰ বাবে এই প্ৰশিক্ষণ অতিকৈ গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হৈছে। কাৰণ ২০বছৰৰ পিছত ভাৰতত মেডিকেল পাঠ্যক্ৰম সলনি কৰা হৈছে আৰু বিগত বৰ্ষৰ পৰা এয়া প্ৰযোজ্য হৈছে। Competency Based Medical Education Curriculumৰ ওপৰত National Faculty Development Programৰ অধীনত ফেকাল্টিসকলক JMCৰ এম চি আই ৰিজনেল চেণ্টাৰৰ প্ৰশিক্ষকসকলে এই প্ৰশিক্ষণ প্ৰদান কৰিছিল।

উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ এই এম চি আই আঞ্চলিক কেন্দ্ৰটোত মুঠ ১০গৰাকী প্ৰশিক্ষক আছে আৰু তেওঁলোকৰ প্ৰত্যেকেই এডভান্স ক’ৰ্চ ইন মেডিকেল এডুকেচন সম্পূৰ্ণ কৰা। উল্লেখযোগ্য যে বৰ্তমান চিকিৎসা মহাবিদ্যালয়সমূহৰ শিক্ষকসকলৰ বাবে বেছিক ক’ৰ্চ ইন মেডিকেল এডুকেচন বাধ্যতামূলক কৰা হৈছে যিটো প্ৰদান কৰা হয় এই আঞ্চলিক কেন্দ্ৰসমূহৰ জৰিয়তে।

JMC এম চি আই ৰিজনেল চেণ্টাৰৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ ১৪খন আৰু পশ্চিম বংগৰ ১৪খন চিকিৎসা মহাবিদ্যালয় আছে।

"দুটা দশকৰ পিছত মেডিকেল পাঠ্যক্ৰম সলনি হৈছে। CBME কাৰিকুলামৰ অধীনত পাঠ্যপুথিৰ লগতে হাতে–কামে পাঠদান কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। ৰোগীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰাৰ দৰে বিষয়ৰ ওপৰতো পাঠদান কৰা হ’ব। এনে আৰু বহু নতুন দিশ এই পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। যাৰ বাবে শিক্ষকসকলক এই পাঠ্যক্ৰমৰ বাবে প্ৰশিক্ষণ দিয়া হৈছে। আৰু আমাৰ কেন্দ্ৰই সেয়া ভালদৰে কৰিছে।", জে এম চি এম চি আই ৰিজনেল চেণ্টাৰৰ সহঃ সমন্বয়ক ডাঃ মানৱ নাৰায়ণ বৰুৱাই এনেদৰে কয়।

ফেকাল্টিসকলক প্ৰদান কৰা এই প্ৰশিক্ষণৰ গুৰুত্ব অপৰিসীম। কাৰণ নতুন মেডিকেল পাঠ্যক্ৰমত ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যপুথিৰ লগতে হাতে–কামে পাঠদানৰ ব্যৱস্থা কৰা হৈছে। লগতে ৰোগীৰ সৈতে বাৰ্তালাপ কৰাকে ধৰি আৰু বিভিন্ন দিশ এই নতুন পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে।
Published by: Sanjay Kumar Das
First published: September 15, 2020, 6:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading