உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ১৮-৪৫ বছৰ বয়সৰ লোকে যোৰহাটৰ ক'ত কেনেদৰে ল'ব পাৰিব কোৰোণা ভেকছিন?

    ১৮-৪৫ বছৰ বয়সৰ লোকে যোৰহাটৰ ক'ত কেনেদৰে ল'ব পাৰিব কোৰোণা ভেকছিন?

    যোৰহাট নগৰৰ জে বি কলেজ , ডি চি বি গাৰ্লচ কলেজ , চি কে বি কমাৰ্চ কলেজ , যোৰহাট মহাবিদ্যালয় আৰু বাহনা মহাবিদ্যালয়ত স্থাপন কৰা অস্থায়ী ভেকছিন কেন্দ্ৰত শুকুৰবাৰৰ পৰা ভেকছিন প্ৰদান কৰা হৈছে।

    • Share this:
    যোৰহাটত ৭ মে'ৰ পৰা আৰম্ভ কৰা হৈছে ১৮ বছৰৰ পৰা ৪৫ বছৰ বয়সৰ লোকসকলৰ ভেকছিন প্ৰদান অভিযান। যোৰহাট নগৰৰ ৫ খন মহাবিদ্যালয়ত অস্থায়ী ভেকছিন কেন্দ্ৰ স্থাপন কৰি প্ৰতিটো কেন্দ্ৰত দৈনিক ডেৰশগৰাকী লোকক ভেকছিন প্ৰদান কৰা হৈছে ।

    যোৰহাট নগৰৰ জে বি কলেজ , ডি চি বি গাৰ্লচ কলেজ , চি কে বি কমাৰ্চ কলেজ , যোৰহাট মহাবিদ্যালয় আৰু বাহনা মহাবিদ্যালয়ত স্থাপন কৰা অস্থায়ী ভেকছিন কেন্দ্ৰত শুকুৰবাৰৰ পৰা ভেকছিন প্ৰদান কৰা হৈছে।

    ইয়াৰ বাবে ইতিপূৰ্বে CoWin পৰ্টেলত নাম পঞ্জীয়ন কৰা লোকসকলে যোৰহাটৰ এই কেন্দ্ৰসমূহত ভেকছিন ল'বৰ বাবে এই পৰ্টেলত নিৰ্দিষ্ট দিন আৰু সময়ৰ বাবে নিজৰ আসন সংৰক্ষণ কৰি ভেকছিন ল'ব পাৰিব। ইয়াৰ বাবে এই পৰ্টেলত যোৰহাটৰ ভেকছিন কেন্দ্ৰসমূহত অনলাইনৰ জৰিয়তে  নিজৰ নাম অন্তৰ্ভুক্ত কৰিব লাগিব।

    একোটা কেন্দ্ৰত দৈনিক ১৫০ গৰাকী লোকক ভেকছিন দিয়া হৈছে । বৰ্তমান ইয়াৰ বাবে যোৰহাটলৈ ৮ হাজাৰ ভেকছিন আহিছে। প্ৰথম অৱস্থাত ৭ আৰু ৮ মে'ত যোৰহাটৰ পাঁচটা কেন্দ্ৰত এই টিকাকৰণ কাৰ্যসূচী আৰম্ভ কৰা হৈছে।

    আনহাতে ৪৫ বছৰ উৰ্ধ্বৰ লোকসকলৰ টিকাকৰণ পূৰ্বৰ দৰেই চলি আছে । যোৰহাট নগৰ অঞ্চলৰ লগতে তিতাবৰ, মৰিয়নী আৰু টীয়কতো ১৮-৪৫ বছৰ বয়সৰ লোকসকলৰ বাবে ভেকছিন কেন্দ্ৰ স্থাপন কৰি টিকাকৰণৰ ব্যৱস্থা কৰা হ'ব বুলি জানিবলৈ দিছে যোৰহাটৰ জিলা প্ৰতিষেধক বিষয়া ডা: মঞ্জুলা হাজৰিকাই।

    উল্লেখ্য , ৭ মে' পৰ্যন্ত যোৰহাট জিলাত মুঠ ১,১৪,৬২৮ গৰাকী লোকক ভেকছিন দিয়া হৈছে। ইয়াৰে ৮৯,৮৯১ গৰাকী লোকে প্ৰথম পালি ভেকছিন লোৱাৰ বিপৰীতে ২৪,৭৩৭ গৰাকী লোকে দুয়োপালি ভেকছিন লৈছে।
    Published by:Himangshu Bhuyan
    First published: