উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ৫টাকৈ বিষয়ত লেটাৰ নম্বৰসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মেধাৱী ৰ'দালীয়ে পাচলি ব্যৱসায়ৰ সমান্তৰালভাৱে অৱ্যাহত ৰাখিছে পঢ়া-শুনাও।
উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ৫টাকৈ বিষয়ত লেটাৰ নম্বৰসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মেধাৱী ৰ'দালীয়ে পাচলি ব্যৱসায়ৰ সমান্তৰালভাৱে অৱ্যাহত ৰাখিছে পঢ়া-শুনাও।
কৰ্মৰ কোনো সৰু-ডাঙৰ নাই। লাগে মাথোঁ সাহস আৰু আগ্ৰহ। পাচলি বিক্ৰী কৰি মাতৃৰ মুখত ৰং সানিছে যোৰহাটৰ এগৰাকী কলেজীয়া ছাত্ৰীয়ে। যুৱতীগৰাকীৰ নাম ৰীতামণি বৰা।বন্ধুমহলে ৰীতাক ৰ'দালী বুলিয়েই চিনি পায়।
যোৰহাটৰ কাকজান বামকুকুৰাচোৱা গাৱৰ ৰ'দালী কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ দ্বিতীয় সান্মাষিকৰ ছাত্ৰী। সৰুৰে পৰাই কঠোৰ প্ৰত্যাহ্বানক নেওচি জীৱন যুদ্ধ চলাই যোৱা ৰ'দালীয়ে আৰম্ভ কৰিছে এখন পাচলিৰ দোকান।
কৰ্ম আৰু সাহসৰ অনন্য প্ৰতীক ৰ'দালী। কোভিড-১৯ বিভীষিকাৰ সময়ৰ লকডাউনে প্ৰায় জুৰুলা কৰিছিল ৰ'দালীৰ ঘৰখনক। দিন হাজিৰা কৰা পিতৃও যাব পৰা নাছিল কামলৈ। সেয়ে মাতৃৰ সৈতে মিলি আৰম্ভ কৰিলে সৰুকৈ এখন পাচলিৰ দোকান। এই দোকানখনৰ জৰিয়তে ৰ'দালীয়ে আজি মাতৃৰ মুখত সিঁচিছে ৰং।
উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ৫টাকৈ বিষয়ত লেটাৰ নম্বৰসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মেধাৱী ৰ'দালীয়ে পাচলি ব্যৱসায়ৰ সমান্তৰালভাৱে অৱ্যাহত ৰাখিছে পঢ়া-শুনাও।
ৰ'দালীৰ এই প্ৰচেষ্টাই ইতিমধ্যে ব্যাপক চৰ্চা লাভ কৰিছে চ'ছিয়েল মিডিয়াত। ৰ'দালীৰ কৰ্ম আৰু সাহস প্ৰেৰণা হওক আন দহজনৰ বাবে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|