உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • যোৰহাটত নিৰ্মীয়মান চিঙা মথাউৰিয়ে কঢ়িয়াইছে ভাবুকি! খৰালিত কাম সম্পূৰ্ণ কৰাত ব্যৰ্থ জলসম্পদ বিভাগ

    যোৰহাটত নিৰ্মীয়মান চিঙা মথাউৰিয়ে কঢ়িয়াইছে ভাবুকি! খৰালিত কাম সম্পূৰ্ণ কৰাত ব্যৰ্থ জলসম্পদ বিভাগ

    জলসম্পদ বিভাগৰ কৰ্তৃপক্ষই কাম লেহেমীয়া হোৱাৰ কথা স্বীকাৰ কৰাৰ লগতে বতৰ ফৰকাল হ'লেই মথাউৰিটোৰ বাকী থকা কামখিনি খৰতকীয়াকৈ কৰা হ'ব বুলি জানিবলৈ দিছে।

    জলসম্পদ বিভাগৰ কৰ্তৃপক্ষই কাম লেহেমীয়া হোৱাৰ কথা স্বীকাৰ কৰাৰ লগতে বতৰ ফৰকাল হ'লেই মথাউৰিটোৰ বাকী থকা কামখিনি খৰতকীয়াকৈ কৰা হ'ব বুলি জানিবলৈ দিছে।

    জলসম্পদ বিভাগৰ কৰ্তৃপক্ষই কাম লেহেমীয়া হোৱাৰ কথা স্বীকাৰ কৰাৰ লগতে বতৰ ফৰকাল হ'লেই মথাউৰিটোৰ বাকী থকা কামখিনি খৰতকীয়াকৈ কৰা হ'ব বুলি জানিবলৈ দিছে।

    • Share this:
    জলসম্পদ বিভাগৰ আঁচনিসমূহ খৰালি কালতে ৰূপায়ণ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও যোৰহাটত দেখিবলৈ পোৱা গৈছে এখন বিপৰীত ছবি । বিষয়া-ঠিকাদাৰৰ হেমাহিৰ বাবেই যোৰহাটৰ গোহাঁইগাঁৱত থকা এটা মথাউৰিৰ দৃশ্যই শেহতীয়াকৈ চিন্তিত কৰি তুলিছে সকলোকে। বাৰিষাৰ প্ৰাকক্ষণত ঠিকাদাৰ-বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে চিঙি আছে নিৰ্মীয়মান গোহাঁইগাওঁ-নিমাতি ৰে'লৱে দেৱাল মথাউৰি।

    কেইবাখনো গাঁৱৰ ৰাইজে যাতায়াতৰ বাবে ব্যৱহাৰ কৰি অহা মথাউৰিৰ ওপৰত থকা এই পথটোত এটা কালভাৰ্ট নিৰ্মাণৰ বাবে প্ৰায় চাৰিমাহ পূৰ্বেই নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছিল । কিন্তু জলসম্পদ বিভাগৰ উজনি অসম অনুসন্ধান সংমণ্ডলৰ দায়িত্ববাহী বিষয়া আৰু ঠিকাদাৰৰ হেমাহিৰ বাবে কাম আগনাবাঢ়িল। আৰু বাৰিষাৰ প্ৰাকক্ষণত নিৰ্মীয়মান মথাউৰিটো বিচ্ছিন্ন হৈ থকাৰ লগতে সমীপতে থকা যোৰহাটৰ মূল ৰক্ষাকৱচ বৰআলিলৈয়ো ভাবুকি কঢ়িয়াইছে। এই মথাউৰিৰে যাতায়াত কৰা কেইবাখনো গাঁৱৰ বাসিন্দাসকলৰ বাবে যাতায়াত ৰুদ্ধ হৈ পৰাৰ উপক্ৰম ঘটিছে। মথাউৰিটোৰ এই অৱস্থাক লৈ অঞ্চলটোৰ বাসিন্দাসকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

    সবাটোকৈ ভয়ংকৰ কথাটো হৈছে এই মথাউৰিৰ চিগি থকা অংশৰ ওপৰেদি পাৰ হৈ হৈছে কেইবাশ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বৃহত্তৰ যোৰহাট পানী যোগান আঁচনিৰ মূল পানী পৰিবাহী পাইপডাল। জলসম্পদ বিভাগক এই কামৰ বাবে যাৱতীয় ধনো প্ৰদান কৰিছিল জনস্বাস্থ্য কাৰিকৰী বিভাগে। কিন্তু বাঢ়নী পানীয়ে মথাউৰিটো আৰু খহাই নিলে এই পাইপৰ বিস্তৰ ক্ষতি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

    আনহাতে জলসম্পদ বিভাগৰ কৰ্তৃপক্ষই কাম লেহেমীয়া হোৱাৰ কথা স্বীকাৰ কৰাৰ লগতে বতৰ ফৰকাল হ'লেই মথাউৰিটোৰ বাকী থকা কামখিনি খৰতকীয়াকৈ কৰা হ'ব বুলি জানিবলৈ দিছে। উল্লেখ্য , মথাউৰিটোৰ এনে অৱস্থাৰ বিষয়ে অৱগত হোৱাৰ পিছতে যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে বিভাগীয় কৰ্তৃপক্ষক লগত লৈ মথাউৰিটো পৰিদৰ্শন কৰি ক্ষিপ্ৰতাৰে কাম সমাপ্ত কৰিবলৈ নিৰ্দেশ দিয়ে।
    Published by:Himangshu Bhuyan
    First published: