• Home
  • »
  • News
  • »
  • assam
  • »
  • Jorhat: যোৰহাট জিলা প্ৰশাসনৰ পৰীক্ষামূলক প্ৰচেষ্টা, স্বনিয়োজনৰে উপকৃত হ'ল পাঁচ সহস্ৰাধিক উদ্যমী নিবনুৱা

Jorhat: যোৰহাট জিলা প্ৰশাসনৰ পৰীক্ষামূলক প্ৰচেষ্টা, স্বনিয়োজনৰে উপকৃত হ'ল পাঁচ সহস্ৰাধিক উদ্যমী নিবনুৱা

যোৰহাটত ধাৰাবাহিকভাৱে এনে কনক্লেভ অনুষ্ঠিত কৰি যোৱাৰ পৰিকল্পনা বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ

যোৰহাটত ধাৰাবাহিকভাৱে এনে কনক্লেভ অনুষ্ঠিত কৰি যোৱাৰ পৰিকল্পনা বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ

যোৰহাটত ধাৰাবাহিকভাৱে এনে কনক্লেভ অনুষ্ঠিত কৰি যোৱাৰ পৰিকল্পনা বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ

  • Share this:

যোৰহাটৰ নিবনুৱা উদ্যমী যুৱক-যুৱতীসকলক আত্মসংস্থাপনৰ এক দিশ দিয়াৰ বাবে যোৱা ৭ এপ্ৰিলৰ পৰা ৯ এপ্ৰিললৈ যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত এন্টাৰপ্ৰিনিউৰশ্বিপ ডেভেলপমেন্ট কনক্লেভৰ শনিবাৰে সফলতাৰে সামৰণি পৰে । স্বনিয়োজন নামেৰে অনুষ্ঠিত এই কনক্লেভত যোৰহাটৰ পাঁচ সহস্ৰাধিক নিবনুৱা উদ্যমী যুৱক-যুৱতীক বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হয় ।


আত্মসংস্থাপনৰ প্ৰতি আগ্ৰহী যুৱক-যুৱতীসকলৰ বাবে সংস্থাপনৰ বাট মুকলি কৰিবলৈ অসমৰ ভিতৰতে প্ৰথমবাৰৰ বাবে যোৰহাট জিলা প্ৰশাসনে পৰীক্ষামূলকভাৱে গ্ৰহণ  কৰিছিল এই পদক্ষেপ । সংস্থাপনৰ বাট মুকলি কৰিবলৈ জীৱিকাৰ আধাৰ ৰূপে বিভিন্ন ক্ষেত্ৰৰ সৈতে পৰিচয় কৰাই দিবলৈ যোৰহাট জিলা প্ৰশাসনে (Jorhat district administration) ৭ এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ যোৰহাটত অনুষ্ঠিত কৰিছিল স্বনিয়োজন নামেৰে এই বিশেষ এন্টাৰপ্ৰিনিউৰশ্বিপ ডেভেলপমেন্ট কনক্লেভ। কৃষি, পশুপালন, ৰেচম শিল্প, মীনপালনকে ধৰি বিভিন্ন ক্ষেত্ৰসমূহক জীৱিকাৰ আধাৰ ৰূপে ল'ব পৰাকৈ যুৱক-যুৱতীসকলক যাৱতীয় প্ৰশিক্ষণৰ লগতে বিভিন্ন দিশত তথ্যৰ যোগান ধৰা হৈছিল এই কনক্লেভত।


তিনি দিনত পাঁচ সহস্ৰাধিক যুৱক-যুৱতী তথা আগ্ৰহী লোক উপকৃত হোৱা এই কনক্লেভত অসমত আত্মসংস্থাপনৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰি অহা বিধায়ক পদ্ম হাজৰিকা, বাহুবলী ডিমৰ স্বত্বাধিকাৰী আকাশজ্যোতি গগৈ, মীনপালন ব্যৱসায়ক সবল ৰূপত তুলি ধৰা দেৱজিত বৰ্মনকে মুখ্য কৰি একাংশ সফল উদ্যোগী উপস্থিত থাকি তেওঁলোকৰ অভিজ্ঞতা সন্নিৱিষ্ট বক্তব্যৰে সকলোকে উপকৃত কৰে ।


 যোৰহাট (Jorhat) কাছাৰী ময়দানত অনুষ্ঠিত এই সমাৱেশত নিৰ্বাচিত প্ৰতিটো ক্ষেত্ৰতে বিশেষজ্ঞৰ তত্ত্বাৱধানত প্ৰায় ডেৰশগৰাকীকৈ আগ্ৰহী যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিছিল। ইয়াৰ বাবে কৃষি , মীন পালন , গাহৰি পালন আদি বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকলে এই সমূহৰ ব্যৱসায় , উদ্যোগ স্থাপন , বিজ্ঞানসন্মত পদ্ধতি, কাৰিকৰী কৌশল ইত্যাদি সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰে। ইয়াৰ সমান্তৰালকৈ প্ৰতিদিনেই সফল উদ্যোগীসকলৰ দ্বাৰা বক্তব্য ৰখাৰ ব্যৱস্থা কৰা হৈছিল।


