ভেকচিন লোৱাৰ পিছত কি হ'ল যোৰহাটৰ প্ৰথমগৰাকী ব্যক্তিৰ? হ'ব পাৰে নেকি পাৰ্শ্বক্ৰিয়া?

News18 Assam | News18-Assam
Updated:January 16, 2021, 12:46 PM IST
ভেকচিন লোৱাৰ পিছত কি হ'ল যোৰহাটৰ প্ৰথমগৰাকী ব্যক্তিৰ? হ'ব পাৰে নেকি পাৰ্শ্বক্ৰিয়া?
সমগ্ৰ দেশৰ লগতে যোৰহাট জিলাটো শনিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে ক'ভিড19ৰ ভেকচিন কভিশ্বিল্ড প্ৰদান প্ৰক্ৰিয়া।

সমগ্ৰ দেশৰ লগতে যোৰহাট জিলাটো শনিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে ক'ভিড19ৰ ভেকচিন কভিশ্বিল্ড প্ৰদান প্ৰক্ৰিয়া।

  • Share this:
সমগ্ৰ দেশৰ লগতে যোৰহাট জিলাটো শনিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে ক'ভিড19ৰ ভেকচিন কভিশ্বিল্ড প্ৰদান প্ৰক্ৰিয়া। প্ৰথম পৰ্যায়ত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত  মুঠ ২১৫৯ গৰাকী চিকিৎসক আৰু স্বাস্থ্যকৰ্মীক ভেকচিন প্ৰদান কৰা হ'ব।

এটা কেন্দ্ৰত দৈনিক এশগৰাকী লোকক সপ্তাহত চাৰিদিনকৈ এই ভেকচিন প্ৰদান কৰা হ'ব। জেএমচিএইছত ভেকচিন লোৱা প্ৰথমগৰাকী চিকিৎসক হ'ল যোৰহাটৰ জ্যেষ্ঠ চিকিৎসক ডা: দিপক শৰ্মা। ডাঃ শৰ্মাৰ লগতে ডাঃ মহেন বৰুৱা , ডাঃ মিনাক্ষী ঠাকুৰ, ডা:  বনমালা বেজবৰুৱা , ডাঃ কাৰ্তিক বৰুৱা , ডাঃ দেবজিত শৰ্মা , ডাঃ মৃত্যুঞ্জয় পাও , ডা: সঞ্জীৱ বৰগোঁহাই , ডাঃ গৌতম নাৰায়ণ বৰুৱাকে ধৰি যোৰহাটৰ মুঠ দহগৰাকী জ্যেষ্ঠ চিকিৎসকক প্ৰথম দিনটোত জেএমচিএইছত ভেকচিন প্ৰদান কৰা হয়।

ইয়াৰ লগতে একাংশ নাৰ্চ আৰু অন্যান্য স্বাস্থ্য কৰ্মীকো ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছে যোৰহাটৰ স্বাস্থ্য বিভাগে। যোৰহাটত ভেকচিন লোৱা প্ৰথমগৰাকী ব্যক্তি ডাঃ দিপক শৰ্মাই নিউজ18ক কয় যে, আজি এই ভেকচিন ল'বলৈ প্ৰথমজন ব্যক্তি হিচাপে তেওঁক আমন্ত্ৰণ জনোৱাত অতিকৈ উৎসাহীত হৈ পৰিছে। এই ভেকচিন অতিকৈ সুৰক্ষিত বুলি উল্লেখ কৰি ডাঃ শৰ্মাই কয় যে, বিশ্বৰ বহু লাখ লোকে ইতিমধ্যে এই ভেকচিন লৈছে। আৰু কাৰোৰে ক্ষেত্ৰত বিৰূপ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা নাই ।

এই ক্ষেত্ৰত উৰাবাতৰি বিয়পোৱা লোকসকলৰ এনে কাণ্ডসমূহক অপৰাধ ৰূপে গণ্য কৰি তেনে লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি কয় ডা: শৰ্মাই । আনহাতে প্ৰথমবাৰৰ বাবে এই ভেকচিন লবলৈ আহি কিছু শংকাবোধ কৰিছে বুলি জানিবলৈ দিয়ে একাংশ নাৰ্ছে ।

যোৰহাটৰ জেএমচিএইছত দুপৰীয়া পৰ্যন্ত বহুকেইগৰাকী ব্যক্তিৰ ভেকচিন প্ৰদান প্ৰক্ৰিয়া সুকলমে হৈ যায়। আনহাতে যোৰহাটৰ স্বাস্থ্যবিভাগ এই ভেকচিন প্ৰদানৰ পিছত হ'ব পৰা পাৰ্শ্বক্ৰিয়াৰ ( Adverse Event Following Immunization ) বাবেও সম্পূৰ্ণ ৰূপে সাজু হৈ আছে।
Published by: Himangshu Bhuyan
First published: January 16, 2021, 12:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি