বিভ্ৰান্তি! যোৰহাটত কোৰোণা পৰিস্থিতিৰ বাবে জাৰি কৰা নাই 144, স্পষ্ট কৰিলে জিলা উপায়ুক্তই

News18 Assam | News18-Assam
Updated:April 5, 2021, 11:39 PM IST
বিভ্ৰান্তি! যোৰহাটত কোৰোণা পৰিস্থিতিৰ বাবে জাৰি কৰা নাই 144, স্পষ্ট কৰিলে জিলা উপায়ুক্তই
যোৰহাটত বলৱৎ কৰা 144 ধাৰাৰ সৈতে কভিড19 পৰিস্থিতিৰ কোনো সম্পৰ্ক নাই বুলি নিউজ18 ক স্পষ্ট কৰি দিছে যোৰহাটৰ উপায়ুক্ত ৰশ্নি অপৰাঞ্জি কৰাটিয়ে । 

যোৰহাটত বলৱৎ কৰা 144 ধাৰাৰ সৈতে কভিড19 পৰিস্থিতিৰ কোনো সম্পৰ্ক নাই বুলি নিউজ18 ক স্পষ্ট কৰি দিছে যোৰহাটৰ উপায়ুক্ত ৰশ্নি অপৰাঞ্জি কৰাটিয়ে । 

  • Share this:
যোৰহাট জিলাত পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত জাৰি কৰা হৈছে 144 ধাৰা। যোৰহাটৰ জিলা দণ্ডাধীশে এক আদেশ যোগে জিলাখনত ফৌজদাৰী কাৰ্যবিধি আইনৰ 144 ধাৰা জাৰি কৰিছে । কিন্তু এই নিৰ্দেশৰ সৈতে কভিড19 পৰিস্থিতিৰ কোনো সম্পৰ্ক নাই বুলি স্পষ্ট কৰি দিছে যোৰহাটৰ জিলা দণ্ডাধীশগৰাকীয়ে ।

সোমবাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি,যোৰহাট জিলাত ৰাজহুৱা স্থানত পাঁচ বা ততোধিক লোকৰ সমাবেশ , লাঠি, তৰোৱাল , দেগাৰ আদি লৈ ফুৰা , শোভাযাত্ৰা কৰা , প্ৰতিমূৰ্তি দাহ কৰা , চৰকাৰী বা ৰাজহুৱা স্থানত শ্বহীদ বেদী নিৰ্মাণ কৰা , অস্ত্ৰ-শস্ত্ৰ , লাঠি চালনা আদিৰ প্ৰশিক্ষণ দিয়া , দান-বৰঙণি সংগ্ৰহ কৰা , চলি থকা বা ৰৈ থকা বাহনৰ ওপৰত আতচবাজী নিক্ষেপ কৰা , ৰাজহুৱা স্থানত জনসাধাৰণ বিশেষকৈ মহিলা আৰু শিশুৰ ওপৰত ৰং বা আন আপত্তিজনক সামগ্ৰী নিক্ষেপ কৰা , অনাহকত জুম বান্ধি থকা , পথৰ কাষত বা পদপথত জাক পাতি ৰৈ থকা , চিকিৎসালয় , আদালত , শিক্ষানুষ্ঠানৰ কাষত নিশা ১০ বজাৰ পৰা পুৱা ৬ বজাৰ ভিতৰত উচ্চস্বৰে অনুভাষ যন্ত্ৰ বজোৱা , সাম্প্ৰদায়িক অথবা ৰাষ্ট্ৰবিৰোধী ভাষণ দিয়া , শ্লোগান দিয়া , বেনাৰ , পোষ্টাৰ , দেৱাল লিখন আদি আৰু যানবাহনত ৰঙীন কাচ লগোৱা , ভেকুৱাম হৰ্ণ বজোৱা , ৰঙীন তথা অতি উজ্জ্বল পোহৰৰ ব্যৱহাৰ আৰু সামৰিক বাহিনীৰ দৰে পোচাক পৰিধান কৰা নিষিদ্ধ কৰিছে । এই নিষেধাজ্ঞা কৰ্তব্যৰত সামৰিক বাহিনীৰ লোক , আৰক্ষী আৰু অন্যান্য চৰকাৰী বিষয়া-কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বুলি নিৰ্দেশনাটোত প্ৰকাশ।

আনহাতে কভিড19 সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাটত জনসাধাৰণ তথা চৰকাৰী বিষয়া-কৰ্মচাৰীসকলে মাস্ক পৰিধান কৰাটো আৰু চাবোনেৰে সঘনাই হাত ধোৱা তথা চেনিটাইজ কৰি থকাটো বাধ্যতামূলক কৰা হৈছে । অৱশ্যে এই নিৰ্দেশনা পূৰ্বৰে পৰা বাহাল আছে ।

এই নিৰ্দেশনাসমূহ সমগ্ৰ জিলাখনতে বলৱৎ হ'ব আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব বুলি নিৰ্দেশনাটোত প্ৰকাশ।

উল্লেখ্য , যোৰহাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ অসমৰ ভিতৰৰ ৪ কিলোমিটাৰ ব্যাসাৰ্ধ অঞ্চলত সন্ধ্যা ৮ বজাৰ পৰা পুৱা ৫ বজালৈকে নৈশ সান্ধ্য আইন জাৰি কৰিছে যোৰহাটৰ জিলা দণ্ডাধীশে। নাগালেণ্ডৰ পৰা সীমান্তইদি কিছুমান সংগঠনৰ লোক গোপনে যোৰহাটত প্ৰৱেশ কৰি সমস্যাৰ সৃষ্টি কৰাৰ সম্ভাৱনাৰ বিষয়ে জ্ঞাত হৈ যোৰহাট জিলা প্ৰশাসনে সীমান্ত অঞ্চলত এই পদক্ষেপ গ্ৰহণ কৰিছে ।

আনহাতে যোৰহাটত বলৱৎ কৰা 144 ধাৰাৰ সৈতে কভিড19 পৰিস্থিতিৰ কোনো সম্পৰ্ক নাই বুলি নিউজ18 ক স্পষ্ট কৰি দিছে যোৰহাটৰ উপায়ুক্ত ৰশ্নি অপৰাঞ্জি কৰাটিয়ে ।

" এই নিষেধাজ্ঞা পৰিস্থিতি অনুসৰি আমি নিয়মমাফিক জাৰি কৰিছো। কিন্তু ইয়াৰ সৈতে কভিড19 পৰিস্থিতিৰ কোনো সম্পৰ্ক নাই । ইয়াক লৈ জনসাধাৰণৰ মাজত কোনো বিভ্ৰান্তিৰ সৃষ্টি হব নালাগে। ", যোৰহাটৰ উপায়ুক্ত ৰশ্নি অপৰাঞ্জি কৰাটিয়ে এনেদৰে কয় ।

শেহতীয়া খবৰ অনুসৰি, যোৰহাট জিলাত সোমবাৰ পৰ্যন্ত কভিড19 পজিটিভ লোকৰ সংখ্যা ২০ জন । শেহতীয়াকৈ যোৰহাটৰ লিচুবাৰী দানিছ নগৰৰ নাছেৰ খচৰু নামৰ এজন ৬১ বছৰ বয়সৰ লোকে কভিড19ত আক্ৰান্ত হৈ গুৱাহাটীৰ কালাপাহাৰ কভিড কেয়াৰ চিকিৎসালয়ত মৃত্যুক সাৱটি লৈছে।
Published by: Himangshu Bhuyan
First published: April 5, 2021, 11:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি