এটা কবিতাই বিপদ মাতি আনিলে এগৰাকী ছাত্ৰীলৈ! ফেচবুকত লিখা কবিতাৰ জৰিয়তে অসাংবিধানিক কাম-কাজত উৎসাহিত কৰাৰ অভিযোগত উৰিয়ামঘাটৰ পৰা বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হ'ল যোৰহাটৰ এগৰাকী প্ৰতিভাৱান ছাত্ৰীক।
অভিযোগ মতে, যোৰহাট জিলাৰ টিয়কৰ কাৱৈমাৰী গাঁৱৰ প্ৰতিভাৱান ছাত্ৰী বৰষাশ্ৰী বুঢাগোঁহাইয়ে ছচিয়েল মিডিয়াত কিছুমান বিতৰ্কিত কবিতা লিখি কিছুদিনৰ পৰা বিদ্ৰোহী কাম-কাজক উৎসাহিত যোগাই অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল। যোৰহাট DCB মহাবিদ্যালয়ৰ BSC দ্বিতীয় বাৰ্ষিকত পঢ়ি থকা ছাত্ৰীগৰাকীৰ শেহতীয়া কাম-কাজত আৰক্ষীয়ে চোকা দৃষ্টি ৰাখি থকাৰ মাজতে অতি শেহতীয়াকৈ ছচিয়েল মিডিয়াত লিখা এটা বিদ্ৰোহী লেখাই বিতৰ্কৰ সৃষ্টি কৰিছিল।
জানিব পৰা মতে, প্ৰথম পৰ্য্যায়ত ছাত্ৰীগৰাকীক আৰক্ষীয়ে বুজাই বঢ়াই এনে বেআইনী কামকাজৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিছিল যদিও ছাত্ৰীগৰাকীয়ে এনে লিখা-মেলা অব্যাহত ৰাখিছিল। অভিযোগ মতে, শেহতীয়াকৈ যি পৰিস্থিতিতে নহওক বহু যুৱক যুৱতীয়ে বিদ্ৰোহী সংগঠন আলফাত যোগদান কৰা ঘটনাই চৰকাৰ আৰু প্ৰশাসনৰ মূৰৰ কামোৰণি সৃষ্টি কৰিছে। সেই সময়ত ছাত্ৰীগৰাকীৰ লেখাসমূহে নতুন চামক অন্য ফালে ঢাল খোৱাব বুলি আশংকা প্ৰকাশ কৰি আৰক্ষীয়ে বৰষাশ্ৰী নামৰ ছাত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|