উত্তৰ-পূবৰ ভিতৰত আটাইতকৈ পৰিষ্কাৰ নগৰ যোৰহাট, কেন্দ্ৰই দিলে স্বীকৃতি

News18 Assam | News18-Assam
Updated:August 20, 2020, 9:50 PM IST
উত্তৰ-পূবৰ ভিতৰত আটাইতকৈ পৰিষ্কাৰ নগৰ যোৰহাট, কেন্দ্ৰই দিলে স্বীকৃতি
ৰাষ্ট্ৰীয় স্তৰত উজ্বলিছে যোৰহাট নগৰ। উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ পৰিষ্কাৰ নগৰৰ সন্মান লাভ কৰিছে যোৰহাট নগৰে। বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা উল্লেখ কৰা হয় এই স্বীকৃতিৰ কথা।

ৰাষ্ট্ৰীয় স্তৰত উজ্বলিছে যোৰহাট নগৰ। উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ পৰিষ্কাৰ নগৰৰ সন্মান লাভ কৰিছে যোৰহাট নগৰে। বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা উল্লেখ কৰা হয় এই স্বীকৃতিৰ কথা।

  • Share this:
যোৰহাট নগৰক উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ পৰিষ্কাৰ নগৰ ৰূপে ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। ভাৰত চৰকাৰৰ স্বচ্ছ ভাৰত অভিযান (নগৰ অঞ্চল)ৰ অধীনত "স্বচ্ছ সৰ্বেক্ষণ ২০২০" ত যোৰহাট নগৰে সমগ্ৰ উত্তৰ-পূবৰ ভিতৰত শ্ৰেষ্ঠ স্বচ্ছ নগৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷

কোৰোণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে আৱাসিক আৰু নগৰ উন্নয়নৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী হৰদ্বীপ সিং পুৰিয়ে NICৰ ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে অনুষ্ঠিত কৰা স্বচ্ছ মহোৎসৱৰ বঁটা প্ৰদান অনুষ্ঠানত এই বঁটা প্ৰদান কৰে যোৰহাট নগৰক ৷ উল্লেখযোগ্য যে, ৫০ হাজাৰৰ পৰা ১ লাখ জনবসতিপূৰ্ণ নগৰসমূহত চলোৱা স্বচ্ছতাৰ সমীক্ষাত যোৰহাটে  উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

যোৰহাটৰ জিলা উপায়ুক্ত ৰশ্নি অপৰঞ্জি কৰাটীৰ তত্ত্বাৱধানত যোৰহাট পৌৰসভাই জিলাখনৰ নগৰ অঞ্চলসমূহ পৰিষ্কাৰ কৰি ৰাখিবলৈ গ্ৰহণ কৰিছিল কেতবোৰ বিশেষ পদক্ষেপ। উপায়ুক্তগৰাকীয়ে এই স্বীকৃতিৰ বাবে পৌৰসভাৰ কাৰ্যবাহী বিষয়া, সমূহ চাফাইকৰ্মী,  জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী, সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰী আৰু যোৰাহাটবাসী ৰাইজক ধন্যবাদ আৰু শুভেচ্ছা জনাইছে।

এই স্বীকৃতিৰ বাবে যোৰহাট নগৰখনৰ জাবৰ নিষ্কাশন ব্যৱস্থা, ঘৰে ঘৰে আৱৰ্জনা সংগ্ৰহ ব্যৱস্থা, ৰাজহুৱা শৌচাগাৰ, চৰকাৰী কাৰ্যালয়, হোটেল-ৰেষ্টুৰেণ্টসমূহকে ধৰি আৰু বিভিন্ন ক্ষেত্ৰত স্বচ্ছতাৰ সমীক্ষা চলোৱা হৈছিল।

"এই স্বীকৃতিৰ লাভ কৰা হৈছে সংশ্লিষ্ট বিভাগৰ বিষয়া-কৰ্মচাৰীসকল, যোৰহাট পৌৰসভাৰ চাফাইকৰ্মীসকল আৰু যোৰহাট নগৰবাসীৰ সহযোগিতাৰ বাবে। আমি আৱৰ্জনাসমূহ পৃথক কৰিবলৈ ঘৰে ঘৰে আৱৰ্জনা সংগ্ৰহৰ ব্যৱস্থা কৰিছিলো। তদুপৰি যোৰহাট নগৰৰ ডাম্পিঙ গ্ৰাউণ্ডত গোটা আৱৰ্জনা নিষ্কাশন এটা প্ৰকল্পও স্থাপন কৰা হৈছে। নগৰখনৰ পথৰ কাষত কোনো ব্যৱসায় প্ৰতিষ্ঠানে জাবৰ পেলোৱা চকুত পৰিলে আমাৰ বিষয়াসকলে ব্যৱস্থা লৈছিল।’ এনেদৰে কয় যোৰহাটৰ উপায়ুক্ত ৰশ্নি অপৰাঞ্জি কৰাটিয়ে।

উল্লেখযোগ্য যে,  ঘোষণা কৰা তালিকা মতে, ভাৰতবৰ্ষৰ আটাইতকৈ পৰিষ্কাৰ চহৰৰ স্বীকৃতি লাভ কৰিছে  ইন্দোৰে। সেইদৰে চুৰাট আৰু নৱী মুম্বাইয়ে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে।
Published by: Himangshu Bhuyan
First published: August 20, 2020, 9:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি