যোৰহাটৰ আগশাৰীৰ এখন বিদ্যালয়ে ল’লে গ্ৰামাঞ্চলৰ আন এখন বিদ্যালয়ৰ দায়িত্ব

আগশাৰীৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে ইচ্ছা কৰিলে এটা বিশেষ কাম কৰি সমাজলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়াব পাৰে।
আগশাৰীৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে ইচ্ছা কৰিলে এটা বিশেষ কাম কৰি সমাজলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়াব পাৰে।
- News18 Assam
- Last Updated: November 14, 2020, 7:41 PM IST
দিল্লী পাব্লিক স্কুল, যোৰহাটে তেওঁলোকৰ দৃষ্টি প্ৰকল্পৰ অধীনত যোৱা জুন মাহৰ পৰা দায়িত্ব লৈছে গ্ৰাম্যাঞ্চলৰ এখন বিদ্যালয়ৰ। কভিড19 পৰিস্থিতিৰ সময়ছোৱাৰ পৰা পশ্চিম যোৰহাটৰ মালৌখাট জাতীয় বিদ্যালয়ৰ দায়িত্ব গ্ৰহণ কৰিছে যোৰহাটৰ দিল্লী পাব্লিক স্কুল কৰ্তৃপক্ষই। এই বিদ্যালয়খনৰ শৈক্ষিক দিশত ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে প্ৰতিটো বিষয়ৰ পাঠদানৰ বাবে অডিঅ', হাতে লিখা প্ৰশ্নোত্তৰ ইত্যাদি বিতৰণ কৰি ছাত্র ছাত্ৰীসকলক উপকৃত কৰিছে ডিপিএছ , যোৰহাটৰ কৰ্তৃপক্ষই ।
" ডিপিএছ যোৰহাট কৰ্তৃপক্ষই এই বিদ্যালয়খনৰ দায়িত্ব গ্ৰহণ কৰি বিদ্যায়তনিক দিশত ছাত্ৰ ছাত্ৰীসকললৈ বহুখিনি সহায় আগবঢ়াইছে। ভৱিষ্যতলৈয়ো এই সহায় প্ৰদান কৰি যোৱা হব। ", ডিপিএছ , যোৰহাটৰ শিক্ষক অনুৰাগ দেৱগনে এনেদৰে কয়।