• Home
  • »
  • News
  • »
  • assam
  • »
  • সম্পূৰ্ণ লকডাউন হ’ব নেকি যোৰহাটত! জিলাখনত উদ্বেগজনক কোভিড পৰিস্থিতি

সম্পূৰ্ণ লকডাউন হ’ব নেকি যোৰহাটত! জিলাখনত উদ্বেগজনক কোভিড পৰিস্থিতি

যোৰহাট জিলাৰ শেহতীয়া তথ্য অনুসৰি, বিগত সপ্তাহটোত সংক্ৰমণৰ হাৰ বৃদ্ধি পাই আহিছে।

যোৰহাট জিলাৰ শেহতীয়া তথ্য অনুসৰি, বিগত সপ্তাহটোত সংক্ৰমণৰ হাৰ বৃদ্ধি পাই আহিছে।

যোৰহাট জিলাৰ শেহতীয়া তথ্য অনুসৰি, বিগত সপ্তাহটোত সংক্ৰমণৰ হাৰ বৃদ্ধি পাই আহিছে।

  • Share this:
যোৰহাট জিলাৰ শেহতীয়া কোভিড পৰিস্থিতি উদ্বেগজনক হৈ আছে। সেয়েহে সমগ্ৰ জিলাখনতে কোভিডৰ সংক্ৰমণ হ্ৰাস কৰিবলৈ সম্পূৰ্ণ লকডাউন ঘোষণা কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। কিন্তু যোৰহাটৰ কিছুমান অঞ্চলতহে সংক্ৰমণৰ হাৰ অত্যধিক বৃদ্ধি পোৱাত সামগ্ৰিকভাৱে জিলাখনৰ সংক্ৰমণৰ হাৰৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিছে। গতিকে সংক্ৰমণ ৰোধ কৰাৰ বাবে কেৱল এনে অঞ্চলসমূহক কণ্টেইনমেণ্ট জ’নৰূপে ঘোষণা কৰাৰ সম্ভাৱনাও আছে। ইয়াৰ বাবে শেষ সিদ্ধান্ত নিৰ্ভৰ কৰিব চৰকাৰৰ শীৰ্ষ নেতৃত্বৰ ওপৰত।

যোৰহাট জিলাৰ শেহতীয়া তথ্য অনুসৰি, বিগত সপ্তাহটোত সংক্ৰমণৰ হাৰ বৃদ্ধি পাই আহিছে। জুলাই মাহৰ প্ৰথম পাঁচ দিনত যোৰহাটত সংক্ৰমণৰ হাৰ ৪%ৰ পৰা ৬.২৬%ৰ ভিতৰত আছে। ৫ জুলাইৰ দিনটোত যোৰহাটত সংক্ৰমণৰ হাৰ আছিল ৫.৭৮%। কিন্তু বিগত কেইদিনত টীয়কৰ ভগামুখ অঞ্চল আৰু তিতাবৰৰ চুঙী , টাইৰুণ চাহ বাগিচা আদি ঠাইত কোভিডৰ সংক্ৰমণ বহু পৰিমাণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

আনহাতে গ্ৰামাঞ্চলৰ বহু ঠাইত কোভিড বিধিসমূহ মানি চলাটো দূৰৰে কথা কোভিড আক্ৰান্ত লোকৰ ঘৰলৈ বেমাৰৰ খবৰ ল’বলৈ যোৱা, বিয়া-সকাম আদি অনুষ্ঠিত কৰা ঘটনাসমূহে সংক্ৰমণ বৃদ্ধিত বহু অৰিহণা যোগাইছে। সেয়েহে এইসকল লোকৰ কাণ্ডজ্ঞানহীনতাৰ প্ৰভাৱ সমগ্ৰ জিলাখনতে পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

কোভিড পৰিস্থিতিক লৈ যোৰহাটৰ জিলা প্ৰশাসন উদ্বিগ্ন হৈ থকাৰ সময়তে মৰিয়নীৰ ভূতপূৰ্ব বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ উদ্যোগত মৰিয়নীত বহু সংখ্যক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান কৰাৰ বাবে অনুষ্ঠিত সমাৰোহে যোৰহাটৰ ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। জনপ্ৰতিনিধিৰ এনে আচৰণৰ বাবেই যোৰহাটত কোভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গৈ অস্বস্তিত পৰিব লগা হৈছে সংশ্লিষ্ট কৰ্তৃপক্ষ।

যোৰহাটত ভেকচিনেচন প্ৰক্ৰিয়া সুচাৰুৰূপে চলি আছিল যদিও ভেকচিনৰ অভাৱৰ বাবে এই কাৰ্যসূচীত কিছু যতি পৰিছে। জুলাইৰ প্ৰথম সপ্তাহপৰ্যন্ত যোৰহাটত ২ লাখ ৫৫ হাজাৰতকৈ অধিক লোকে ভেকচিন লৈছে। ইয়াৰে দুটা ভেকচিন লোৱা লোকৰ সংখ্যা প্ৰায় ৪৮ হাজাৰ। বৰ্তমান যোৰহাটৰ অধিকাংশ লোক উদ্বিগ্নতাৰে বাট চাই আছে চৰকাৰে ঘোষণা কৰিব লগা এচঅ'পিখনলৈ।
Published by:Sanjay Kumar Das
First published: