Covid 19 প্ৰট'কল : নিৰ্ধাৰিত সময়ত মঞ্চত অনুষ্ঠান আৰম্ভ নকৰিলে বাতিল হ'ব জুবিন গাৰ্গৰ সংগীতানুষ্ঠানো !

News18 Assam | News18-Assam
Updated:April 12, 2021, 11:16 PM IST
Covid 19 প্ৰট'কল : নিৰ্ধাৰিত সময়ত মঞ্চত অনুষ্ঠান আৰম্ভ নকৰিলে বাতিল হ'ব জুবিন গাৰ্গৰ সংগীতানুষ্ঠানো !
Covid 19 পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বান্ধি দিয়া এছ অ' পি মানি চলি এইবাৰ বিহুৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব যোৰহাট সদৰৰ বিহু সমিতিসমূহে ।

Covid 19 পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বান্ধি দিয়া এছ অ' পি মানি চলি এইবাৰ বিহুৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব যোৰহাট সদৰৰ বিহু সমিতিসমূহে ।

  • Share this:
ক'ভিড 19 পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বান্ধি দিয়া এছ অ' পি মানি চলি এইবাৰ বিহুৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব যোৰহাট সদৰৰ বিহু সমিতিসমূহে । প্ৰশাসনে বান্ধি দিয়া সময়ৰ ভিতৰত অনুষ্ঠান সামৰিব পৰাকৈ সন্ধিয়াৰ পৰা সঙ্গীতানুষ্ঠান আৰম্ভ কৰিবলৈ মঞ্চত বিশিষ্ট শিল্পীসকল উপস্থিত নহ'লে অনুষ্ঠান বাতিল কৰিবলৈ বাধ্য হ'ব বুলি ঘোষণা কৰিছে যোৰহাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে ।

চৰকাৰে বান্ধি দিয়া কভিড প্ৰট'কল মানি ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে  যোৰহাট সদৰৰ বিহু উদযাপন সমিতিসমূহে । যোৰহাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোক্তাসকলে এই সন্দৰ্ভত স্পষ্ট কৰি দিছে নিজৰ স্থিতি । কভিড প্ৰট'কল মানি নিশা ১১-১২ বজাৰ পূৰ্বেই সাংস্কৃতিক অনুষ্ঠান সামৰিব যোৰহাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে । অহা ২২ এপ্ৰিলৰ নিশা নগৰৰ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হ'ব লগা এই বিহু সমিতিৰ মঞ্চত জনপ্ৰিয় কন্ঠশিল্পী দীক্ষু আৰু ২৩ এপ্ৰিলত জুবিন গাৰ্গে অনুষ্ঠান পৰিৱেশন কৰিব । কিন্তু এই সঙ্গীতানুষ্ঠান শিল্পীসকলে নিশা চৰকাৰে বান্ধি দিয়া নিৰ্ধাৰিত সময়ৰ পূৰ্বে সমাপ্ত কৰিব লাগিব বুলি স্পষ্ট কৰি দিছে যোৰহাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোক্তাসকলে । ইয়াৰ বাবে শিল্পীসকল যদিহে পলমকৈ মঞ্চত উপস্থিত হয়হি তেন্তে অনুষ্ঠান বাতিল কৰিবলৈ বিহু সমিতি বাধ্য হ'ব বুলি স্পষ্ট কৰি দিছে উদ্যোক্তাসকলে । ইতিমধ্যে এই সন্দৰ্ভত শিল্পী দুগৰাকীৰ সৈতে আলোচনা কৰা হৈছে বুলি জানিবলৈ দিছে বিহু উদযাপন সমিতিৰ বিষয়ববীয়াসকলে । উল্লেখ্য যে যোৰহাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সভাপতি আৰু যুটীয়া সম্পাদকৰ দায়িত্বত আছে যোৰহাট জিলা বিজেপিৰ সভাপতি আৰু সম্পাদকগৰাকী ।

" আমি চৰকাৰী গাইডলাইন মানি এই বিহু সন্মিলন অনুষ্ঠিত কৰিম । নিশা প্ৰশাসনে বান্ধি দিয়া সময়ৰ পূৰ্বে আমি অনুষ্ঠান শেষ কৰিম । যদিহে শিল্পীসকল যথাসময়ত মঞ্চত উপস্থিত হ'ব নোৱাৰে তেন্তে আমি সেই অনুষ্ঠান বাতিল কৰিম । কিন্তু আমি নিশ্চিত যে এইবাৰ কভিড 19 পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিল্পী দুগৰাকীয়ে পূৰ্বতকৈ সোনকালে মঞ্চত উঠি ৰাইজৰ আশা পুৰণ কৰিব । ", যোৰহাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সভাপতি কামাখ্যা মোহন দাসে এনেদৰে কয় ।

কিন্তু ইয়াৰ বিপৰীতে আন একাংশ বিহু উদযাপন সমিতিয়ে জনপ্ৰিয় শিল্পীৰ সঙ্গীতানুষ্ঠান অনুষ্ঠিত কৰাক লৈ দোধোৰমোধৰ স্থিতিত আছে । কাৰণ চৰকাৰে বান্ধি দিয়া সময়ৰ ভিতৰত অনুষ্ঠান সামৰাৰ ক্ষেত্ৰত নিশ্চিত হ'ব পৰা নাই এইসমূহ সমিতি ।

সোমবাৰে এই সন্দৰ্ভত যোৰহাটৰ উপায়ুক্তৰ সৈতে যোৰহাট সদৰৰ ২২ খন ৰঙালী বিহু উদযাপন সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত সকলো বিহু সমিতিয়েই চৰকাৰে বান্ধি দিয়া ক'ভিড প্ৰট'কল মানি বিহুৰ সাংস্কৃতিক অনুষ্ঠানসমূহ অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিয়ে বুলি নিউজ 18 ক মত ব্যক্ত কৰিছে যোৰহাটৰ উপায়ুক্তগৰাকীয়ে ।

" যোৰহাট সদৰ অঞ্চলত অনুষ্ঠিত হব লগা প্ৰায় ২২ খন বিহু উদযাপন সমিতিয়ে ক'ভিড গাইডলাইন মানি বিহু উদযাপন কৰাত সন্মতি প্ৰকাশ কৰিছে । বিহু সমিতিসমূহৰ বিষয়ববীয়া আৰু স্বেচ্ছাসেৱকসকলৰ ক'ভিড টেষ্টৰ ফলাফল অহাৰ পিছতহে বিহু অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়া হব । ", যোৰহাটৰ উপায়ুক্তই এনেদৰে কয় ।

নিশা ১১ বজাৰ পূৰ্বে বিহুৰ সাংস্কৃতিক অনুষ্ঠানসমূহ শেষ হ'লে ইয়াক লৈ কিন্তু সাধাৰণ লোকসকলে সন্তুষ্টি ব্যক্ত কৰিছে । তেতিয়া সকলোৱে জনপ্ৰিয় শিল্পীসকলৰ অনুষ্ঠান এক সুস্থিৰ পৰিৱেশত উপভোগ কৰিবলৈ সক্ষম হ'ব বুলি মত ব্যক্ত কৰিছে ।
Published by: Kokil Sarma
First published: April 12, 2021, 11:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি