সংস্থাপনৰ কেৱল প্ৰতিশ্ৰুতি দিলে, এতিয়া দিন হাজিৰা নকৰিলে নচলে ঘৰ!- শৌৰ্য চক্ৰৰে সন্মানিত বীৰ শ্বহীদৰ পৰিয়ালৰ দুৰৱস্থা দেখিলে চকু সেমেকি উঠিব আপোনাৰ

জম্মু-কাশ্মীৰৰ বুদগামত উগ্ৰপন্থীৰ সৈতে হোৱা সংঘৰ্ষত বীৰৰ দৰে যুজি প্ৰাণ আহুতি দিছিল ভাৰতীয় সেনাবাহিনীৰ নায়ক যোৰহাটৰ সোমেশ্বৰ শইকীয়াই।
জম্মু-কাশ্মীৰৰ বুদগামত উগ্ৰপন্থীৰ সৈতে হোৱা সংঘৰ্ষত বীৰৰ দৰে যুজি প্ৰাণ আহুতি দিছিল ভাৰতীয় সেনাবাহিনীৰ নায়ক যোৰহাটৰ সোমেশ্বৰ শইকীয়াই।
- News18 Assam
- Last Updated: November 27, 2020, 3:11 PM IST
সেনা বাহিনীৰ শীৰ্ষ বিষয়াৰ দুৱাৰে দুৱাৰে ঘূৰি কাৰ্যত কোনো সঁহাৰি নাপাই বৰ্তমান এক হতাশজনক জীৱন পাৰ কৰিছে শ্বহীদ জোৱানজনৰ পৰিয়ালটোৱে। শ্বহীদ সেনা জোৱানৰ পৰিয়ালৰ দুৰাৱস্থাই শেহতীয়াকৈ বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে। বিভিন্ন কৰ্তৃপক্ষৰ পৰা অৱহেলিত হৈ হাজিৰা কৰিব জম্মু কাশ্মীৰত শ্বহীদ হোৱা বীৰ জোৱান সোমেশ্বৰ শইকীয়াৰ পত্নী আৰু পুত্ৰই ।
১৯৮২ চনত ভাৰতীয় সেনা বাহিনীৰ ৮ নং আচাম ৰেজিমেণ্টত নিযুক্তি লাভ কৰিছিল যোৰহাটৰ পুৰণি মাটি ফটা গাঁৱৰ সোমেশ্বৰ শইকীয়াই। পিছলৈ ভাৰতীয় সেনা বাহিনীৰ ৩৫ RR বেটেলিয়নৰ নায়ক ৰূপে সোমেশ্বৰ শইকীয়া শ্ৰীনগৰৰ বুদগামত ১৯৯৫ চনৰ ১৭ অক্টোবৰত উগ্ৰপন্থীৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি শ্বহীদ হৈছিল।
১৯৯৭ চনৰ ২৭ মাৰ্চত মৰণোত্তৰ ভাৱে শৌৰ্যচক্ৰ সন্মানেৰে সন্মানিত কৰা হৈছিল শ্বহীদ সোমেশ্বৰ শইকীয়াক। দ্বিতীয় সন্তানটিৰ জন্মৰ পিছতে কৰ্তব্য থলীলৈ ওলাই যোৱা নায়ক সোমেশ্বৰ শইকীয়া আৰু ঘৰলৈ উভতি নাহিল। শ্বহীদ সোমেশ্বৰ শইকীয়াই এৰি থৈ যায় তেওঁৰ বৃদ্ধ মাতৃ আৰু দুই সন্তানসহ পত্নীক ।
" সেইদিনা তেওঁৰ ডিউটি নাছিল। তেওঁৰ বন্ধুজনৰ গা বেয়া হোৱা বাবে তেওঁ ওলাই গৈছিল এই অভিযানত। তেওঁ প্ৰাণ বিসৰ্জন দিলে যদিও কেইবাটাও উগ্ৰপন্থীক গুলিয়াই মাৰিবলৈ সক্ষম হৈছিল। আমি সকলোৱে তেওঁক লৈ গৌৰৱ কৰো। তেওঁ সেইবাৰ দ্বিতীয় সন্তানটিৰ জন্মৰ পিছতে ঘৰৰ পৰা কৰ্তব্যথলীলৈ গৈছিল।- শ্বহীদ সোমেশ্বৰ শইকীয়াৰ পত্নী ভাৰতী শইকীয়াই এনেদৰে কয় ।
বীৰ সেনা জোৱানজনৰ মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালে লাভ কৰিছিল মুঠ চাৰি লাখ টকা। জম্মু কাশ্মীৰ চৰকাৰৰ পৰা দুই লাখ আৰু অসম চৰকাৰৰ পৰা দুই লাখ টকা লাভ কৰিছিল পৰিয়ালটোৱে। কেৱল পেন্সন লাভ কৰি থকা বীৰ শ্বহীদগৰাকীৰ পত্নীয়ে তেওঁলোকৰ পৰিয়ালত এটা সংস্থাপন বিচাৰি বিগত সময়ছোৱাত বহুবাৰ সেনাবাহিনীৰ কাৰ্যালয়সমূহলৈ তাতবাতি কৰি আহিছে যদিও কাৰোৰে পৰা লাভ কৰা নাই গুৰুত্ব। সকলোৱে কেৱল আশ্বাস প্ৰদান কৰি আহিছে। শ্বহীদ সোমেশ্বৰ শইকীয়াৰ এজন পুত্ৰই JMCHত ঠিকাদাৰৰ অধীনত দৈনিক ২৪০ টকা হাজিৰাত চাফাই কৰ্মী হিচাবে কাম কৰে। আনহাতে পত্নী ভাৰতী শইকীয়াই পুত্ৰৰ বাবে সংস্থাপনৰ ব্যৱস্থা কৰিব নোৱাৰি যোৰহাটৰ আৰ্মী নাৰ্চাৰি স্কুলত মাজতে দৈনিক ১৪১ টকা হাজিৰাত ঝাৰু মৰা, ঘৰ মোচাৰ দৰে কাম কৰিছিল। বিভাগীয় ভাৱে সংস্থাপনৰ আৱেদন কৰাৰ পিছত তেওঁলোকৰ ঘৰলৈ বহু বাৰ সেনাবাহিনীৰ বিষয়াৰ দল আহিছে। কিন্তু দুটা যুগ পাৰ হৈ যোৱাৰ পিছতো নল’লে একো ব্যৱস্থা।
শেহতীয়াকৈ পৰিয়ালটোৱে শেষ আশা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনৰ ওপৰত।