• Home
  • »
  • News
  • »
  • assam
  • »
  • Azan in School: চৰকাৰী বিদ্যালয়ৰ প্ৰাৰ্থনা সভাত আজান বিতৰ্ক, প্ৰধান শিক্ষকলৈ শিক্ষা বিভাগৰ কাৰণ দৰ্শোৱাৰ জাননী

Azan in School: চৰকাৰী বিদ্যালয়ৰ প্ৰাৰ্থনা সভাত আজান বিতৰ্ক, প্ৰধান শিক্ষকলৈ শিক্ষা বিভাগৰ কাৰণ দৰ্শোৱাৰ জাননী

Azan in School: ২০১৩ চনত প্ৰাদেশীকৰণ হোৱা বিদ্যালয়খন বহু কষ্টৰে স্থাপন কৰি আজিৰ পৰ্যায় পোৱাৰ পাছত এনে বিতৰ্ক সূচনা হোৱাত প্ৰধান শিক্ষক গৰাকী মানসিক ভাৱে ভাগি পৰা বুলি উল্লেখ কৰে।

Azan in School: ২০১৩ চনত প্ৰাদেশীকৰণ হোৱা বিদ্যালয়খন বহু কষ্টৰে স্থাপন কৰি আজিৰ পৰ্যায় পোৱাৰ পাছত এনে বিতৰ্ক সূচনা হোৱাত প্ৰধান শিক্ষক গৰাকী মানসিক ভাৱে ভাগি পৰা বুলি উল্লেখ কৰে।

Azan in School: ২০১৩ চনত প্ৰাদেশীকৰণ হোৱা বিদ্যালয়খন বহু কষ্টৰে স্থাপন কৰি আজিৰ পৰ্যায় পোৱাৰ পাছত এনে বিতৰ্ক সূচনা হোৱাত প্ৰধান শিক্ষক গৰাকী মানসিক ভাৱে ভাগি পৰা বুলি উল্লেখ কৰে।

  • Share this:
মৰিয়নিৰ পূব যোৰহাট শিক্ষা খণ্ডৰ অন্তৰ্গত হেমলাই জ্ঞান বিকাশ প্ৰাথমিক বিদ্যালয়ত যোৱা ৩ জুন তাৰিখে প্ৰাৰ্থনা সভাত পঞ্চম শ্ৰেণীৰ এজন ছাত্ৰই আজান দিয়া ভিডিঅ' চছিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। ইফালে বিষয়টো ৰাজ্য চৰকাৰৰ দৃষ্টি গোচৰ হোৱাত অনুসন্ধানৰ বাবে শনিবাৰে পুৱা যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, আৰক্ষী অধীক্ষক মোহনলাল মিনা, অতিৰিক্ত উপায়ুক্ত শিক্ষা বিভাগৰ কবিতা ফুকন বিদ্যালয়খনত উপস্থিত হৈ বিষয়টো অনুসন্ধান কৰে।

বিদ্যালয়খনত চলি থকা গুণোৎসৱৰ দিনা পুৱা প্ৰাৰ্থনা সভাত ছাত্ৰছাত্ৰীসকলে বিহু, ঝুমুৰ, ৰাভা সংগীত পৰিবেশন কৰাৰ সমন্তৰালভাবে উক্ত ছাত্ৰজনে নিজৰ স্বকীয় প্ৰতিভা প্ৰকাশৰ উদ্দেশ্যে ইচ্ছাকৃতভাবে আজান পৰিবেশন কৰা বুলি অনুসন্ধানৰ পিছত সাংবাদিকক জানিব দিয়ে যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে। ছাত্ৰজনক আজান পৰিবেশন কৰিবৰ বাবে কোনেও উচতনি দিয়া নাছিল বা ই কোনো পূৰ্ব পৰিকল্পিত নাছিল বুলিও উপায়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। উপায়ুক্তগৰাকীৰ মন্তব্যৰ পাছতে আজান বিতৰ্ক সামৰনি পৰিছিল যদিও জিলা প্ৰাথমিক শিক্ষা বিষয়া ড° শুভলক্ষ্মী ৰাজকুমাৰী স্বাক্ষৰিত এখন শ্ব'কজ পত্ৰ বিদ্যালয়খনৰ প্ৰধান শিক্ষক প্ৰণৱ আৰান্ধৰালৈ অহাত এই ঘটনাই পুনৰ নতুন মোৰ লৈছে।

প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে শিক্ষা বিষয়া গৰাকীয়ে গুণোৎসৱত অসম সেৱা বিধি উলংঘা কৰি প্ৰাৰ্থনা সভা আয়োজন কৰাৰ অভিযোগ উত্থাপন কৰা লগতে এনে কাৰ্যৰ  দ্ধাৰা ছাত্ৰ ছাত্ৰী আৰু সমাজক বিপথে পৰিচালিত কৰা বুলি উল্লেখ কৰিছে। এনে অপৰাধৰ বাবে 'অসম সেৱা বিধি ১৯৬৪-ৰ ভাগ ৩  উপবিধি(১) ৬' অনুসৰি কিয় বিভাগীয় শাস্তি প্ৰদান কৰা নহ'ব বুলি কাৰণ দৰ্শাই তিনি দিনৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ জাৰী কৰিছে।



২০১৩ চনত প্ৰাদেশীকৰণ হোৱা বিদ্যালয়খন বহু কষ্টৰে স্থাপন কৰি আজিৰ পৰ্যায় পোৱাৰ পাছত এনে বিতৰ্ক সূচনা হোৱাত প্ৰধান শিক্ষক গৰাকী মানসিক ভাৱে ভাগি পৰা বুলি উল্লেখ কৰে। স্থানীয় সচেতন ৰাইজে এই বিষয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাম্প্ৰদায়িক বিষ বাষ্প বিয়পাবলৈ চেষ্টা কৰা দুষ্ট চক্ৰক চিনাক্ত কৰি শাস্তি বিহিবলৈ দাবী জনোৱা লগতে আজান বিতৰ্ক সামৰণি মাৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে।

মনকৰিবলগীয়া যে ছাত্ৰজনে আজান আওৰোৱা দৃশ্যটো সম্পাদনা কৰি পৰিকল্পিত ভাৱে এটা দুষ্টা চক্ৰই চছিয়েল মিডিয়াত  আপলোড কৰি চৰকাৰী বিদ্যায়খনত প্ৰাৰ্থনাৰ সলনি আজান দিয়া বুলি অপপ্ৰচাৰ চলোৱাত হিন্দুত্ববাদী নেতা সকল বিদ্যালয় খনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি