দুবাৰকৈ আধাৰশিলা কৰা মাজুলী-যোৰহাট সংযোগী দলং হ'বগৈ নে?- মৰাণত এই প্ৰশ্ন দেৱব্ৰত শইকীয়াৰ

ৰাজ্যজুৰি কংগ্ৰেছ দলে আৰম্ভ কৰা অসম বচাওঁ অভিযানৰ অংশ হিচাপে শুকুৰবাৰে সন্ধিয়া মৰাণত উপস্থিত হয় কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া ৷
ৰাজ্যজুৰি কংগ্ৰেছ দলে আৰম্ভ কৰা অসম বচাওঁ অভিযানৰ অংশ হিচাপে শুকুৰবাৰে সন্ধিয়া মৰাণত উপস্থিত হয় কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া ৷
- News18 Assam
- Last Updated: February 20, 2021, 10:38 AM IST
শুকুৰবাৰে সন্ধিয়া মৰাণ সমষ্টিৰ বামুণবাৰীৰ পৰা মটৰ চাইকেল-গাড়ীৰে সমদল কৰি অহা কংগ্ৰেছৰ দলটো বামুণবাৰী চাহ বাগিচাৰ বজাৰত উপস্থিত হয় ৷ বজাৰত গ্ৰাহক-বিক্ৰেতাৰ লগত মত-বিনিময় কৰি দেৱব্ৰত শইকীয়াই বিগত ৫ বছৰত বিজেপি চৰকাৰে দিয়া প্ৰতিশ্ৰুতিসমূহ কিদৰে পূৰণ নকৰি সৰ্বসাধাৰণ ৰাইজক প্ৰৱঞ্চনা কৰিলে সেই সম্পৰ্কত মতামত ব্যক্ত কৰে ৷
ৰাইজৰ অভাৱ-অভিযোগ বুজ লোৱাৰ লগতে পৰামৰ্শ গ্ৰহণ কৰিবলৈ অহা বুলি দেৱব্ৰত শইকীয়াই কংগ্ৰেছক পুনৰ সুযোগ দিবলৈ ৰাইজক আহ্বান জনায় ৷ ইয়াৰ পিছতে দেৱব্ৰত শইকীয়াসহ কংগ্ৰেছৰ দলটো মৰাণ সমষ্টিৰ অন্তৰ্গত খোৱাং চাহ বাগিচাত উপস্থিত হয় ৷ নিশাৰ ভাগত খোৱাং চাহ বাগিচাৰ শ্ৰমিক বিনোদন কেন্দ্ৰত বাগিচাখনৰ শ্ৰমিকসকলৰ সৈতে আলোচনাত মিলিত হয় কংগ্ৰেছ বিধায়কজন ৷
২০১৬ চনত আধাৰশিলা স্থাপন কৰা দলঙখন আৰু এতিয়া আধাৰশিলা কৰা দলং একেখনেই নে বেলেগ বেলেগ সেয়াও চিন্তনীয় বুলি উল্লেখ কৰি দেবব্ৰত শইকীয়াই কয় 'ডাল মে ক্যুচ কালা হ্যে' ৷ দেৱব্ৰত শইকীয়াৰ লগত দেখা গ'ল মৰাণ সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী প্ৰাঞ্জল ঘাটোৱাৰক ৷