পিছত আৰক্ষী অঞ্চলটোলৈ গৈ এটা বাসগৃহৰ পৰা বহুসংখ্যক গুলী উদ্ধাৰ কৰাৰ পিছত বাকী লোকসকলৰ পৰাও গুলীসমূহ উদ্ধাৰ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।
পিছত আৰক্ষী অঞ্চলটোলৈ গৈ এটা বাসগৃহৰ পৰা বহুসংখ্যক গুলী উদ্ধাৰ কৰাৰ পিছত বাকী লোকসকলৰ পৰাও গুলীসমূহ উদ্ধাৰ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।
যোৰহাট নগৰৰ সমীপৰ এখন গাঁৱত বৃহৎ পৰিমাণৰ সজীৱ গুলী উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । দৰাচলতে যোৰহাট বালিগাঁৱৰ ৰাজতিয়াত ঘৰে ঘৰে ওলাইছে বন্দুকৰ সজীৱ গুলী। ভোগদৈ নদীত সাতুৰিবলৈ যোৱা কেইজনমান কিশোৰে পানীৰ তলৰ পৰা উদ্ধাৰ কৰে গুলীখিনি। পিছত বহুলোকে পানীৰ তলত অভিযান চলাই বৃহৎ সংখ্যক গুলী উদ্ধাৰ কৰি ঘৰলৈ লৈ যায় বুলি জানিব পৰা গৈছে ।
মামৰে ধৰা তথা বহু পুৰণি যেন লগা এই গুলীসমূহ প্ৰথম অৱস্থাত পানীৰ পৰা উদ্ধাৰ কৰা কিশোৰকেইজনে তথা আন লোকসকলে আগ্নেয়াস্ত্ৰৰ গুলী বুলি ধৰিব পৰা নাছিল । কিন্তু পিছত একোজন লোকে ৪০-৫০টাকৈ ঘৰলৈ লৈ যোৱা এইসমূহ গুলী বুলি জনাৰ পিছত হুৱাদুৱা লাগে অঞ্চলটোত। অৱগত কৰা হয় আৰক্ষীক।
পিছত আৰক্ষী অঞ্চলটোলৈ গৈ এটা বাসগৃহৰ পৰা বহুসংখ্যক গুলী উদ্ধাৰ কৰাৰ পিছত বাকী লোকসকলৰ পৰাও গুলীসমূহ উদ্ধাৰ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। প্ৰাথমিক তথ্যৰ পৰা আৰক্ষীয়ে এই গুলীসমূহ বহু পুৰণি আৰু বহু পূৰ্বেই নদীত পেলাই দিয়া হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে।
এই গুলীসমূহ পৰীক্ষা কৰাৰ পিছতহে স্পষ্ট হ'ব এইসমূহ কি আগ্নেয়াস্ত্ৰৰ গুলী আৰু এই গুলীসমূহ পানীত পেলোৱাৰ সম্ভাব্য সময়। স্থানীয় লোকে জানিবলৈ দিয়া মতে একাংশ লোকে পানীৰ তলৰ পৰা বহু পৰিমাণত গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|