ষট পূজাৰ পুৱাই যোৰহাটত জ্বলিল ৩০টাতকৈয়ো অধিক বাসগৃহ

News18 Assam | News18-Assam
Updated:November 21, 2020, 4:08 PM IST
ষট পূজাৰ পুৱাই যোৰহাটত জ্বলিল ৩০টাতকৈয়ো অধিক বাসগৃহ
শনিবাৰে পুৱাই যোৰহাট নগৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড

শনিবাৰে পুৱাই যোৰহাট নগৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড

  • Share this:
শনিবাৰে পুৱাই যোৰহাট নগৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। নগৰৰ হৰিজন কলনীত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।  অগ্নি নিৰ্বাপক বাহিনীৰ চেষ্টাত জুই নিৰ্বাপন হয় যদিও অগ্নিকাণ্ডত ৩০ টাতকৈয়ো অধিক বাসগৃহৰ ক্ষতিসাধন হয়। অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই ।

যোৰহাট নগৰৰ হৰিজন কলনীত সংঘটিত এই ভয়ংকৰ অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈকে পোহৰলৈ অহা নাই। শনিবাৰে পুৱা ষট পূজাৰ আনন্দত বিলীন হৈ থকাৰ সময়তে সূত্ৰপাত হয় এই  ভয়ংকৰ অগ্নিকাণ্ডৰ। যোৰহাট, তিতাবৰ আৰু মৰিয়নিৰ পৰা অহা সাত খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে ১ ঘণ্টা ধৰি চলোৱা চেষ্টাৰ পিছত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডত প্ৰায় ৫টা চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ সন্দেহ কৰা হৈছে। চিলিণ্ডাৰ বিস্ফোৰণৰ পিছতে জুয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে।

এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই। বাসগৃহৰ ক্ষতি হোৱা লোকসকলক সমীপৰ শ্ৰীভাৰতী হাইস্কুল আৰু ৰাষ্ট্ৰভাষা এল পি স্কুলত স্থাপন কৰা অস্থায়ী শিৱিৰত ৰখাৰ ব্যৱস্থা কৰিছে যোৰহাট জিলা প্ৰশাসনে ।
Published by: Himangshu Bhuyan
First published: November 21, 2020, 4:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading