এটা চাউলতে জাতীয় পতাকা, ইলেক্ট্ৰিক বাল্বত অসমৰ লোকবাদ্য অংকন কৰি চৰ্চাত যোৰহাটৰ ময়ূৰী

News18 Assam | News18-Assam
Updated:August 21, 2020, 9:11 AM IST
এটা চাউলতে জাতীয় পতাকা, ইলেক্ট্ৰিক বাল্বত অসমৰ লোকবাদ্য অংকন কৰি চৰ্চাত যোৰহাটৰ ময়ূৰী
যোৰহাটৰ দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে মাত্ৰ ১৪ ছেকেণ্ডত এটা চাউলত জাতীয় পতাকা অংকন কৰি বিশেষভাৱে চৰ্চালৈ আহিছে।

যোৰহাটৰ দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে মাত্ৰ ১৪ ছেকেণ্ডত এটা চাউলত জাতীয় পতাকা অংকন কৰি বিশেষভাৱে চৰ্চালৈ আহিছে।

  • Share this:
যোৰহাটৰ দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে মাত্ৰ ১৪ ছেকেণ্ডত এটা চাউলত জাতীয় পতাকা অংকন কৰি বিশেষভাৱে চৰ্চালৈ আহিছে। যোৰহাটৰ কাকজান দুলীয়া গাৱঁৰ মহেন্দ্ৰ নাথ শইকীয়া আৰু অঞ্জনা শইকীয়াৰ কন্যা ময়ূৰী  শইকীয়া নামৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰীগৰাকীৰ নাম ইতিমধ্যে সন্নিবিষ্ট হৈছে আছাম বুক অৱ ৰেকৰ্ডছত।



কেৱল সিমানেই নহয়, পেলনীয়া সামগ্ৰীও প্ৰাণ পাই উঠে ময়ূৰীৰ হাতৰ পৰশত। দীৰ্ঘদিনীয়া ল’ক ডাউনৰ সময়ছোৱাত নিজকে ঘৰত আৱদ্ধ কৰি ৰখা ময়ূৰীয়ে পেলনীয়া ইলেক্টিক বাল্বত অংকন কৰিলে আসমীয়া লোকবাদ্য। মাত্ৰ চল্লিছ ছেকেণ্ডত এটা বাল্বত খোল, পেপা, ভূৰতাল আদি অংকন কৰি দৃষ্টি আকৰ্ষণ কৰিছে বহুজনৰ।



সৰুৰে পৰাই ছবি আঁকি ভালপোৱা ময়ূৰীয়ে নিজৰ একাগ্ৰ সাধনাৰ বলত এনে অনন্য প্ৰতিভাৰে নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে আছাম বুক অৱ ৰেকৰ্ডছত।এই সন্দৰ্ভত ছাত্ৰীগৰাকীয়ে NEWS 18ক কয় যে - দীঘলীয়া ল’ক ডাউনৰ সময়ছোৱাত তেওঁ ঘৰতেই ছবি অঁকাত ব্যস্ত থাকে। ছবিৰ সমান্তৰালভাৱে ছাত্ৰীগৰাকীয়ে অব্যাহত ৰাখিছে শংকৰী সংগীত চৰ্চা। ছাত্ৰীগৰাকীৰ এই প্ৰতিভাক এতিয়া শলাগ লৈছে সকলোৱে।
Published by: Himangshu Bhuyan
First published: August 21, 2020, 9:11 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি