যোৰহাটত সমুখ সমৰত দুই গোস্বামী! এইবাৰ কাৰ দখললৈ সন্মানীয় যোৰহাট সমষ্টি? আত্মবিশ্বাসী হিতেন্দ্ৰনাথ গোস্বামী

শেহতীয়াকৈ জমি উঠিছে যোৰহাট বিধানসভা সমষ্টিৰ নিৰ্বাচনী যুঁজখন।
শেহতীয়াকৈ জমি উঠিছে যোৰহাট বিধানসভা সমষ্টিৰ নিৰ্বাচনী যুঁজখন।
- News18 Assam
- Last Updated: February 25, 2021, 4:45 PM IST
কিন্তু শেহতীয়াকৈ জমি উঠিছে যোৰহাট বিধানসভা সমষ্টিৰ নিৰ্বাচনী যুঁজখন। এইবাৰ যোৰহাটত নিৰ্বাচনত মূল প্ৰতিদ্বন্দিতা হ'ব দুই গোস্বামীৰ মাজত। প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাণা গোস্বামীৰ মতে, 'যোৰহাটত বিজেপিৰ শাসনকালত অতিষ্ঠ হৈ বৰ্তমান কংগ্ৰেছেই নহয় জনসাধাৰণো আগ্ৰহেৰে অপেক্ষা কৰি আছে নিৰ্বাচনলৈ, যাতে বিজেপিক উৎখাত কৰিব পাৰে।' ৰাণা গোস্বামীয়ে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীক আখ্যা দিছে 'নট ৰিছেবল' বিধায়ক হিচাপে। কাৰণ বিধায়কগৰাকীৰ হেনো জনসাধাৰণৰ সৈতে সম্পৰ্ক কম আৰু যোৰহাটত আপদ-বিপদৰ সময়ত তেওঁক ৰাইজে কাষত নাপায়।
কিন্তু বিধায়ক হিতেন্দ্ৰ গোস্বামীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, তেওঁ আনৰ বিষয়ে বেয়া মন্তব্য কৰিবলৈ ভাল নাপায়। আনহাতে ৰাইজৰ সৈতে বিধায়ক হিচাপে তেওঁৰ সম্পৰ্ক অটুট থকা বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে কয় যে, অৱশ্যে তেওঁ বিধান সভাৰ অধ্যক্ষ হিচাবে ব্যস্ত থাকিব লগা হোৱা বাবে তোলনি বিয়া , সকাম , জন্মদিন আদি খাবলৈ যাবলৈ সময় নাপায় । হিতেন্দ্ৰ নাথ গোস্বামীয়ে আনকি ৰাণা গোস্বামীক তেওঁক ৰাইজে যোৱাবাৰ প্ৰত্যাখান কৰা কাৰণসমূহ পুনৰ এবাৰ বিবেচনা কৰি চাবলৈ আহ্বান জনায়।
" পঞ্চায়তৰ পথসমূহৰ পকীকৰণ কংগ্ৰেছৰ দিনত হৈছিল । যোৰহাটত মেডিকেল কলেজ , প্লেনেটৰীয়াম , এন আই ডি , হোটেল মেনেজমেণ্ট ইনষ্টিটিউট , মহিলা বিশ্ববিদ্যালয়কে ধৰি বহু উন্নয়নমূলক কাম আমাৰ কাৰ্যকালত হৈছে । সমষ্টিটোৰ সৰুসুৰা পথসমূহৰ নিৰ্মাণৰ আধাৰশিলা কৰাটোৱে উন্নয়ন নুবুজায় ।", যোৰহাটৰ ভূতপূৰ্ব কংগ্ৰেছী বিধায়ক ৰাণা গোস্বামীয়ে এনেদৰে কয় ।
ৰাণা গোস্বামীৰ সমালোচনাৰ বিপৰীতে বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে পুনৰ কয় যে, বিগত চাৰে চাৰি বছৰত যোৰহাট সমষ্টিয়ে বিভিন্ন উন্নয়নমূলক কামৰ বাবে প্ৰায় এহেজাৰ কোটি টকা লাভ কৰিছে। ইয়াৰে বহুখিনি কাম হৈছে আৰু কোভিড19 পৰিস্থিতিৰ বাবে বহু কাম পিচপৰি ৰ'ল। যোৰহাটত হোৱা উন্নয়নমূলক কামসমূহৰ খতিয়ান স্বচ্ছ আৰু সেয়া সংশ্লিষ্ট বিভাগসমূহৰ পৰা সংগ্ৰহ কৰিবলৈ আহ্বান জনাইছে বিধায়কগৰাকীয়ে ।
বৰ্তমান এনেদৰেই যোৰহাটত সাজু হৈছে নিৰ্বাচনত মূল প্ৰতিদ্বন্দিতা হ'ব লগা দুই দল কxগ্ৰেছ আৰু বিজেপি। কিন্তু যোৰহাট সমষ্টিত বিগত সময়ত গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক কামৰ বাবে ৰাইজৰ মাজত বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে আস্থা অৰ্জন কৰিবলৈ সক্ষম হোৱাটো পৰিলক্ষিত হৈছে ।