যোৰহাট (Jorhat)ত বৃদ্ধি পাইছে কোভিড (Covid19) সংক্ৰমণৰ সংখ্যা । ১৬ জুলাইৰ দিনটোত জিলাখনত ২৪ গৰাকী কোভিড পজিটিভ ৰোগী চিনাক্ত কৰা হয় । ইয়াৰে আৰটিপিচিআৰ পৰীক্ষা কৰা ৩৫ জন লোকৰ ভিতৰত ২ জনৰ কোভিড সংক্ৰমণ ধৰা পৰে আৰু ১১০ জন লোকৰ বাবে কৰা ৰেট পৰীক্ষাত ২২ জন লোকৰ শৰীৰত কোভিডৰ সংক্ৰমণ ধৰা পৰে । ১৬ জুলাইত জিলাখনত মুঠ কোভিড পজিটিভ লোকৰ সংখ্যা হ'ল ১১৮ জন । সকাহৰ খবৰটো হ'ল যে ইয়াৰে ১১৭ জন সংক্ৰমিত লোকেই নিজ নিজ বাসগৃহত আছে । মাত্ৰ এজন পজিটিভ লোকহে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । ১৬ জুলাইৰ দিনটোত ১৪ গৰাকী পজিটিভ লোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয় ।
আনহাতে কোভিড সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি যোৰহাট জিলা প্ৰশাসনে সকলোকে কোভিড প্ৰটকল মানি চলি মাস্ক (Mask) পৰিধান কৰিবলৈ আহ্বান জনাইছে । আনহাতে যোৰহাটৰ সকলো চৰকাৰী কোভিড টিকাকৰণ কেন্দ্ৰত ১৮-৫৯ বছৰ বয়সৰ লোকসকলৰ বাবে কোভিড ভেকচিনৰ সুৰক্ষাপালি (Covid Protection Dose) ১৫ জুলাইৰ পৰা প্ৰদান কৰা হৈছে । বিনামূলীয়া এই ভেকচিন ৭৫ দিন ধৰি প্ৰদান কৰা হ'ব ।
ইপিনে ৰাজ্যত আজি কোভিড আক্ৰান্তৰ সংখ্যা হৈছে ৬৭২।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|