কৰ্কট ৰোগত আক্ৰান্ত কণমানি সন্তানৰ চিকিত্‍সাৰ বাবে মুম্বাইলৈ গৈছিল যোৰহাটৰ কোৰোণাত আক্ৰান্ত হোৱা মহিলা

News18 Assam | News18-Assam
Updated:May 10, 2020, 3:37 PM IST
কৰ্কট ৰোগত আক্ৰান্ত কণমানি সন্তানৰ চিকিত্‍সাৰ বাবে মুম্বাইলৈ গৈছিল যোৰহাটৰ কোৰোণাত আক্ৰান্ত হোৱা মহিলা
কৰ্কট ৰোগত আক্ৰান্ত কণমানিটোৰ দেহত সৌভাগ্যক্ৰমে ধৰা নপৰিল কোৰোণা ভাইৰাছ

কৰ্কট ৰোগত আক্ৰান্ত কণমানিটোৰ দেহত সৌভাগ্যক্ৰমে ধৰা নপৰিল কোৰোণা ভাইৰাছ

  • Share this:
অৱশেষত প্ৰত্যাশিত ভাৱেই গ্ৰীণ জন যোৰহাটত ধৰা পৰিল কোৰোণা ভাইৰাছত আক্ৰান্ত লোক। উজনি অসমৰ ছখন জিলালৈ বহি:ৰাজ্যৰ পৰা অহা লোকসকলৰ স্বাস্থ্য পৰীক্ষাৰ বাবে যোৰহাটত স্থাপন কৰা হৈছে জনেল স্ক্ৰীনিঙ চেন্টাৰ । চিকিৎসাৰ বাবে মহাৰাষ্ট্ৰলৈ গৈ যোৰহাটলৈ উভতি অহা দুগৰাকী মহিলাৰ শৰীৰত শনিবাৰে নিশা ধৰা পৰে কোৰোণা ভাইৰাছ।

মহিলাদুগৰাকী অহা এম্বুলেঞ্চখনৰ চালকজনৰ দেহতো ধৰা পৰে কোৰোণা ভাইৰাছ। তেজৰ কৰ্কট ৰোগত আক্ৰান্ত কণমানি সন্তানৰ চিকিৎসাৰ বাবে মুম্বাইলৈ যোৱা একেটা পৰিয়ালৰ দুগৰাকী মহিলাৰ ঘৰ যোৰহাটৰ উজনি চৰাইমৰিয়া আৰু চাৰিঙিয়াত।

সন্তানৰ চিকিত্‍সাৰ বাবে মুম্বাইলৈ যোৱা মহিলা দুগৰাকী ল’ক ডাউনৰ ফলত আবদ্ধ হৈ পৰিছিল মুম্বাইত। অৱশেষত যাৱতীয় অনুমতি লাভ কৰাৰ পিছত চালক সহ মুঠ পাঁচজন লোকে অসমলৈ উভতি আহিছিল MH 47 Y 7000 নম্বৰৰ এখন এম্বুলেঞ্চত । মহাৰাষ্ট্ৰৰ পৰা অহা এই পৰিয়ালটোৰ চাৰিজনীয়া দলটোৰ কণমানি শিশুটি আৰু আন এজন যুৱকৰ শৰীৰত সৌভাগ্য ক্ৰমে পোৱা নগ’ল কোৰোণা ভাইৰাছৰ অৱস্থিতি। ইতিমধ্যে কোৰোণা ধৰা এম্বুলেঞ্চৰ চালকজন মুম্বাইলৈ উভতি গৈছে ।

আনহাতে বহি:ৰাজ্যৰ পৰা অসমলৈ উভতি অহা লোকৰ শৰীৰত ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ খবৰ প্ৰচাৰ হোৱাৰ একাংশই ছচিয়েল মিডিয়াত বিৰূপ মন্তব্য প্ৰকাশ কৰিছে মহিলাদুগৰাকীৰ বিৰুদ্ধে। ফলত যোৰহাটৰ উপায়ুক্তগৰাকীয়ে সকলোকে বহি:ৰাজ্যৰ পৰা বহু কষ্টৰ মাজেৰে অসমৰ নিজ ঘৰখনলৈ আহিব লগা এই লোকসকলৰ পৰিস্থিতিৰ কথাও উপলব্ধি কৰিবলৈ ৰাইজক আহ্বান জনাইছে ।

কৰ্কট ৰোগত আক্ৰান্ত কণমানিটোৰ দেহত সৌভাগ্যক্ৰমে ধৰা নপৰিল কোৰোণা ভাইৰাছ

-বৰ্তমান বিশেষ যতনত JMCHত ৰখা হৈছে শিশুটিৰ সৈতে বাকীসকলকো। মহিলা দুগৰাকীৰ অৱস্থা সুস্থিৰ আৰু শৰীৰত COVID19 ৰ কোনো লক্ষণ নাই। " যোৰহাটৰ উপায়ুক্ত ৰশ্নী অপৰাঞ্জি কৰাতিয়ে নিউজ18ক কয় এনেদৰে।

উপায়ুক্তগৰাকীয়ে আৰু জানিবলৈ দিয়ে যে, ‘বহি: ৰাজ্যৰ পৰা এম্বুলেঞ্চ যোগে যোৰহাটলৈ অহা লোকসকলক পোনে পোনে লৈ যোৱা হৈছে JMCH লৈ । আনহাতে এম্বুলেঞ্চখন প্ৰথমে মহিলাকেইগৰাকীৰ বাসগৃহলৈ যোৱা বুলি ওলোৱা খবৰ মিছা বুলি স্পষ্ট কৰি দিছে যোৰহাটৰ উপায়ুক্তই।

দেওবাৰৰ পুৱা পৰ্যন্ত বহি:ৰাজ্যৰ পৰা যোৰহাটলৈ আহিছে ১৯০ গৰাকী লোক । সকলোৰে স্বাস্থ্য পৰীক্ষা কৰা হৈছে। কিন্তু বহুতৰে ফলাফল আহিবলৈ এতিয়াও বাকী। যোৰহাটৰ JMCHৰ পৰীক্ষাগাৰত বহি:ৰাজ্যৰ পৰা অহা এনে আৰু বহু লোকৰ COVID19 ৰ ফলাফল যোগাত্মক হোৱাৰ সম্ভাৱনা আছে । কিন্তু ইয়াকে লৈ যোৰবাসী ৰাইজক আতংকিত নহ’বলৈ আহ্বান জনাইছে যোৰহাটৰ উপায়ুক্তই।

আনহাতে বহি:ৰাজ্যৰ পৰা অহা যোৰহাটৰ দুগৰাকী মহিলাৰ শৰীৰত কোৰোণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছত সমগ্ৰ উজনি অসমৰ লোকসকলৰ মাজত আতংকইবিৰাজ কৰিছে। কাৰণ বহিঃৰাজ্যৰ পৰা উজনি অসমলৈ ঘূৰি অহা লোকক যোৰহাটত কৰা হৈছে স্বাস্থ্য পৰীক্ষা।

যোৰহাটৰ উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়া মতে, বহি:ৰাজ্যৰ পৰা গুৰুত্ব অনুসৰিহে অসমলৈ আহিবলৈ অনুমতি প্ৰদান কৰা হৈছে। এদিনতে বহু সংখ্যক লোক অহাৰ কোনো সম্ভাৱনা নাই । আনহাতে সমগ্ৰ পৰিস্থিতিৰ বুজ লবলৈ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা যোৰহাটলৈ আহিব সোমবাৰে ।
First published: May 10, 2020, 3:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি