• Home
  • »
  • News
  • »
  • assam
  • »
  • কোভিড পৰিস্থিতিত বন্ধ হৈ আছে কলেজৰ লেব’ৰেটৰী, ভাৰ্ছুৱেল লেব’ৰেটৰীৰ জৰিয়তে প্ৰেক্টিকেল ক্লাছ কৰাই আহিছে যোৰহাটৰ এখন মহাবিদ্যালয়ে

কোভিড পৰিস্থিতিত বন্ধ হৈ আছে কলেজৰ লেব’ৰেটৰী, ভাৰ্ছুৱেল লেব’ৰেটৰীৰ জৰিয়তে প্ৰেক্টিকেল ক্লাছ কৰাই আহিছে যোৰহাটৰ এখন মহাবিদ্যালয়ে

মহাবিদ্যালয়খনত অধ্যক্ষগৰাকীৰ তৎপৰতাত প্ৰেক্টিকেল ক্লাছসমূহ কৰা হৈছে ভাৰ্ছুৱেল লেব’ৰেটৰীৰ জৰিয়তে।

মহাবিদ্যালয়খনত অধ্যক্ষগৰাকীৰ তৎপৰতাত প্ৰেক্টিকেল ক্লাছসমূহ কৰা হৈছে ভাৰ্ছুৱেল লেব’ৰেটৰীৰ জৰিয়তে।

মহাবিদ্যালয়খনত অধ্যক্ষগৰাকীৰ তৎপৰতাত প্ৰেক্টিকেল ক্লাছসমূহ কৰা হৈছে ভাৰ্ছুৱেল লেব’ৰেটৰীৰ জৰিয়তে।

  • Share this:
কোভিড–১৯ পৰিস্থিতিৰ বাবে অসমত শিক্ষানুষ্ঠানসমূহত দীৰ্ঘদিন ধৰি পাঠদান বন্ধ হৈ আছে। অনলাইন পাঠদানসমূহ হৈ আছে যদিও প্ৰেক্টিকেল ক্লাছসমূহ বন্ধ হৈ আছে। কিন্তু যোৰহাটৰ এখন মহাবিদ্যালয়ত ভাৰ্ছুৱেল লেবৰ জৰিয়তে কৰা হৈছে প্ৰেক্টিকেল ক্লাছসমূহ। ইয়াৰ দ্বাৰা উপকৃত হৈছে বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীসকল। অসমৰ অন্যান্য শিক্ষানুষ্ঠানসমূহৰ বাবেও উদাহৰণ দাঙি ধৰিছে এই মহাবিদ্যালয়খনে।

কোভিড–১৯ পৰিস্থিতিৰ বাবে অসমত ২০২০ চনৰ পৰাই দীৰ্ঘদিন ধৰি শিক্ষানুষ্ঠানসমূহত পাঠদান বন্ধ হৈ আছে। অনলাইন পাঠদান চলি আছে যদিও মহাবিদ্যালয়সমূহত বিজ্ঞান শাখাৰ প্ৰেক্টিকেল ক্লাছসমূহ বন্ধ হৈ থকাত ব্যাপক সমস্যাৰ সন্মুখীন হৈ আহিছে ছাত্ৰ-ছাত্ৰীসকল। কিন্তু এই সমস্যাৰ এক সুন্দৰ সমাধান দেখিবলৈ পোৱা গ’ল যোৰহাটৰ কেন্দুগুৰিস্থিত যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ত।

মহাবিদ্যালয়খনত অধ্যক্ষগৰাকীৰ তৎপৰতাত প্ৰেক্টিকেল ক্লাছসমূহ কৰা হৈছে ভাৰ্ছুৱেল লেব’ৰেটৰীৰ জৰিয়তে। ভাৰত চৰকাৰৰ মিনিষ্ট্ৰি অব এডুকেশ্যন আৰু মিনিষ্ট্ৰি অব ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজীৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এনে ধৰণৰ ভাৰ্ছুৱেল লেব’ৰেটৰী নিৰ্মাণ কৰি থোৱা আছে যিসমূহত অনলাইন ব্যৱস্থাৰে ব্যৱহাৰ কৰিব পাৰি। যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয় কৰ্তৃপক্ষই এনে ভাৰ্ছুৱেল লেব’ৰেটৰীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক প্ৰেক্টিকেল ক্লাছসমূহ কৰাই বহু পৰিমাণে উপকৃত হৈছে। ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান, জীৱ বিজ্ঞানৰ পাঠ্যক্ৰমৰ প্ৰেক্টিকেল ক্লাছসমূহ লেব’ৰেটৰীলৈ নহাকৈয়ে ছাত্ৰ-ছাত্ৰীসকলে ভাৰ্ছুৱেল লেব’ৰেটৰীৰ জৰিয়তে কৰিব পাৰিছে।

"ভাৰত চৰকাৰৰ শিক্ষা বিভাগ আৰু মিনিষ্ট্ৰি অব ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজীৰ দ্বাৰা বহু ভাৰ্ছুৱেল লেব’ৰেটৰী নিৰ্মাণ কৰি থোৱা আছে যিবোৰ অনলাইন ব্যৱস্থাৰে ব্যৱহাৰ কৰিব পাৰি। কেৱল ইয়াক ব্যৱহাৰ কৰাৰ পদ্ধতিটো আয়ত্ব কৰি ল’লেই হ’ল। আমাৰ কলেজত ছাত্ৰ-ছাত্ৰীসকলক এনে ভাৰ্ছুৱেল লেবৰ জৰিয়তে প্ৰেক্টিকেল ক্লাছসমূহ কৰোৱা হৈছে।", যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দুলেন শইকীয়াই এনেদৰে কয়।

মহাবিদ্যালয়খনে এই পদ্ধতিৰ প্ৰসাৰতাৰ বাবেও গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। ভাৰ্ছুৱেল লেব’ৰেটৰী ব্যৱহাৰ কৰি পাঠদান কৰাৰ কৌশল অন্যান্য শিক্ষানুষ্ঠানসমূহেও যাতে গ্ৰহণ কৰিব পাৰে তাৰ প্ৰশিক্ষণৰ বাবে ৰাজ্যৰ বহু শিক্ষানুষ্ঠানৰ সৈতে এক বিশেষ কৰ্মশালাও অনুষ্ঠিত কৰিছে যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ে। ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰেক্টিকেল ক্লাছসমূহৰ বাবে যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ে গ্ৰহণ কৰা এই পদক্ষেপৰ সকলোৱে শলাগ লৈছে। কোভিড–১৯ পৰিস্থিতিৰ দৰে সমস্যাৰ দিনবোৰত ভাৰ্ছুৱেল লেবৰ জৰিয়তে বাকী শিক্ষানুষ্ঠানসমূহেও প্ৰেক্টিকেল ক্লাছসমূহ অনুষ্ঠিত কৰিলে ছাত্ৰ-ছাত্ৰীসকল উপকৃত হোৱাটো নিশ্চিত।
Published by:Sanjay Kumar Das
First published: