এতিয়া আৰু আগৰ দৰে ছবি গৃহত উপভোগ কৰিব নোৱাৰিব চিনেমা! বলৱত্ কৰা হৈছে বহু নতুন নতুন নিয়ম

কোভিড19 পৰিস্থিতিৰ বাবে আঠ মাহ ধৰি বন্ধ হৈ থকাৰ পিছত অৱশেষত খোল খালে চিনেমা হল।
কোভিড19 পৰিস্থিতিৰ বাবে আঠ মাহ ধৰি বন্ধ হৈ থকাৰ পিছত অৱশেষত খোল খালে চিনেমা হল।
- News18 Assam
- Last Updated: November 18, 2020, 5:39 PM IST
গুৱাহাটীৰ লগতে যোৰহাটতো যোৱা ১৫ নৱেম্বৰৰ পৰা চিনেমাৰ দৰ্শনী আৰম্ভ কৰিছে আইনক্স কৰ্তৃপক্ষই । অৱশ্যে কোভিড19 প্ৰটকল মানি ৫০ শতাংশ কৰ্মচাৰীৰে ৫০ শতাংশ দৰ্শকৰ বাবে মুকলি কৰা হৈছে যোৰহাটৰ আইনক্স চিনেমা হল। যোৰহাটৰ আইনক্সত দুখন স্ক্ৰীনত আসনৰ সংখ্যা ক্ৰমে ১৪৪ খন আৰু ১৩৩ খন ।
সম্পূৰ্ণ পেপাৰলেছ আৰু কণ্টেণ্টলেছ ব্যৱস্থাৰে অৰ্থাৎ কাগজৰ ব্যৱহাৰ নকৰাকৈ তথা স্পৰ্শ নকৰাকৈ দৰ্শকসকলক সেৱা আগবঢ়োৱাৰ ব্যৱস্থা কৰিছে আইনক্স কৰ্তৃপক্ষই। কাউণ্টাৰৰ পৰা ই-টিকেট সংগ্ৰহ কৰি দৰ্শকসকল চিনেমাহলত প্ৰৱেশ কৰিব পাৰিব। হলৰ ভিতৰত দুখন আসনৰ মাজত থকা আসন খালী ৰখা হৈছে। প্ৰতিটো দৰ্শনীৰ পিছতে হলৰ ভিতৰখন চেনিটাইজ কৰাৰ লগতে দৰ্শকে সাধাৰণতে স্পৰ্শ কৰা ঠাইসমূহ বিজাণুমুক্ত কৰা হৈছে। মুঠৰ ওপৰত কোভিড প্ৰট’কল মানি আইনক্স কৰ্তৃপক্ষই যোৰহাটত মুকলি কৰিছে চিনেমা হলটো। আনহাতে টিকেটৰ মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা নাই বুলি জানিবলৈ দিছে আইনক্স কৰ্তৃপক্ষই ।
আনহাতে চিনেমা হলৰ ভিতৰত যোগান ধৰা খাদ্যৰ ক্ষেত্ৰতো দৰ্শকসকলে মানিব লাগিব নতুন নিয়ম। দৰ্শকসকলে মোবাইলত লাভ কৰা এটা লিংকৰ জৰিয়তে অনলাইনত খাদ্যৰ অৰ্ডাৰ দিব লাগিব আৰু সেই খাদ্য নিজে কাউণ্টাৰৰ পৰা সংগ্ৰহ কৰিব লাগিব।
চিনেমা হল পুনৰ খোলাৰ পিছত দৰ্শকৰ সঁহাৰি লাভ কৰা বুলি জানিবলৈ দিছে আইনক্স যোৰহাটৰ ডিউটি মেনেজাৰ দিক্ষিতা দাসে। অৱশ্যে দৰ্শক বৃদ্ধি পোৱাটো নিৰ্ভৰ কৰিব আকৰ্ষণীয় চিনেমা মুক্তি পোৱাৰ ওপৰত। কিন্তু ল’ক ডাউনৰ পিছত এই আৰম্ভণি ভাল বুলি আশা ব্যক্ত কৰিছে আইনক্স কৰ্তৃপক্ষই।