
ঘটনাস্থলীত উপস্থিত হৈ পিষ্টল লৈ ধন দাবী কৰা যুৱক দুজনৰ এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যদিও আনজন দুৰ্বৃত্ত পলাবলৈ সক্ষম হয়
ঘটনাস্থলীত উপস্থিত হৈ পিষ্টল লৈ ধন দাবী কৰা যুৱক দুজনৰ এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যদিও আনজন দুৰ্বৃত্ত পলাবলৈ সক্ষম হয়
শনিবাৰে নিশা যোৰহাট নগৰৰ মাজমজিয়াত এক গুলীচালনাৰ ঘটনা সংঘটিত হয়। এবছৰ পূৰ্বে ৰাজ্য জোকাৰি যোৱা অনিমেষ কাণ্ড সংঘটিত হোৱা চহৰখনৰ এ টি ৰোডৰ ট্ৰাক ষ্টেণ্ডৰ এন আৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ এজন কৰ্মচাৰীক এজন যুৱকে গুলীচালনা কৰে। প্ৰাপ্ত তথ্য অনুসৰি দুজন যুৱকে পিষ্টল লৈ ধন দাবী কৰিছিল। ইতিমধ্যে দুৰ্বৃত্তৰ গুলীত এজন লোক আহত হৈছিল। যোৰহাটৰ মাৰেৱাৰী পট্টিত সংঘটিত হোৱা এই ঘটনাত আহত লোকজনক ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত নিয়া হয়।
জানিব পৰা মতে, আহত লোকজন এন আৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ এজন কৰ্মচাৰী। ঘটনাস্থলীত উপস্থিত হৈ পিষ্টল লৈ ধন দাবী কৰা যুৱক দুজনৰ এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যদিও আনজন দুৰ্বৃত্ত পলাবলৈ সক্ষম হয়। আটক ডকাইতটোৰ নাম প্ৰাঞ্জল বৰা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ধৃত ডকাইতটোৰ পৰা পিষ্টল আৰু ডেগাৰ জব্দ কৰে। পলাতক আনটো ডকাইতৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। লগতে গুলীচালনাত ব্যৱহৃত পিষ্টলো উদ্ধাৰ কৰে। বৰ্তমান ঘটনাক কেন্দ্ৰ কৰি যোৰহাটত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। আৰক্ষী–প্ৰশাসনক কঠোৰ ভাষাৰে সমালোচনা কৰিছে সচেতন ৰাইজে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে, ক’ৰ পৰা ডকাইতৰ দলটোৱে পিষ্টল পালে আৰু সাধাৰণ জনতাৰ জীৱন কিমান সুৰক্ষিত?
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|