গাঁৱে গাঁৱে কা’ৰ বিৰুদ্ধে জনমত গঠনৰ চেষ্টা, যোৰহাটত আছুৰ উদ্যোগত বৃহত্‍ বাইক ৰেলী

News18 Assam | News18-Assam
Updated:August 19, 2020, 7:40 PM IST
গাঁৱে গাঁৱে কা’ৰ বিৰুদ্ধে জনমত গঠনৰ চেষ্টা, যোৰহাটত আছুৰ উদ্যোগত বৃহত্‍ বাইক ৰেলী
কোভিড১৯ পৰিস্থিতিৰ বাবে সুপ্ত হৈ থকা কা' বিৰোধী আন্দোলনৰ জুইকুৰাই যেন পুনৰ জ্বলি উঠিছে।

কোভিড১৯ পৰিস্থিতিৰ বাবে সুপ্ত হৈ থকা কা' বিৰোধী আন্দোলনৰ জুইকুৰাই যেন পুনৰ জ্বলি উঠিছে।

  • Share this:
কোভিড১৯ পৰিস্থিতিৰ বাবে সুপ্ত হৈ থকা কা' বিৰোধী আন্দোলনৰ জুইকুৰাই যেন পুনৰ জ্বলি উঠিছে। বুধবাৰে যোৰহাটত আছুৰ উদ্যোগত পুনৰ ৰূপায়ণ কৰা হয় নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী। এইবাৰ আছুৱে বৃহৎ বাইক ৰেলীৰ জৰিয়তে আন্দোলন গ্ৰামাঞ্চললৈ বিয়পাই নিয়াৰ চেষ্টা কৰিছে।

Source Google


দীৰ্ঘ বিৰতিৰ অন্তত যোৰহাটত জুলাই মাহৰ পৰা পুনৰ আৰম্ভ হৈছিল কা' বিৰোধী প্ৰতিবাদ। কোভিড১৯ পৰিস্থিতিৰ বাবে দীৰ্ঘদিন ধৰি শান্ত হৈ থকা পৰিৱেশ পুনৰ যেন ধাৰাবাহিক ভাৱে উত্তাল হ’বলৈ ধৰিছে। যোৰহাট আঞ্চলিক ছাত্র সন্থাকে ধৰি যোৰহাট আছুৰ পাঁচখন আঞ্চলিকৰ উদ্যোগত তথা গণ অধিকাৰ সংগ্ৰাম সমিতি আৰু ৩০টা জনগোষ্ঠীয় সংগঠনৰ  সহযোগত বুধবাৰে যোৰহাটত কা'ৰ বিৰোধিতা কৰি এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। তিনিশতাধিক যুৱকে বাইক ৰেলীৰ জৰিয়তে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰাম্যাঞ্চললৈ লৈ যোৱাৰ চেষ্টা কৰে।

" চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা হাতত নোলোৱা পৰ্যন্ত আইনী যুজঁৰ সমান্তৰালকৈ আমাৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব। এই প্ৰতিবাদ আমি গ্ৰাম্যাঞ্চলৰ ৰাইজৰ মাজলৈ লৈ যাম। আমাৰ ধাৰাবাহিক প্ৰতিবাদ অব্যাহত থাকিব। ", যোৰহাট জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক বিজয় শংকৰ বৰদলৈয়ে এনেদৰে কয় ।

চৰকাৰে এই আইন অসমৰ ক্ষেত্ৰত বাতিল নকৰা পৰ্যন্ত আন্দোলন অব্যাহত থাকিব বুলি ঘোষণা কৰে আছুৱে। লগতে চৰকাৰে মৌনতা অৱলম্বন কৰি থাকিলে এই আন্দোলন সৰ্বস্তৰলৈ বিয়পি পৰিব বুলি কয় প্ৰতিবাদকাৰীসকলে।
Published by: Himangshu Bhuyan
First published: August 19, 2020, 7:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading