মুখ্যপৃষ্ঠা »খবৰ »অসম »যোৰহাটত অনুষ্ঠিত হৈছে ৰূপকোঁৱৰ নাট্য মহোৎসৱ ২০২৩ : ১৯-২২ জানুৱাৰীলৈকে অনুষ্ঠিত কৰা হৈছে এই মহোৎসৱ ...

যোৰহাটত অনুষ্ঠিত হৈছে ৰূপকোঁৱৰ নাট্য মহোৎসৱ ২০২৩ : ১৯-২২ জানুৱাৰীলৈকে অনুষ্ঠিত কৰা হৈছে এই মহোৎসৱ ...

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ দ্বাৰা আয়োজিত ৰূপকোঁৱৰ নাট্য মহোৎসৱ এইবাৰ যোৰহাট জিলা প্ৰশাসন আৰু যোৰহাট থিয়েটাৰৰ সহযোগত চাৰিদিনীয়া কাৰ্যসূচীৰে ১৯ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈকে অনুষ্ঠিত হৈছে । বৃহস্পতিবাৰে সন্ধিয়া যোৰহাট থিয়েটাৰ হলত মন্ত্ৰী ৰণোজ পেগুৱে এই নাট্য মহোৎসৱৰ শুভ উদ্বোধন কৰে ।

  • Share this:
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ দ্বাৰা আয়োজিত ৰূপকোঁৱৰ নাট্য মহোৎসৱ এইবাৰ যোৰহাট জিলা প্ৰশাসন আৰু যোৰহাট থিয়েটাৰৰ সহযোগত চাৰিদিনীয়া কাৰ্যসূচীৰে যোৰহাটত অনুষ্ঠিত হৈছে । ১৯ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈকে বৰ্ণিল নাট্য সন্ধ্যাৰে যোৰহাট নগৰত অনুষ্ঠিত হৈছে এই নাট্য মহোৎসৱ । বৃহস্পতিবাৰে সন্ধিয়া যোৰহাট থিয়েটাৰ হলত মন্ত্ৰী ৰণোজ পেগুৱে এই নাট্য মহোৎসৱৰ শুভ উদ্বোধন কৰে ।

এই নাট্য মহোৎসৱত বৃহস্পতিবাৰে সন্ধিয়া যোৰহাট থিয়েটাৰ হলত প্ৰদৰ্শন কৰা হয় ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ৰূপালীম নাটকখন । ২০ জানুৱাৰীত পবিত্ৰ বৰুৱাৰ পৰিচালনাত নাটক প্ৰাণৰো প্ৰাণৰ গানৰো গানৰ  , ২১ জানুৱাৰীত নাট্যকাৰ , পৰিচালক অভিজিত কৰগুপ্তৰ বাংলা নাটক বিভাজন আৰু ২২ জানুৱাৰীত বিপিন কুমাৰৰ সংকল্পনা , পৰিকল্পনা আৰু পৰিচালনাৰে হিন্দী নাটক চফেদ লকীৰ প্ৰদৰ্শন কৰা হ'ব । এই নাটকখন প্ৰযোজনা কৰিছে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় আৰু গেংটকৰ চিকিম ৰেপাৰেটৰী কোম্পানীয়ে । ২০ আৰু ২১ জানুৱাৰীৰ পুৱা চাৰে দহ বজাত জগন্নাথ বৰুৱা মহাবিদ্যালয় (স্বতন্ত্ৰ)ৰ সহযোগত মহাবিদ্যালয়খনৰ  গুণ গোবিন্দ দত্ত প্ৰেক্ষাগৃহত দুখন মননশীল আলোচনাচক্ৰ অনুষ্ঠিত হব ।

বৃহস্পতিবাৰে এই নাট মহোৎসৱ মুকলি কৰি মন্ত্ৰী ৰণোজ পেগুৱে বিগত কিছু বছৰৰ পৰা স্তিমিত হৈ পৰা অপেচাদাৰী নাট্য গোষ্ঠীসমূহৰ নাটক প্ৰদৰ্শন বা একাঙ্কিকা নাটক প্ৰতিযোগিতাসমূহ পুনৰ উজ্জীৱিত কৰি তোলাত গুৰুত্ব আৰোপ কৰে । অসমত স্তিমিত হৈ পৰা নাট্য আন্দোলনৰ ধাৰাটো পুনৰ সক্ৰিয় কৰি তোলাত চৰকাৰেও পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে । নাট্য মহোৎসৱৰ প্ৰথম দিনটোৰ অনুষ্ঠানত বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।

শেহতীয়া বাতৰি