ফেব্ৰুৱাৰী মাহৰ ভিতৰত কেইবাটাও সুখবৰ উজনি অসমৰ এইখন জিলালৈ, চৰকাৰৰ ঘোষণা

ফাইল ফটো
অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত যোৰহাট জিলাত বহুকেইটা প্ৰকল্পৰ কামৰ আৰম্ভনি কৰাৰ লগতে যোৰহাটবাসী ৰাইজে চৰকাৰৰ তৰফৰ পৰা ভাল খবৰ লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ।
- News18 Assam
- Last Updated: January 13, 2021, 1:23 PM IST
আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তিতাবৰৰ বিধায়ক তৰুণ গগৈৰ মৃত্যু কংগ্ৰেছৰ বাবে যোৰহাটত এক অপূৰণীয় ক্ষতি ৰূপে বিবেচিত হৈছে । যোৰহাট জিলাত বিজেপিৰ দখলত থকা একমাত্ৰ বিধানসভা সমষ্টিটো হৈছে যোৰহাট বিধানসভা সমষ্টি । সেয়েহে এইবাৰ যোৰহাট জিলাত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ গুৰুত্ব প্ৰদান কৰিছে বিজেপিয়ে । যোৱা ৯ আৰু ১০ জানুৱাৰীত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে যোৰহাট জিলাত কেইবাটাও দলীয় কাৰ্যসূচীত অংশ গ্ৰহণ কৰাৰ লগতে ১০ জানুৱাৰীত যোৰহাট নগৰত এক বিশাল বাইক ৰেলিৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ পৰিৱেশ মুখৰিত কৰি তোলে ।
ইয়াৰ পিছতে ১১ জানুৱাৰীত যোৰহাটলৈ আহে মন্ত্ৰী ৰিহন দৈমাৰী । মন্ত্ৰীগৰাকীয়ে যোৰহাট জিলালৈ দিয়ে কেইবাটাও ভাল খবৰ ।
যোৰহাট নগৰৰ কেইবাটাও দীৰ্ঘদিনীয়া সমস্যা বৰ্তমান সমাধান হোৱাৰ পথত । তিনিখনকৈ ফ্লাইঅভাৰ , ৩০০ কিলোমিটাৰ পকী পথ নিৰ্মাণকে ধৰি গড়কাপ্তানী বিভাগৰ বহুসঙখ্যক প্ৰকল্প ৰূপায়ণ কৰা হৈছে যোৰহাটত । সোমবাৰে যোৰহাটত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধন কৰে মন্ত্ৰী ৰিহন দৈমাৰীয়ে । মন্ত্ৰীগৰাকীয়ে লগতে যোৰহাট জিলাত নিৰ্মাণ কৰিব লগা দুখন পানী যোগান আচনিৰ নিৰ্মাণকাৰ্যৰো শুভাৰম্ভ কৰে । ৩৭ কোটি আৰু ৩৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হব লগা গ্ৰেটাৰ লাহিং পানী যোগান আচনি আৰু গ্ৰেটাৰ মৰিয়নি পানী যোগান আচনি দুখন সম্পূৰ্ণ হৈ উঠিলে অঞ্চলটোৰ বহু হাজাৰ লোক উপকৃত হব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।
নিৰ্বাচনৰ পূৰ্বে যোৰহাটৰ উপকন্ঠৰ পটিয়াগাৱত নিৰ্মাণ কৰা ব্ৰহ্মপুত্ৰৰ পৰা যোগান ধৰিব লগা গ্ৰেটাৰ যোৰহাট পানী যোগান আচনি নামৰ বৃহৎ প্ৰকল্পটো আঙশিক ভাৱে উদ্বোধন কৰা হব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে । ২০২১ চনৰ ভিতৰতে এই বৃহৎ প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হৈ উঠিব । আনহাতে কংগ্ৰেছৰ শাসনকালত তিতাবৰত নিৰ্মাণ কৰাৰ পিছত ব্যৰ্থ হোৱা গ্ৰেটাৰ তিতাবৰ পানী যোগান আচনিৰ বাকী থকা কামখিনি প্ৰধানমন্ত্ৰীৰ জলজীৱন মিচনৰ অধীনত কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে অৱগত কৰে । আনহাতে প্ৰধানমন্ত্ৰীৰ জলজীৱন মিচনৰ অধীনত যোৰহাটত বহুখিনি আচনি অচিৰেই ৰূপায়ণ কৰা হব বুলি মন্ত্ৰীগৰাকীয়ে কয় ।
এনেদৰেই অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত যোৰহাট জিলাত বহুকেইটা প্ৰকল্পৰ কামৰ আৰম্ভনি কৰাৰ লগতে যোৰহাটবাসী ৰাইজে চৰকাৰৰ তৰফৰ পৰা ভাল খবৰ লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ।