உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • আজিৰে পৰা বন্ধ যোৰহাট-মাজুলীৰ মাজৰ ফেৰি সেৱা, কিয় লোৱা হ'ল এই সিদ্ধান্ত?

    আজিৰে পৰা বন্ধ যোৰহাট-মাজুলীৰ মাজৰ ফেৰি সেৱা, কিয় লোৱা হ'ল এই সিদ্ধান্ত?

    যিসকলে অনলাইনৰ জৰিয়তে ফেৰিৰ টিকট বুক কৰিছিল, তেওঁলোকক টকা ঘূৰাই দিয়া হ'ব বুলি জানিবলৈ দিছে কৰ্তৃপক্ষই।

    • Share this:
    ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ। প্ৰায় তিনি-চাৰিদিন ধৰি একেৰাহে দিছে বৰষুণ। অত্যাধিক বৰষুণৰ ফলত বাঢ়িছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। ফলত আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ বন্ধ কৰা হৈছে যোৰহাট-মাজুলী সংযোগী নিমাতী ঘাটৰ ফেৰিসেৱা।

    ব্ৰহ্মপুত্ৰত পানী বৃদ্ধি পোৱাৰ লগতে কোবাল সোঁতত কাঠৰ টুকুৰাকে ধৰি বিভিন্ন সামগ্ৰী উটি অহাৰ বাবে বন্ধ কৰা হৈছে ফেৰিসেৱা। সেইদৰে যিসকলে অনলাইনৰ জৰিয়তে ফেৰিৰ টিকট বুক কৰিছিল, তেওঁলোকক টকা ঘূৰাই দিয়া হ'ব বুলি জানিবলৈ দিছে কৰ্তৃপক্ষই।
    Published by:Himangshu Bhuyan
    First published: