লকডাউন মানিছেনে যোৰহাট নগৰবাসীয়ে? কঠোৰ লকডাউন বলৱৎ কৰিবলৈ তৎপৰ আৰক্ষী–প্ৰশাসন

আনহাতে যোৰহাট নগৰত থকা কেইবাটাও বেংক আৰু ডাকঘৰত ৫০% উপস্থিতিৰে কভিড19 ৰ সকলো নিয়ম মানি খুলিবলৈ অনুমতি প্ৰদান কৰিছে যোৰহাটৰ জিলা দণ্ডাধীশে ।
আনহাতে যোৰহাট নগৰত থকা কেইবাটাও বেংক আৰু ডাকঘৰত ৫০% উপস্থিতিৰে কভিড19 ৰ সকলো নিয়ম মানি খুলিবলৈ অনুমতি প্ৰদান কৰিছে যোৰহাটৰ জিলা দণ্ডাধীশে ।
- News18 Assam
- Last Updated: July 10, 2020, 5:44 PM IST
শুকুৰবাৰৰ দিনটোত যোৰহাট নগৰৰ ৰাজপথসমূহ শূণ্য হৈ পৰা দেখা যায় । বিগত কেইদিনত যোৰহাটৰ নগৰ অঞ্চলত বহু লোক ক’ভিড 19 ত আক্ৰান্ত হৈছে যাৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নাই। বিগত তিনিদিনত যোৰহাট নগৰৰ জনসমাগম হোৱা অঞ্চলসমূহৰ পৰা ৰেণ্ডম টেষ্টৰ বাবে বহু লোকৰ স্বাব সংগ্ৰহ কৰা হৈছে।
৯ জুলাইত যোৰহাটৰ ৩২ গৰাকী লোকৰ শৰীৰত সঙক্ৰমণ ধৰা পৰাৰ বিপৰীতে শুকুৰবাৰে বিয়লি পৰ্যন্ত ৭ জন লোকৰ শৰীৰত কভিড19 ৰ সংক্ৰমণ ধৰা পৰিছে। আনহাতে শুকুৰবাৰে JMCHত ৯ জন লোক সুস্থ হৈ উঠিছে। যোৰহাট নগৰত লকডাউন কঠোৰ ভাৱে বলৱৎ কৰিবলৈ তৎপৰ হৈ পৰিছে আৰক্ষী আৰু প্ৰশাসন।
আনহাতে যোৰহাট নগৰত থকা কেইবাটাও বেংক আৰু ডাকঘৰত ৫০% উপস্থিতিৰে কভিড19 ৰ সকলো নিয়ম মানি খুলিবলৈ অনুমতি প্ৰদান কৰিছে যোৰহাটৰ জিলা দণ্ডাধীশে ।
লকডাউনৰ সময়চোৱাত নগৰৰ বৰুৱা চাৰিআলি স্থিত আইচিআইচিআই বেংকৰ যোৰহাট শাখা , এছ বি আই ৰ প্ৰধান শাখা আৰু চাৰ্কোল অফিচ , পঞ্জাৱ নেচনেল বেঙ্ক ( ইউ বি আই )ৰ প্ৰধান শাখা আৰু চাৰ্কোল অফিচ , ইউকো বেঙ্কৰ যোৰহাট শাখা আৰু চাৰ্কোল অফিচ , বেঙ্ক অব বৰোডা ( বিজয়া , ডেনা ) ৰ যোৰহাট শাখা আৰু চাৰ্কোল অফিচ , কানাড়া বেঙ্ক ( চিণ্ডিকেট )ৰ যোৰহাট শাখা , চেন্ট্ৰেল বেঙ্ক অব ইণ্ডিয়াৰ যোৰহাট শাখা আৰু চাৰ্কোল অফিচ , ইণ্ডিয়ান বেঙ্ক ( এলাহাবাদ )ৰ যোৰহাট শাখা , এ জি বি ভি বেঙ্কৰ যোৰহাট শাখা , বন্ধন বেঙ্কৰ যোৰহাট শাখা , এইছ ডি এফ চি বেঙ্কৰ যোৰহাট শাখা , এক্সিছ বেঙ্কৰ যোৰহাট শাখা , ইউনিয়ন বেঙ্ক ( অন্ধ্ৰ )ৰ যোৰহাট শাখা আৰু যোৰহাট প্ৰধান ডাকঘৰৰ কাৰ্যালয় খোলা থাকিব।