যোৰহাটৰ জনপ্ৰিয় মিঠাই দোকান ‘এভাৰ বেক’ৰ স্বত্বাধিকাৰীৰ দেহত কোৰোণাৰ অৱস্থিতি

‘এভাৰ বেক’ৰ গৰাকী শঙ্কৰ প্ৰসাদ কালোৱাৰ আৰু তেওঁৰ পৰিয়ালৰ তিনিজন সদস্য আৰু তেওঁলোক সংস্পৰ্শলৈ অহা ৰঞ্জিত চৌহান নামৰ এজন পেইণ্টাৰৰ শৰীৰত পোৱা গৈছে কোৰোণাৰ অৱস্থিতি।
‘এভাৰ বেক’ৰ গৰাকী শঙ্কৰ প্ৰসাদ কালোৱাৰ আৰু তেওঁৰ পৰিয়ালৰ তিনিজন সদস্য আৰু তেওঁলোক সংস্পৰ্শলৈ অহা ৰঞ্জিত চৌহান নামৰ এজন পেইণ্টাৰৰ শৰীৰত পোৱা গৈছে কোৰোণাৰ অৱস্থিতি।
- News18 Assam
- Last Updated: June 28, 2020, 5:33 PM IST
‘এভাৰ বেক’ৰ গৰাকী শঙ্কৰ প্ৰসাদ কালোৱাৰ আৰু তেওঁৰ পৰিয়ালৰ তিনিজন সদস্য আৰু তেওঁলোক সংস্পৰ্শলৈ অহা ৰঞ্জিত চৌহান নামৰ এজন পেইণ্টাৰৰ শৰীৰত পোৱা গৈছে কোৰোণাৰ অৱস্থিতি। ৰঞ্জিত কেইদিনমান পূৰ্বে ডিফুৰ পৰা যোৰহাটলৈ আহিছিল। বৰ্তমান যোৰহাট জিলা প্ৰশাসনে ‘এভাৰ বেক’ নামৰ ব্যৱসায় প্ৰতিষ্ঠানখন কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে ।
‘এভাৰ বেক’ৰ কৰ্মচাৰীসকল কোৰোণাত আক্ৰান্ত হোৱা কেইজনৰ সংস্পৰ্শলৈ আহিছিল নেকি সেই সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে সংশ্লিষ্ট কৰ্তৃপক্ষই। আনহাতে শঙ্কৰ প্ৰসাদ কালোৱাৰ কেন্দুগুৰিস্থিত এটা মচলা ফেক্টৰিৰো স্বত্বাধিকাৰী। এই সন্দৰ্ভতো প্ৰশাসনে কনটেক্ট হিষ্ট্ৰী বিচাৰি অনুসন্ধান অব্যাহত ৰাখিছে।
ইয়াৰ পিছতে যোৰহাট নগৰত দুটা নতুন কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে। ভোগদৈ দলঙৰ সমীপৰ পৰা শুৱনি গাঁৱৰ শ্মশানৰ সমীপলৈকে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰাৰ লগতে মাৰোৱাৰীপট্টিৰ পৰা চেম্বাৰ ৰোড পৰ্যন্ত এই পথচোৱাও কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে যোৰহাট জিলা প্ৰশাসনে ।
আনহাতে কণ্টেইনমেণ্ট জ’নৰ পৰা মুক্ত হ’ল যোৰহাট তৰাজান সোণাৰীগাঁৱৰ 1 নং বাইলেন অঞ্চলটো। কণ্টেইনমেণ্ট জ’নটোৰ সকলো লোকৰে কোৰোণা পৰীক্ষাৰ ফলাফল ঋণাত্মক পোৱা গ’ল।