যোৰহাট-মাজুলী সংযোগী দলংঃ চলিত বৰ্ষৰ অক্টোবৰ-নৱেম্বৰ মাহত আৰম্ভ হ’ব নিৰ্মাণৰ প্ৰাৰম্ভিক কাম-কাজ

News18 Assam | News18-Assam
Updated:August 6, 2020, 5:03 PM IST
যোৰহাট-মাজুলী সংযোগী দলংঃ চলিত বৰ্ষৰ অক্টোবৰ-নৱেম্বৰ মাহত আৰম্ভ হ’ব নিৰ্মাণৰ প্ৰাৰম্ভিক কাম-কাজ
ফাইল ফটো

যোৰহাট-মাজুলীবাসীৰ বাবে ভালখবৰ। চলিত বছৰতে আৰম্ভ হ’ব যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য।

  • Share this:
যোৰহাট-মাজুলীবাসীৰ বাবে ভালখবৰ। চলিত বছৰতে আৰম্ভ হ’ব যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য। অক্টোবৰ-নৱেম্বৰ মাহৰ পৰা দলং নিৰ্মাণৰ প্ৰাৰম্ভিক কাম আৰম্ভ হোৱাৰ কথা।

উল্লেখযোগ্য যে, নিমাতী-কমলাবাৰী ঘাট সংযোগ নকৰে এই দলঙে। মাজুলীৰ দক্ষিণপাত আৰু যোৰহাটৰ হাতীশাল সংযোগ কৰি নিৰ্মাণ কৰা হ’ব এই দলং। দলং খনৰ দৈৰ্ঘ্য হ’ব ৬.৭৫ কিলোমিটাৰ।

এই দলঙ হোৱাৰ পিছতো চলি থাকিব নিমাতী-কমলাবাৰী ফেৰিসেৱা। দলংখন সংযোগী মাজুলী আৰু যোৰহাটত পথৰ দৈৰ্ঘ্য হব ২৩.৫০ কিলো মিটাৰ।দলং আৰু পথ ধৰি সমগ্ৰ প্ৰকল্পটোৰ ব্যয় হ’ব ২,৪৪২ কোটি টকা। দলংখনৰ নিৰ্মাণৰ বাবে ক্ষতিৰ সন্মুখীন হ’ব লগা অঞ্চলসমূহৰ লোকসকলৰ পৰা ইতিমধ্যে মতামত গ্ৰহণ কৰা হৈছে। ইফালে দলঙৰ নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণৰ কামো আৰম্ভ কৰা হৈছে ।

বিগত প্ৰায় তিনি বছৰ ধৰি উপগ্ৰহৰ সহায়ত কৰা অধ্যয়নৰ অন্তত নিশ্চিত কৰা হৈছে যে দলঙখন নিৰ্মাণ কৰিব লগা দক্ষিণপাত অঞ্চলৰ অংশত বিগত প্ৰায় ৩৫ বছৰ ধৰি খহনীয়া হোৱা নাই তথা মাটিৰ ক্ষতি হোৱা নাই।
Published by: Himangshu Bhuyan
First published: August 6, 2020, 5:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি