এটা যুগৰ যেন অন্ত পৰিল। যোৰহাটৰ ৰাজপথত এতিয়াৰে পৰা আৰু কেতিয়াও সেই বিশেষ জীৱন শৈলীৰ মানুহজনক দেখা পোৱা নাযাব। ডিঙিত এখন ৰুমাল, মূৰত টুপী, হাতত তিনিটা ঘড়ী পিন্ধি প্ৰায়ে আপোন ভাবত বিভোৰ হৈ থকা দেখিবলৈ পোৱা এই লোকজনেই হৈছে জিতেন বৰদলৈ।
কিন্তু তেওঁ যোৰহাটৰ লগতে সমগ্ৰ অসমত পৰিচিত অসমৰ দেৱানন্দ ৰূপে। চিৰসেউজ অভিনেতা দেৱানন্দৰ অনুৰাগী জিতেন বৰদলৈয়ে সমগ্ৰ জীৱন পাৰ কৰিলে তেওঁৰ অতিকে প্ৰিয় অভিনেতাজনৰ আৰ্হিত।
অভিনেতা দেৱানন্দৰ সৈতে বহুখিনি সাদৃশ্য থকা জিতেন বৰদলৈয়ে তেওঁৰ সাজ-পোছাক, চুলিৰ ষ্টাইল , টুপী , ঘড়ী, জোতা সকলো পৰিধান কৰিছিল অভিনেতা দেৱানন্দৰ দৰে। সলসলীয়াকৈ কৈছিল দেৱানন্দৰ জনপ্ৰিয় চিনেমাসমূহৰ ডায়লগসমূহ। কিন্তু যোৰহাটৰ বহু লোকৰ মাজত জনপ্ৰিয় দেৱানন্দ ওৰফে জিতেন বৰদলৈ সেই সকলোবোৰ স্মৃতি ৰূপে থৈ গুচি গ'ল। সোমবাৰে জেএমচিএইচত মৃত্যু হয় চিৰসেউজ এইগৰাকী ব্যক্তিৰ।
দেৱানন্দ জিতেন বৰদলৈৰ আৰু এটা পৰিচয় আছিল। তেওঁ এজন ভাল জ্যোতিষী ৰূপে অতিকৈ জনপ্ৰিয় আছিল। নগৰৰ বৰুৱা চাৰিআলিত এটা সৰু কোঠাত তেওঁৰ চেম্বাৰ আছিল। দুদিনমান পূৰ্বলৈকে সাধাৰণভাৱে থকা লোকজনৰ স্বাস্থ্যৰ অৱনতি ঘটাত হঠাৎ ভৰ্তি কৰিব লগা হয় জেএমচিএইচত। চিকিৎসালয় সূত্ৰৰ পৰা জানিব পৰা মতে মূলতঃ হৃদৰোগত আক্ৰান্ত হৈয়ে মৃত্যুক আঁকোৱালি লয় জনপ্ৰিয় ব্যক্তিগৰাকীয়ে।
নগৰৰ সোণাৰিগাঁৱৰ নিজগৃহত এক অকলশৰীয়া জীৱন কটোৱা চিৰকুমাৰ জিতেন বৰদলৈয়ে কিছুদিন পূৰ্বৰে পৰা লাহতি অঞ্চলৰ এটা ফ্লেটত থাকিবলৈ লৈছিল। জনপ্ৰিয় ব্যক্তিগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছত বিভিন্নজনে সামাজিক মাধ্যমত তেওঁৰ স্মৃতি সোঁৱৰণ কৰি আত্মাৰ সদ্গতি কামনা কৰিছে।
"এসময়ত যোৰহাটত এনে কোনো কলেজীয়া ছাত্ৰ-ছাত্ৰী নাছিল যি এখেতক নিজৰ হস্তৰেখা চাবলৈ দিয়া নাছিল। অলপ আগতে গম পালোঁ যে যোৰহাটৰ জনপ্ৰিয় দেৱানন্দ আৰু নাই। তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ।" অসমৰ দেৱানন্দ অনুৰাগী যুৱক ৰক্তিম বৰাই এনেদৰে ছ'চিয়োল মিডিয়াত লিখিছে ।
"নিজা অনন্য জীৱন শৈলীৰে দীৰ্ঘদিন ধৰি ৰাইজক আকৰ্ষণ কৰি অহা যোৰহাটৰ দেৱানন্দ নামেৰে জনাজাত জিতেন বৰদলৈৰ পৰলোকত গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেত এগৰাকী জ্যোতিষী হিচাপেও ৰাইজৰ মাজত জনপ্ৰিয় আছিল। তেখেতৰ জনসেৱা, স্বকীয় জীৱন শৈলী আমাৰ মানসপটত সজীৱ হৈ থাকিব। ভগৱানৰ ওচৰত তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰি প্ৰাৰ্থনা জনাইছোঁ।" বিজেপি নেতা শান্তনু পূজাৰীয়ে এনেদৰে সুঁৱৰিছে জনপ্ৰিয় ব্যক্তিগৰাকীক।
এনেদৰে বিভিন্ন জনে ছ'চিয়েল মিডিয়াৰ জৰিয়তে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে জনপ্ৰিয় ব্যক্তিগৰাকীলৈ। বহুতকে হয়তো এই ব্যক্তিগৰাকীৰ স্মৃতিয়ে আমনি কৰিব। কাৰণ জ্যোতিষী হিচাপেও বহু লোকৰ মাজত জনপ্ৰিয় আছিল তেওঁ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|