হত্যা নে স্ব-ইচ্ছাই জীৱন ত্যাগ? টীয়কত ঘৰৰ ভিতৰত উদ্ধাৰ হোৱা যুৱতীৰ মৃতদেহকলৈ চাঞ্চল্য, ঘৰৰগৰাকীক গ্ৰেপ্তাৰ

ফাইল ফটো
এগৰাকী বনকৰা যুৱতীৰ মৃত্যুক লৈ ৰহস্যৰ সৃষ্টি হৈছে টীয়কত। বৰ্তমান ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ঘৰৰগৰাকীক গ্ৰেপ্তাৰ কৰিছে।
- News18 Assam
- Last Updated: February 12, 2021, 2:07 PM IST
বনকৰা যুৱতীগৰাকীৰ নাম মনিষা কলিতা। আৰক্ষীয়ে জনোৱা মতে, যুৱতীগৰাকীৰ বয়স ১৯ বছৰ। লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত মেলেং চাৰিআলি সমীপত এটি সম্ভ্ৰান্ত পৰিয়ালৰ বাসগৃহত যুৱতীগৰাকীক চিপ লোৱা অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে।
আৰক্ষীৰ সুত্ৰৰ পৰা জানিবলৈ দিয়া অনুসৰি মঙলবাৰে সন্ধিয়া মেলেং চাৰিআলিৰ এটা বাসগৃহত ভাড়াতীয়া হিচাপে থকা হেমন্ত বৰুৱা নামৰ ব্যক্তিগৰাকীয়ে ঘৰৰ ভিতৰতে তেওঁলোকৰ বনকৰা যুৱতীগৰাকীয়ে আত্মহত্যা কৰা বুলি আৰক্ষীক খবৰ দিয়ে।সেই অনুসৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে যুৱতীগৰাকীৰ মৃতদেহ। বিগত ৬মাহ বনকৰা হিচাপে নিয়োজিত মনিষা কলিতাৰ ঘৰ যোৰহাটৰ গড়মূৰ নপামত।