কাৰ্যালয় চৌহদত যোৰহাটৰ উপায়ুক্তই বিষয়াসকলৰ সৈতে নাচিলে বিহু, নিৰ্বাচনৰ সৈতে কি সম্পৰ্ক আছে এই গীত-নৃত্যৰ?

সমগ্ৰ দেশৰ লগতে যোৰহাটতো কেইবাটাও স্থানত সোমবাৰে এনেদৰে নেচনেল ভোটাৰ্ছ ডে উদযাপন কৰি জনসাধাৰণৰ মাজত ভোটদানৰ প্ৰতি সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰা হয়।
সমগ্ৰ দেশৰ লগতে যোৰহাটতো কেইবাটাও স্থানত সোমবাৰে এনেদৰে নেচনেল ভোটাৰ্ছ ডে উদযাপন কৰি জনসাধাৰণৰ মাজত ভোটদানৰ প্ৰতি সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰা হয়।
- News18 Assam
- Last Updated: January 26, 2021, 9:02 AM IST
সোমবাৰে দুপৰীয়া যোৰহাটৰ উপায়ুক্ত কাৰ্যালয় চৌহদত হঠাৎ দেখিবলৈ পোৱা উখল–মাখল পৰিৱেশে বহুতৰে দৃষ্টি আকৰ্ষণ কৰে। যোৰহাটৰ উপায়ুক্ত ৰশ্নি অপৰাঞ্জি কৰাটিয়ে কাৰ্যালয় চৌহদত কঁকাল ভাঙি নাচিলে বিহু। উপায়ুক্তগৰাকীৰ সৈতে বিহু নাচিলে অতিৰিক্ত উপায়ুক্তকে ধৰি একাংশ বিষয়া-কৰ্মচাৰীয়েও।
উপায়ুক্ত কাৰ্যালয় চৌহদৰ এই দৃশ্যই কাৰ্যালয়লৈ অহা বহু লোকৰে দৃষ্টি আকৰ্ষণ কৰে। বহুতৰে মনত প্ৰথমে প্ৰশ্নৰ সৃষ্টি হয় যে হঠাতে উপায়ুক্ত কাৰ্যালয়ত সৃষ্টি হোৱা এই পৰিৱেশৰ আৰৰ কাৰণ কি! দৰাচলতে আগন্তুক বিধানসভা নিৰ্বাচনৰ সৈতে বিশেষ সম্পৰ্ক আছে এই বিহু নাচৰ। নিৰ্বাচনত ভোটদানৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে যোৰহাটৰ নিৰ্বাচন বিভাগ তথা জিলা প্ৰশাসনে সোমবাৰে হাতত লয় এই পদক্ষেপ। কাৰণ ২৫ জানুৱাৰী দিনটো ৰাষ্ট্ৰীয় ভোটাৰ দিৱস ৰূপে দেশজুৰি পালন কৰা হয়।
"আজি যোৰহাটৰ কেইবাটাও স্থানত এনেদৰে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন কৰা হৈছে। জনসাধাৰণৰ মাজত ভোটদানৰ প্ৰতি সজাগতা বৃদ্ধিৰ উদ্দেশ্যে এনেদৰে এই দিৱসৰ সৈতে সংগতি ৰাখি আমি গীত-নৃত্যৰ ব্যৱস্থা কৰিছো। আমাৰ আশা নিৰ্বাচনত এশ শতাংশ ভোটদান হোৱাটো।", যোৰহাটৰ উপায়ুক্ত ৰশ্নি অপৰাঞ্জি কৰাটিয়ে এনেদৰে কয়।
এইবাৰ বিধানসভা নিৰ্বাচনত বহুসংখ্যক নতুন ভোটাৰে ভোটদান কৰিব পাৰিব। এই নতুন ভোটাৰসকলক আকৰ্ষণ কৰিবলৈ এনেদৰে বহুখিনি পদক্ষেপ গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ দিনটোত যোৰহাটৰ পাঁচ ঠাইত এনেদৰে নৃত্য-গীতৰ মাধ্যমেৰে ভোটদানৰ প্ৰতি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। আনহাতে, ভোটাৰ দিৱসৰ দিনটোতে মুকলি কৰা হৈছে ইলেক্ট’ৰেল ফটো আইডেনটিটি কাৰ্ড চমুকৈ EPICৰ ডাউনলড প্ৰক্ৰিয়া। নতুন ভোটাৰসকলে তেওঁলোকৰ ফোন নাম্বাৰটো দিলে তাত এটা লিংক লাভ কৰিব আৰু তাৰ পৰাই ভোটাৰ কাৰ্ডখন ডাউনলড কৰি প্ৰিণ্ট কৰি ল’ব পাৰিব বুলি জানিবলৈ দিছে যোৰহাটৰ নিৰ্বাচনী বিষয়া দিনচেংফা বৰুৱাই।
এনেদৰেই ভাৰতৰ নিৰ্বাচন আয়োগে বিভিন্ন মাধ্যমেৰে জনসাধাৰণক ভোটদানৰ প্ৰতি আগ্ৰহী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যাতে আগন্তুক নিৰ্বাচনত সৰ্বাধিক সংখ্যক লোকে ভোটদান কৰে।