মিঠা তেল ক্ৰয় কৰাৰ পূৰ্বে হওক সাৱধান! জানি লওক সবিশেষ

News18 Assam | News18-Assam
Updated:October 4, 2020, 10:47 PM IST
মিঠা তেল ক্ৰয় কৰাৰ পূৰ্বে হওক সাৱধান! জানি লওক সবিশেষ
চৰকাৰে উৎপাদন বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতো ৰাজ্যত অব্যাহত আছে মিঠা তেলৰ সৈতে অন্য তেলৰ সংমিশ্ৰণ ঘটাই প্ৰস্তুত কৰা খোৱা তেলৰ আমদানি।

চৰকাৰে উৎপাদন বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতো ৰাজ্যত অব্যাহত আছে মিঠা তেলৰ সৈতে অন্য তেলৰ সংমিশ্ৰণ ঘটাই প্ৰস্তুত কৰা খোৱা তেলৰ আমদানি।

  • Share this:
চৰকাৰে উৎপাদন বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতো ৰাজ্যত অব্যাহত আছে মিঠা তেলৰ সৈতে অন্য তেলৰ সংমিশ্ৰণ ঘটাই প্ৰস্তুত কৰা খোৱা তেলৰ আমদানি। এনে তেলৰ বিক্ৰী বন্ধ কৰিবলৈ দাবী জনোৱাৰ পিছত দেওবাৰে যোৰহাটত এনে বহু তেলৰ বটলৰ নমুনা পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা হয়।

অন্য ভেজিটেবল অইলৰ সৈতে মিঠা তেলৰ মিশ্ৰণ ঘটাই বিক্ৰী কৰা ব্লেণ্ডেড ইডিবল ভেজিটেবল অইলৰ উৎপাদন ১ অক্টোবৰৰ পৰা চৰকাৰে নিষিদ্ধ কৰিছে। এই সন্দৰ্ভত যোৱা ২৩ ছেপ্তেম্বৰত নিৰ্দেশনা জাৰি কৰা হৈছিল। কিন্তু অসম তথা যোৰহাটলৈ এনে ব্লেণ্ডেড খোৱা তেলৰ আমদানি অব্যাহত আছে। মিঠাতেল সদৃশ এনে ‘ব্লেণ্ডেড ইডিবল ভেজিটেবল তেল’ যোৰহাটলৈ দেওবাৰে ১৬টা ডবাত ৰে’লযোগে বিক্ৰী কৰিবলৈ অনাকলৈ জিলাখনৰ ৰে’লৱে’ গুডছ ৱাৰ্ডত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ একাংশ সদস্যই চৰকাৰে উৎপাদন বন্ধ কৰাৰ পিছতো ব্যৱসায়ীসকলৰ এনে কাৰ্যক তীব্ৰ সমালোচনা কৰে।

‘আমাক দুটা কথা স্পষ্ট কৰি দিব লাগে। এনে ব্লেণ্ডেড খোৱা তেলসমূহৰ উৎপাদন চৰকাৰৰ সংশ্লিষ্ট বিভাগে কিয় বন্ধ কৰি দিলে। দ্বিতীয়তে উৎপাদন বন্ধ কৰাৰ পিছতো কিয় ব্যৱসায়ীসকলে এই তেল বহিঃ ৰাজ্যৰ পৰা ৰে’লযোগে বিক্ৰীৰ বাবে আনিছে? অসমৰ বহু লোকে মিঠাতেল আৰু এই তেলৰ মাজত থকা পাৰ্থক্য বুজি নাপায়। এনে তেলসমূহত ভেজাল থকাৰ আমাৰ সন্দেহ হৈছে। গতিকে ইয়াৰ পৰীক্ষাৰ ব্যৱস্থা কৰিব লাগে আৰু পৰীক্ষাৰ ফলাফল নহা পৰ্যন্ত বিক্ৰী বন্ধ ৰাখিব লাগে। ", AJYCP ৰ বিত্ত সম্পাদক শিৱ কলিতাই এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

আনহাতে এই মিঠাতেল যোৰহাটলৈ বিক্ৰীৰ বাবে অনা পাইকাৰী বিক্ৰেতাসকলে কয় যে, ‘ইতিমধ্যে মিঠাতেলৰ সৈতে অন্য ভেজিটেবল অইল মিহলাই প্ৰস্তুত কৰা তেলৰ উৎপাদন বন্ধ কৰিবলৈহে নিৰ্দেশ জাৰি কৰা হৈছে। বিক্ৰীৰ ক্ষেত্ৰত কোনো নিষেধাজ্ঞা নাই। বৰ্তমান অধিকাংশ ব্যৱসায় প্ৰতিষ্ঠানতে এনে তেল মজুদ আছে। গতিকে পূৰ্বে উৎপাদন কৰি থোৱা তেলসমূহহে বিক্ৰীৰ বাবে অনা হৈছে।’

যোৰহাটৰ গড়মূৰস্থিত ৰে’লৱে’ গুদছ ৱাৰ্ডত খাদ্য সুৰক্ষা বিভাগৰ বিষয়াসকল আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়া উপস্থিত হৈ ৰাজস্থানৰ পৰা ৰে’লযোগে ১৬টা ডবাত অনা শিৱ ব্ৰেণ্ডৰ এই তেলসমূহৰ নমুনা পৰীক্ষাৰ বাবে সংগ্ৰহ কৰে।
Published by: Himangshu Bhuyan
First published: October 4, 2020, 10:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি