পৰিয়ালৰ প্ৰত্যাশাৰ চাপ! প্ৰথম বিভাগত উত্তীৰ্ণ হৈও জীৱনলৈ বিৰাগ জন্মিল মেধাৱী কংকিতাৰ

প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ পিছতো প্ৰতিযোগীতাৰ নিগনি দৌৰৰ মানসিক চাপ সহিব নোৱাৰি এগৰাকী মেধাৱী ছাত্ৰীয়ে নিজৰ জীৱন কিয় শেষ কৰিলে?
প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ পিছতো প্ৰতিযোগীতাৰ নিগনি দৌৰৰ মানসিক চাপ সহিব নোৱাৰি এগৰাকী মেধাৱী ছাত্ৰীয়ে নিজৰ জীৱন কিয় শেষ কৰিলে?
- News18 Assam
- Last Updated: June 6, 2020, 8:20 PM IST
প্ৰয়াত ছাত্রী গৰাকীৰ নাম কংকিতা বৰা। আজি ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত প্ৰথম বিভাগত উত্তীর্ণ হৈছিল কংকিতা।
কিন্তু আশা কৰা মতে লেটাৰ মাৰ্ক নোপোৱাৰ বাবে ছাত্রী গৰাকীয়ে কোনো ধৰণৰ চাপত পৰি চূড়ান্ত পদক্ষেপ লোৱাৰ আশংকা কৰা হৈছে। সন্দেহ কৰা মতে আপোনজনৰ পৰা পোৱা প্ৰত্যাশাৰ চাপ আৰু নিজে আশানুৰূপ ফল প্ৰদৰ্শন কৰিব নোৱাৰাৰ বাবেই চৰম হতাশাত ভুগিছিল ছাত্ৰীগৰাকীয়ে।
যোৰহাট বঙালপুখুৰী অঞ্চলৰ বাসিন্দা তথা অঞ্চলবাসীৰ মাজত জনপ্ৰিয় কংকিতাৰ আকস্মিক আৰু অপ্ৰত্যাশিত মৃত্যুৰ ঘটনাই সকলোকে সচকিত কৰি তুলিছে। কন্যাশোকত দগ্ধ কংকিতাৰ পিতৃ–মাতৃক কোনো ধৰণৰ প্ৰশ্ন কৰাটো এই মুহূৰ্তত উচিত নহয় আৰু তেওঁলোকৰ ক্ষতি অপূৰণীয়। তেওঁলোকৰ সৈতে আমাৰ সমবেদনা আছে কিন্তু এই মুহূৰ্তত প্ৰতিজন অভিভাৱকে নিজকে এবাৰ সোধা উচিত যে ক’ৰবাত সন্তানক পৰীক্ষাৰ ভাল ফলাফলৰ নামত অযথা চাপ দিয়া নাইতো!
আমি লগতে আশা কৰিছো যে এই ঘটনাই যাতে অসমৰ শেষৰটো ঘটনা হয়। এটা পৰীক্ষাৰ ফলাফলেই জীৱনটোৰ মাপকাঠি নহয় । এইক্ষেত্ৰত অভিভাৱকসকল বিশেষভাৱে সংবেদনশীল হোৱাটো প্ৰয়োজন।
কংকিতাৰ আত্মাৰ সদগতি কামনা কৰিলো! শান্তিত থাকা!