ছচিয়েল মিডিয়াই যিদৰে বহু সময়ত উপকাৰ সাধন কৰে তাৰ বিপৰীতে ছচিয়েল মিডিয়াত আনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য লিখি বিপদতো পৰে বহুজন। যোৰহাটত শেহতীয়াকৈ দেশৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য প্ৰকাশ কৰি ৰঙাঘৰৰ আলহী হ’বলগা হৈছে যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰী।
যোৰহাটৰ এগৰাকী যুৱকে ফেচবুকত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ওপৰত প্ৰকাশিত এটা পষ্টত মন্তব্য প্ৰকাশ কৰিছিল। লগে লগেই সৃষ্টি হল তুমুল প্ৰতিক্ৰিয়াৰ। অৱশেষত এগৰাকী বিজেপি কৰ্মীৰ এজাহাৰৰ ভিত্তিত যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী অভিলাষ দত্তক।
যোৰহাট নগৰৰ পূব বঙালপুখুৰীৰ বাসিন্দা তথা যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী অভিলাষ দত্তক প্ৰথম অৱস্থাত এই পষ্টটো ফেচবুকৰ পৰা আতৰাই দিবলৈ বিজেপিৰ কৰ্মকৰ্তাই কৈছিল। কিন্তু গণতান্ত্ৰিক দেশত চৰকাৰী কৰ্মচাৰী হ’লেও নিজৰ মনৰ ভাৱ প্ৰকাশৰ অধিকাৰ আছে বুলি প্ৰত্যুত্তৰ দিয়ে অভিলাষে। আৰু অৱশেষত এই পষ্টটোক লৈ ক্ষুন্ন হৈ পৰা যোৰহাট বিজেপিৰ গ্ৰাম্য মণ্ডলৰ অ’বিচি মৰ্চাৰ সাধাৰণ সম্পাদক বিনয় লিখকে অভিলাষ দত্তৰ বিৰুদ্ধে যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰে। আৰু এই সন্দৰ্ভত গোচৰ ৰুজু হোৱাৰ পিছতে আৰক্ষীয়ে অভিলাষ দত্তক গ্ৰেপ্তাৰ কৰে।
"এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে সামাজিক মাধ্যমত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কটু মন্তব্য কৰাটো বহুতৰে দৃষ্টিগোচৰ হৈছিল আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। এই সন্দৰ্ভত যোৰহাটৰ বিজেপি কৰ্মকৰ্তা বিনয় লিখকে তেওক উক্ত পষ্টটো ডিলিট কৰিবলৈ কৈছিল যদিও অভিলাষ দত্তই তেনে কৰিবলৈ অপাৰগতা প্ৰকাশ কৰি তৰ্কযুদ্ধতহে লিপ্ত হয় আৰু বিনয়ক এক প্ৰকাৰ ভাবুকি প্ৰদান কৰে। অৱশেষত যুৱকজনৰ বিৰুদ্ধে থানাত গোচৰ দিয়াত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।", যোৰহাট জিলা বিজেপিৰ মিডিয়া কোষৰ আহ্বায়ক বনি শইকীয়াই এনেদৰে কয়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|