এক ভয়ানক বিপদৰ পৰা নিজকে ৰক্ষা কৰাৰ লগতে সাহসেৰে যুঁজি নষ্ট চৰিত্ৰৰ যুৱকক ভালকৈ এসেকা দিলে যুৱতীগৰাকীয়ে।
এক ভয়ানক বিপদৰ পৰা নিজকে ৰক্ষা কৰাৰ লগতে সাহসেৰে যুঁজি নষ্ট চৰিত্ৰৰ যুৱকক ভালকৈ এসেকা দিলে যুৱতীগৰাকীয়ে।
অকলশৰীয়া যুৱতীক বলাৎকাৰ কৰিবলৈ গৈ উচিত শিক্ষা পালে এটা লম্পটে। এক ভয়ানক বিপদৰ পৰা নিজকে ৰক্ষা কৰাৰ লগতে সাহসেৰে যুঁজি নষ্ট চৰিত্ৰৰ যুৱকক ভালকৈ এসেকা দিলে যুৱতীগৰাকীয়ে। যুৱকজন বৰ্তমান ৰঙাঘৰত ।
এই ঘটনা সংঘটিত হৈছে যোৰহাটৰ উপকন্ঠৰ এটা জনশূণ্য অঞ্চলত। এটা কোম্পানীৰ সামগ্ৰীসমূহ ঘৰে ঘৰে বিক্ৰী কৰিবলৈ যোৱা যুৱতীগৰাকী যোৱা শণিবাৰে গৈছিল যোৰহাটৰ উপকণ্ঠৰ গটঙা অঞ্চললৈ। বিয়লি গটঙা চাহ বাগিচাৰ সমীপৰ বাচিপথাৰ অঞ্চলত পথ চিনি নাপাই যুৱতীগৰাকীয়ে সহায় বিচাৰে এজন যুৱকৰ। ইয়াৰে সুযোগ লৈ অৰ্জুন মাঝি নামৰ যুৱকজনে যুৱতীগৰাকীক লৈ যায় অঞ্চলটোৰ এটা জনশূণ্য পথলৈ। কিছুদূৰ যোৱাৰ পিছতে সুযোগ বুজি যুৱতীগৰাকীৰ ওপৰত জপিয়াই পৰে অৰ্জুন।
জনশূণ্য অঞ্চলটোত সংঘটিত এই আকস্মিক ঘটনাত হতবাক হৈ পৰে যুৱতীগৰাকী। কিন্তু কিছু সময়ৰ ভিতৰতে নিজকে বচাবলৈ সাজু হয় যুৱতীগৰাকী। যুৱকজনে জোৰকৈ যুৱতীগৰাকীক এটা কালভাৰ্টৰ তলত পেলাই দিয়ে। কিন্তু ইয়াৰ পিছতে সাহসিকতাৰ পৰিচয় দি নিজক ৰক্ষা কৰাৰ লগতে অসত্ চৰিত্ৰৰ যুৱকজনক ভালকৈ এসেকা দিয়ে।
‘মই প্ৰথমে ভয় খাইছিলো। ওচৰত মানুহ নথকা বাবে মই চিঞৰিলেও কোনেও শুনা নাছিল। লৰাটোৱে মোক কালভাৰ্টটোৰ তলত পেলাই লৈ ডিঙিত হেচি ধৰিছিল। এইবাৰ ময়ো লৰাটোক গাৰ সকলো জোৰ ব্যৱহাৰ কৰি মাৰিবলৈ ধৰো। সি মোৰ দেহত কামুৰিলৈও চেষ্টা কৰে। মই বোকাত সোমাই থকা বাবে ভালদৰে প্ৰত্যাক্ৰমণ কৰিব পৰা নাছিলো।’ ভয়াৱহ ঘটনাটোৰ বিষয়ে এনেদৰে নিউজ18ক অৱগত কৰে যুৱতীগৰাকীয়ে ।
কিছুসময় ধৰি যুঁজ দিয়াৰ পিছত অৰ্জুন মাঝিয়ে বোকাত হেচি ধৰে যুৱতীগৰাকীক। কিন্তু সেই মুহূৰ্ততে মাটিত পৰি থকা এদাল জেওৰা খুটিলৈ যুৱতীগৰাকীয়ে উপৰ্যুপৰি প্ৰহাৰ কৰে অৰ্জুনক।আৰুপ অৱশেষত যুৱতীগৰাকীৰ মাৰ সহ্য কৰিব নোৱাৰি পলায়ন কৰে যুৱকজনে।
ঘটনাৰ পিছতে স্থানীয় লোকৰ সহায়ত আৰক্ষীৰ কাষ চাপে যুৱতীগৰাকী । ৰৰৈয়া আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি অভিযুক্ত অৰ্জুন মাঝিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।বৰ্তমান নিজৰ দোষ স্বীকাৰ কৰিছে অসত্ চৰিত্ৰৰ যুৱকজনে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|