যোৰহাটত জিলা উপায়ুক্ত হিচাপে যোগদান কৰিয়েই উপায়ুক্তৰ সভাকক্ষত মঙলবাৰে উপায়ুক্ত পুলক মহন্তই এখন কৃষি বিষয়ক বিশেষ পৰ্যালোচনা সভা অনুষ্ঠিত কৰে৷ সভাত কৃষি বিভাগকে প্ৰমুখ্য কৰি জিলাখনৰ জলসিঞ্চন, খাদ্য আৰু অসামৰিক যোগান বিভাগ তথা আন কেইবাটাও বিভাগৰ আঁচনি আৰু কাম কাজ সম্পৰ্কে উপায়ুক্তগৰাকীয়ে পৰ্যালোচনা কৰে। উপায়ুক্তগৰাকীয়ে কৃষি বিভাগৰ প্ৰতিখন আঁচনিৰে বুজ লয়। কৃষি বিভাগে ৰূপায়ণ কৰা 'প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি' (পিএম- কিষাণ) আৰু ধান ক্ৰয় আঁচনিৰ বিষয়ে উপায়ুক্তগৰাকীয়ে বিশদভাৱে বুজ লয়। অসম চৰকাৰে গ্ৰহণ কৰা 'আন্তঃৰাষ্ট্ৰীয় মিলেট বৰ্ষ'ৰ কাৰ্যক্ৰমক যোৰহাট জিলাত বিশেষভাৱে ৰূপায়ণ কৰিবলৈ উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে।
উল্লেখ্য যে উপায়ুক্তগৰাকীয়ে যোৰহাট জিলাত "মৰমৰ যোৰহাট" নামেৰে যোৰহাটৰ সৰ্বতোপ্ৰকাৰৰ বিকাশৰ বাবে এক সুদূৰপ্ৰসাৰী পৰিকল্পনা হাতত লৈছে। সেই পৰিকল্পনাৰ আধাৰত পোনতে তেওঁ কৃষি বিভাগৰ ১৩টা কৃষি চক্ৰত ১৩খন আদৰ্শ গাঁও গঢ়িব বিচাৰিছে। গাঁওসমূহ নিৰ্বাচন কৰিবলৈ উপায়ুক্তগৰাকীয়ে কৃষি উন্নয়ন বিষয়াসকলক নিৰ্দেশ দিছে ৷ গাঁওসমূহত মহিলা সবলীকৰণৰ হকে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। মহিলাসকলে পশুপালন, মীন পালন, হাঁহ-কুকুৰা পালন, ৰেচম শিল্পৰ ক্ষেত্ৰত চৰকাৰ আৰু জিলা প্ৰশাসনৰ ফালৰপৰা বিশেষ সহযোগিতা লাভ কৰিব। কৃষি বিভাগে আদৰ্শ গাঁৱৰ অগ্ৰগতিত নেতৃত্ব বহন কৰিব আৰু আন বিভাগসমূহ সহযোগী ৰূপে থাকিব।
কৃষি উন্নয়ন বিষয়াসকলক উপায়ুক্তগৰাকীয়ে নিজ নিজ কৃষি চক্ৰৰ অন্তৰ্গত অংগনৱাড়ী কেন্দ্ৰ, বিদ্যালয়সমূহত ৫০টাকৈ তুলসী পুলি ৰোপণ কৰিবলৈ নিৰ্দেশ দিয়ে। তুলসীৰ পাত ছাত্ৰ–ছাত্ৰীসকলক মিড ডে মিলত দিয়াৰ ব্যৱস্থা কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে৷ আনহাতে, স্থায়ী দেৱাল নথকা বিদ্যালয়সমূহৰ চাৰিসীমাত নেমুপুলি ৰোপণ কৰি 'জৈৱ বেৰা' (বায়'ফেন্সিঙ)ৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়। অংগনবাড়ী কেন্দ্ৰসমূহৰ পাচলি বাগিচাত ঔষধি গছ ৰোপণৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াই উপায়ুক্তগৰাকীয়ে এজোপাকৈ চজিনা গছ ৰোপণ কৰাৰ বাবেও আহ্বান জনায়৷
উপায়ুক্তগৰাকীয়ে কৃষকসকলৰ ব্যৱসায়িক মনোবৃত্তি গঢ়িবৰ বাবে কৃষি বিভাগক প্ৰচেষ্টা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। মিলেট বা কণীধানৰ ক্ষেত্ৰত কৃষকৰ উপকাৰ হোৱাকৈ মিলেট মিল স্থাপন কৰা হ'ব বুলিও উপায়ুক্তগৰাকীয়ে সভাত জানিবলৈ দিয়ে। যোৰহাট জিলাখনক সৰ্বতোপ্ৰকাৰে আগুৱাই নিবলৈ যৎপৰোনাস্তি প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি পৰ্যালোচনা সভাত উপায়ুক্ত পুলক মহন্তই সকলোকে অৱগত কৰে। সভাত যোৰহাট জিলাৰ অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মন, সহকাৰী আয়ুক্ত কাৰ্তিক কমল শইকীয়া, জিলা কৃষি বিষয়া ড° নিতুমণি গগৈ প্ৰমুখ্যে সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : February 08, 2023, 18:23 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|