চাৰিওফালে জুই! প্ৰাণৰ মমতাত ঘৰৰ দ্বিতীয় মহলাৰ পৰা জঁপিয়াই কৰুণ মৃত্যুক সাৱটিলে স্বামী-স্ত্ৰীয়ে, যোৰহাটৰ ঘটনাই কন্দুৱাইছে সকলোকে

গুৰুতৰভাৱে আহত হোৱা পুত্ৰ মহেন্দ্ৰক বৰ্তমান উন্নত চিকিৎসাৰ বাবে প্ৰৰণ কৰা হৈছে ডিব্ৰুগড়লৈ।
গুৰুতৰভাৱে আহত হোৱা পুত্ৰ মহেন্দ্ৰক বৰ্তমান উন্নত চিকিৎসাৰ বাবে প্ৰৰণ কৰা হৈছে ডিব্ৰুগড়লৈ।
- News18 Assam
- Last Updated: August 10, 2020, 10:36 PM IST
উল্লেখযোগ্য যে, সত্যনাৰায়ণৰ নিকতাত্মীয় কৃষ্ণ গোপাল আগৰৱালৰ ‘সিংঘী স্কুটাৰ নামৰ যোৰহাটৰ প্ৰতিষ্ঠিত ব্যৱসায়ীক প্ৰতিষ্ঠানখনত দেওবাৰে নিশা ১১ বজাত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। দোকানত আছিল বহু সামগ্ৰী। অতি কম সময়ৰ ভিতৰতে জুয়ে বিধ্বংসী ৰূপ ধাৰণ কৰে। জুইৰ লেলিহান শিখাই আৱৰি ধৰিছিল সমগ্ৰ ভৱনটোৰ তলৰ মহলাৰ লগতে প্ৰথম মহলা। জুই বিঁয়পি পৰিছিল কাষৰ ভৱনলৈয়ো।

পুত্ৰ মহেন্দ্ৰ , পত্নী গোমতী দেৱীক লগত লৈ সত্যনাৰায়ণে খিড়িকীৰে জাপ দিলে টোকলাই জানত। ঘটনাত গুৰুতৰ ভাৱে আহত হয় তিনিওগৰাকী। আৰক্ষী আৰু স্থানীয় লোকসকলে তিনিওকে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও JMCHত মৃত্যু হয় সত্যনাৰায়ণ আগৰৱাল আৰু তেওঁৰ পত্নীৰ। গুৰুতৰভাৱে আহত হোৱা পুত্ৰ মহেন্দ্ৰক বৰ্তমান উন্নত চিকিৎসাৰ বাবে প্ৰৰণ কৰা হৈছে ডিব্ৰুগড়লৈ। অগ্নিকাণ্ডত গুৰুতৰ ভাৱে আহত হোৱা ‘সিংঘী স্কুটাৰ’ৰ মালিক কৃষ্ণ গোপাল আগৰৱাল আৰু ঊষা সিংঘীকো উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে।
এই মৰ্মান্তিক ঘটনাই সমগ্ৰ যোৰহাট নগৰখনতে শোকৰ বন্যা বোৱাইছে। সোমবাৰে পুৱা যোৰহাটৰ বিধায়ক তথা বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে অগ্নিকাণ্ড সংঘটিত হোৱা স্থানসমূহ পৰিদৰ্শন কৰে। দুগৰাকী লোকৰ মৃত্যু হোৱা ঘটনাত বিধায়কগৰাকীয়ে শোক প্ৰকাশ কৰাৰ লগতে ভুক্তভুগী পৰিয়ালটোক চৰকাৰৰ তৰফৰ পৰা সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিয়ে।