এই অনুষ্ঠানৰ দ্বাৰা কেইবাটাও ক্ষেত্ৰত আগ্ৰহী পাঁচ সহস্ৰাধিক নিবনুৱা পুৰুষ-মহিলা উপকৃত হয় । যোৰহাট জিলা প্ৰশাসনে গ্ৰহণ কৰা এই পৰীক্ষামূলক প্ৰচেষ্টাৰ শলাগ লৈছে সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে । সাংসদ তাছাই এনে প্ৰচেষ্টাৰে নিবনুৱা যুৱক-যুৱতীসকলক আত্মসংস্থাপনৰ বাট মুকলি কৰিবলৈ সক্ষম হ'ব পৰা যাব বুলি মত ব্যক্ত কৰে । কেৱল যোৰহাটেই নহয় অসমৰ বিভিন্ন ঠাইত অনুৰূপ অনুষ্ঠানৰ আয়োজন কৰি যুৱক-যুৱতীসকলৰ মাজত স্বনিয়োজনৰ পথ প্ৰশস্ত কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাব বুলি সাংসদগৰাকীয়ে জানিবলৈ দিয়ে ।


আনহাতে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে যোৰহাট জিলা প্ৰশাসনৰ এনে পদক্ষেপৰ জৰিয়তে বহু নিবনুৱা যুৱক-যুৱতীক আত্মসংস্থাপনৰ ক্ষেত্ৰত নতুন দিশৰ সন্ধান দিব পৰা যাব বুলি জানিবলৈ দিয়ে । যোৰহাটত ধাৰাবাহিক ভাৱে এনে কনক্লেভ অনুষ্ঠিত কৰি যুৱক-যুৱতীসকলক মাজত আত্মসংস্থাপনৰ ক্ষেত্ৰত নিয়োজিত কৰাৰ ব্যৱস্থা কৰি যাব বুলি বিধায়কগৰাকীয়ে মত ব্যক্ত কৰে ।


" যোৰহাটৰ উপায়ুক্তৰ সৈতে এই অনুষ্ঠানটোৰ বিষয়ে আলোচনা কৰোঁতে মই ইয়াত লুকাই থকা বহু সম্ভাৱনা দেখা পাইছিলোঁ। মই উপায়ুক্তগৰাকীৰ সৈতে সৰ্বাংগসুন্দৰভাৱে এই অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ দিছিলোঁ। যোৰহাট জিলা প্ৰশাসনৰ প্ৰথম প্ৰচেষ্টা সফলতাৰে সমাপ্ত হ'ল। কিন্তু এয়া আৰম্ভণিহে। আমি যোৰহাটত ধাৰাবাহিকভাৱে এনে অনুষ্ঠান অনুষ্ঠিত কৰিম।" যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে এনেদৰে কয়।


আনহাতে এই কনক্লেভত বিভিন্ন ক্ষেত্ৰত স্বাৱলম্বিতাৰ পথ মুকলি কৰা লোকসকলে উৎপাদন কৰা সামগ্ৰীসমূহৰ বিপণীসমূহেও বহুতৰে দৃষ্টি আকৰ্ষণ কৰে। কনক্লেভত উপস্থিত থকা বেংকসমূহৰ কৰ্তৃপক্ষই ব্যৱসায় এটা আৰম্ভ কৰাৰ ক্ষেত্ৰত বেংকে আগবঢ়াব পৰা বিভিন্ন ঋণৰ ওপৰত তথ্য আগবঢ়ায় । এই কনক্লেভৰ তৃতীয় দিনটোত ভাৰতীয় বায়ুসেনা বাহিনীৰ দ্বাৰা অনুষ্ঠিত কেৰিয়াৰ কাউন্সেলিঙৰ দ্বাৰা বহু ছাত্ৰ-ছাত্ৰীয়ে ন ন তথ্য জানিবলৈ সক্ষম হয় । যোৰহাট জিলা প্ৰশাসনে  হাতত লোৱা এই প্ৰথম প্ৰচেষ্টাৰ দ্বাৰা কিমান লোক উপকৃত হ'ল তাৰ তথ্যও জিলা প্ৰশাসনে ৰাখিব বুলি  জানিবলৈ দিছে যোৰহাটৰ উপায়ুক্তগৰাকীয়ে।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি