• Home
  • »
  • News
  • »
  • assam
  • »
  • কোভিড ভেকচিন প্ৰদানৰ ক্ষেত্ৰত যোৰহাট জিলাই গঢ়িলে ৰেকৰ্ড, গান্ধী জয়ন্তীৰ দিনটোতো কোভিড ভেকচিন প্ৰদানৰ বৃহৎ কাৰ্যসূচী

কোভিড ভেকচিন প্ৰদানৰ ক্ষেত্ৰত যোৰহাট জিলাই গঢ়িলে ৰেকৰ্ড, গান্ধী জয়ন্তীৰ দিনটোতো কোভিড ভেকচিন প্ৰদানৰ বৃহৎ কাৰ্যসূচী

সমগ্ৰ জিলাখনৰ ১২৫টা কেন্দ্ৰত গান্ধী জয়ন্তীৰ দিনটোত  কভিশ্বিল্ড ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছে যোৰহাট জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে।

সমগ্ৰ জিলাখনৰ ১২৫টা কেন্দ্ৰত গান্ধী জয়ন্তীৰ দিনটোত  কভিশ্বিল্ড ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছে যোৰহাট জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে।

সমগ্ৰ জিলাখনৰ ১২৫টা কেন্দ্ৰত গান্ধী জয়ন্তীৰ দিনটোত  কভিশ্বিল্ড ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছে যোৰহাট জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে।

  • Share this:
২ অক্টোবৰৰ গান্ধী জয়ন্তীৰ দিনটোত যোৰহাটত কোভিড19 ভেকচিন প্ৰদানৰ এক বৃহৎ কাৰ্যসূচী হাতত লোৱা হৈছে। সমগ্ৰ জিলাখনৰ ১২৫টা কেন্দ্ৰত গান্ধী জয়ন্তীৰ দিনটোত  কভিশ্বিল্ড ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছে যোৰহাট জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে।

ভেকচিন প্ৰদানৰ ক্ষেত্ৰত যোৰহাট জিলাই ইতিমধ্যে বিশেষ কৃতিত্ব অৰ্জন কৰিছে। ১৮ বছৰৰ উৰ্ধ্বৰ ভেকচিন প্ৰদান কৰিব লগীয়া লোকসকলৰ লক্ষ্য যোৱা ৮ ছেপ্টেম্বৰতে অতিক্ৰম কৰিলে যোৰহাট জিলাই। যোৰহাটত ভেকচিন প্ৰদানৰ বাবে চৰকাৰে বান্ধি দিয়া লক্ষ্য আছিল 6,20,461জন । যোৱা ৮ চেপ্টেম্বৰত এই লক্ষ্য অতিক্ৰম কৰি 6,25,556 গৰাকী লোকক ভেকচিনৰ প্ৰথম পালি প্ৰদান কৰা হয়। অৰ্থাৎ যোৰহাট জিলাত লোকপিয়লৰ তথ্যৰ ভিত্তিত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ১৮ বছৰ উৰ্ধ্বৰ ১০০ শতাংশ লোকেই ভেকচিনৰ প্ৰথম পালি গ্ৰহণ কৰিছে ।

সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো  2 অক্টোবৰৰ দিনটোত জিলা প্ৰশাসনে মহামানৱ মহাত্মা গান্ধীৰ জন্মদিন তথা গান্ধী জয়ন্তী উদযাপন কৰিছে ৷ গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি যোৰহাট জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে এক "মেগা প্ৰতিষেধক প্ৰদান অভিযান" কাৰ্যসূচী হাতত লৈছে ।

শনিবাৰে যোৰহাটত  মুঠ ১২৫ টা কেন্দ্ৰত প্ৰদান কৰা হ'ব ক'ভিশ্বিল্ডৰ প্ৰথম আৰু দ্বিতীয় পালি প্ৰতিষেধক ৷ যিসকল ১৮ বছৰ উৰ্ধ্বৰ ব্যক্তিয়ে ১০ জুলাই বা তাৰ আগতেই ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰিছিল তেওঁলোকক নিকটতম স্বাস্থ্য কেন্দ্ৰত বা অন্য  প্ৰতিষেধক কেন্দ্ৰত গৈ দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিবলৈ  জিলা প্ৰশাসনে আহ্বান জনাইছে।

আনহাতে যিসকল ব্যক্তিয়ে এতিয়ালৈকে এটা পালিও প্ৰতিষেধক গ্ৰহণ কৰা নাই তেওঁলোকেও এই মেগা অভিযানত অংশগ্ৰহণ কৰি প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে ৷ জিলাখনৰ স্বাস্থ্য কেন্দ্ৰসমূহটো সহজেই প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব ৷ প্ৰতিষেধক  কেন্দ্ৰসমূহৰ সবিশেষ জানিবলৈ ওচৰৰ আশা কৰ্মীসকলৰ লগতো জনসাধাৰণে যোগযোগ কৰিব পাৰিব বুলি জিলা প্ৰশাসনৰ সূত্ৰত প্ৰকাশ কৰিছে।
Published by:Himangshu Bhuyan
First published: