News18ৰ বাতৰিৰ পিছতে প্ৰতিক্ৰিয়া! যোৰহাটৰ উপায়ুক্তক ৰশ্নি অপৰাঞ্জি কৰাটিক বদলি

News18 Assam | News18-Assam
Updated:January 14, 2020, 3:06 PM IST
News18ৰ বাতৰিৰ পিছতে প্ৰতিক্ৰিয়া! যোৰহাটৰ উপায়ুক্তক ৰশ্নি অপৰাঞ্জি কৰাটিক বদলি
জে কিৰিথিক যোৰহাটৰ উপায়ুক্ত ৰূপে নিযুক্তি।

জে কিৰিথিক যোৰহাটৰ উপায়ুক্ত ৰূপে নিযুক্তি।

  • Share this:
যোৰহাটৰ উপায়ুক্তক বদলি । ৰশ্নী অপৰাঞ্জি কৰাটিক যোৰহাটৰ পৰা সৰ্বশিক্ষা অভিযানৰ পৰিচালন সঞ্চালক ৰূপে বদলি কৰি হাইলাকান্দিৰ উপায়ুক্ত জে কিৰিথিক যোৰহাটৰ উপায়ুক্ত ৰূপে নিযুক্তি দিয়া হৈছে । উল্লেখ্য , কিছুদিন পূৰ্বে যোৰহাটৰ উপায়ুক্তৰ চহী জাল কৰি উপায়ুক্ত কাৰ্যালয়ৰ দীপক কুমাৰ বৰা নামৰ এজন নিলম্বিত কৰ্মচাৰীয়ে বেঙ্কৰ পৰা চৰকাৰী পুজিৰ ৭৭ লাখ ৮০ হাজাৰ টকা উলিয়াই নিছিল । এই বাতৰি পোন প্ৰথমে নিউজ18 য়ে পোহৰলৈ অনাৰ লগতে ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ কৰিছিল এই ঘটনাৰ ওপৰত ।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading