ৰাষ্ট্ৰীয় ব’ৰ্ডৰ পৰীক্ষাত জিলিকিছে অসমৰ কন্যা

ISC ব’ৰ্ডৰ চূড়ান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন যোৰহাটৰ তুষিতাৰ। তুষিতাৰ এই সফলতা এতিয়া বহুতৰ বাবে হৈছে অনুপ্ৰেৰণাৰ উৎস।

news18assam
Updated:May 10, 2019, 11:33 AM IST
ৰাষ্ট্ৰীয় ব’ৰ্ডৰ পৰীক্ষাত জিলিকিছে অসমৰ কন্যা
ISC ব’ৰ্ডৰ চূড়ান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন যোৰহাটৰ তুষিতাৰ। তুষিতাৰ এই সফলতা এতিয়া বহুতৰ বাবে হৈছে অনুপ্ৰেৰণাৰ উৎস।
news18assam
Updated: May 10, 2019, 11:33 AM IST
গৌতম বৰা: ISC ব’ৰ্ডৰ চূড়ান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন যোৰহাটৰ তুষিতাৰ। যোৰহাটৰ কন্যা তুষিতা আগৰৱালাই সদ্যঘোষিত ISC (The Council for the Indian School Certificate Examinations) ব’ৰ্ডৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দেশৰ ভিতৰতে চতুৰ্থ স্থান দখল কৰি ৰাজ্যলৈ কঢ়িয়াই আনিছে গৌৰৱ। ডেৰাডুনৰ ৱেলহাম গাৰ্লছ স্কুলত অধ্যয়ন কৰা ছাত্ৰীগৰাকীয়ে সৰ্বমুঠ ৯৯.২৫ শতাংশ নম্বৰ লাভ কৰে। কলা শাখাৰ ছাত্ৰীগৰাকীয়ে ৰাজনীতি বিজ্ঞান, অৰ্থনীতি আৰু বুৰঞ্জীত ১০০% নম্বৰ লাভ কৰাৰ লগতে ইংৰাজী আৰু মনোবিজ্ঞানত লাভ কৰিছে ৯৭ শতাংশ নম্বৰ। তুষিতাৰ পিতৃ অশোক মালপানী যোৰহাট পৌৰসভাৰ প্ৰাক্তন ৱাৰ্ড কমিছনাৰ। ভৱিষ্যতে মনোবিজ্ঞান বিষয়ত উচ্চশিক্ষা গ্ৰহণ কৰি এজন মনস্তত্ববিদ হোৱাৰ সপোন দেখিছে তুষিতাই । তুষিতাৰ এই সফলতাৰ আঁৰত আছে পিতৃ অশোক মালপানী আৰু মাতৃ সীমা মালপানীৰ বিশেষ অৰিহণা। তুষিতাৰ এই সফলতা এতিয়া বহুতৰ বাবে হৈছে অনুপ্ৰেৰণাৰ উৎস।

 
আৰু চাওক পৰৱৰ্তী বাতৰি