সমকামী সম্পৰ্কই কাল হ'ল! যোৰহাটৰ চিকিত্সক ডা০ ৰাহুলক কিয় হত্যা কৰিলে নতুন বন্ধুৱে? পোহৰলৈ চাঞ্চল্যকৰ তথ্য!

হত্যাকাণ্ড সংঘটিত হোৱাৰ ২৪ ঘন্টা নৌহওতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে যোৰহাটৰ যুৱ চিকিৎসক ডা০ ৰাহুল বসুমতাৰী হত্যাকাণ্ডৰ মূল অভিযুক্তক।
হত্যাকাণ্ড সংঘটিত হোৱাৰ ২৪ ঘন্টা নৌহওতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে যোৰহাটৰ যুৱ চিকিৎসক ডা০ ৰাহুল বসুমতাৰী হত্যাকাণ্ডৰ মূল অভিযুক্তক।
- News18 Assam
- Last Updated: September 6, 2020, 7:13 PM IST
ৰাহুলৰ নতুন বন্ধু দিগন্ত পেচাত এগৰাকী পেইন্টাৰ আৰু দিগন্তৰ সৈতে ৰাহুলৰ বন্ধুত্ব দীৰ্ঘদিনীয়া নাছিল বুলি আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে। ধৃত দিগন্তৰ পৰা আৰক্ষীয়ে মৃত ৰাহুলৰ মোবাইল ফোনটো উদ্ধাৰ কৰাৰ পিছত দেওবাৰে চিনামৰা বাগিচাৰ সমীপৰ এটা ঘৰৰ পৰা আৰক্ষীয়ে ধৃত দিগন্তৰ স্বীকাৰোক্তিৰ ভিত্তিত ৰাহুলৰ ৰয়েল এনফিল্ড মটৰচাইকেল, কেমেৰা, নগদ ধনকে ধৰি বহু সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে আৰক্ষীৰ জেৰাত ধৃত দিগন্তই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে। হত্যা কৰাৰ পিছত কাপোৰ সলাই বাথৰূমত গা ধুই ৰাহুলৰ কোঠাত বহু সময় পাৰ কৰিছিল দিগন্তই।
আৰক্ষীয়ে ৰাহুলৰ কোঠাৰ পৰা দুখন চুৰি আৰু কটাৰি উদ্ধাৰ কৰাৰ লগতে বাথৰূমৰ কোমোদৰ পৰা তেজ লাগি থকা এটা পেণ্ট উদ্ধাৰ কৰিছিল। পেণ্টটোত লাগি আছিল ৰঙৰ দাগ।
এই ঘটনাই পোহৰলৈ আনিছে এটা আছুতীয়া বিষয়। তদন্তত প্ৰকাশ পাইছে ৰাহুলৰ বহু যুৱকৰ সৈতে আছিল নিবিড় সম্পৰ্ক। তেনে এজন যুৱকৰ জৰিয়তেই দিগন্তৰ সংস্পৰ্শলৈ আহিছিল ৰাহুল। আৰু এই নতুন সম্পৰ্কই কাল হল ৰাহুলৰ বাবে। ইয়াৰ উপৰিও ইয়াৰ অন্তৰালত থকা বাকী তথ্যসমূহ আৰক্ষীয়ে হয়তো নিজৰ তদন্ততহে লিপিবদ্ধ কৰিব।
"ৰাহুলৰ অৰিয়েনটেশ্যন ষ্ট্ৰেইট নাছিল অলপ বেলেগ ধৰণৰ আছিল। তেওঁৰ বেলেগ ল’ৰাৰ লগত সম্পৰ্ক আছিল। আমি সেই সন্দৰ্ভত বিশেষ একো নকওঁ। তেনে ধৰণৰ সম্পৰ্ক থকা এজন যুৱকৰ জৰিয়তে দিগন্তৰ সৈতে ৰাহুলৰ পৰিচয় হৈছিল আৰু এই সম্পৰ্ক নিবিড় হৈ পৰিছিল। শুকুৰবাৰে দিগন্তই ৰাহুলৰ কোঠাতে নিশা কটাইছিল। পিছত নিশা কিবা কথাত মনোমালিন্য হৈ এই হত্যাকাণ্ড সংঘটিত কৰে।", যোৰহাটৰ আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰে এনেদৰে কয়।
আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয় যে, হত্যাকাণ্ড সংঘটিত কৰাৰ পিছত দিগন্তৰ উদ্দেশ্য আছিল যোৰহাটৰ পৰা পলাই যোৱা। সেয়েহে ৰাহুলৰ মটৰ চাইকেলকে ধৰি কিছু মূল্যৱান সামগ্ৰী লগত লৈ গৈছিল যাতে সেইবোৰ বেচি কিছু টকা লাভ কৰিব পাৰে।